কিয় যুৱ প্ৰজন্মই যোগদান কৰে আলফাত? ক’লে হিমন্ত বিশ্বই…
আজি কলাক্ষেত্ৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া। এই অনুষ্ঠানত ভাষণ দি শৰ্মাই বিভিন্ন দিশৰ লগতে যুৱ প্ৰজন্ম আলফাৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণৰ কথাও উল্লেখ কৰে।
দেওবাৰে মহানগৰীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্য চৰকাৰে মুঠ ৫৬৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি ১৩টা বিভাগত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। আজি অনুষ্ঠিত হোৱা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। শৰ্মাই কয় যে, ১ লাখ নিযুক্তি প্ৰক্ৰিয়া সমাপন হোৱাৰ পাছত আমি ১ লাখ ৫০ হাজাৰ নিযুক্তি প্ৰক্ৰিয়ালৈ আগবাঢ়িছো। সুকলমে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত নিযুক্তি পত্ৰ দিব পাৰিছো বুলি শৰ্মাই কয়।
শৰ্মাই চৰকাৰী চাকৰিয়ালসকলক লক্ষ্য কৰি বিভিন্ন মন্তব্য কৰে। নিজৰ প্ৰাপ্য ধন লাভ কৰাৰ পাছতো কিয় অফিচৰ দুৱাৰে দুৱাৰে মানুহে ঘূৰিব লাগে বুলি তেওঁ প্ৰশ্ন কৰে। এনেবোৰ কাৰণতে বহু ল’ৰা-ছোৱালী বিদ্ৰোহী হৈ উঠে বুলি তেওঁ কয়। শৰ্মাই কয়, আমাৰ চৰকাৰী চাকৰিয়াল বহুতৰে ল’ৰা-ছোৱালীয়ে মেডিকেল, ইঞ্জিনিয়াৰিং কলেজত পঢ়ে। যাৰ বাবে তেওঁলোকে পি এফৰ ধনখিনি জমা কৰি ৰাখে, যাতে সেই টকা সময়ত ল’ৰা-ছোৱালীৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।
শৰ্মাই কয় , পি এফৰ ধন চৰকাৰী চাকৰিয়াল এজনৰ প্ৰাপ্য ধন। তেওঁলোকৰ দৰমহাৰ পৰা সেয়া কাটি লোৱা হয়। কিন্তু যেতিয়া সেই পিএফৰ ধন মোকোলাবৰ বাবে এবছৰৰ সময়ৰ প্ৰয়োজন হয় তেতিয়া বহু ল’ৰা-ছোৱালীয়ে মনে বিচৰা শিক্ষানুষ্ঠানত নামভৰ্তিৰ পৰা বঞ্চিত হয়। যেতিয়া কোনো কৰ্মচাৰীৰ ভুলৰ বাবে কাৰোবাৰ পিতৃ-মাতৃৰ পেঞ্চনৰ ধন বা পি এফৰ ধন সময়ত নহয় তেতিয়া ল’ৰা-ছোৱালীৰ মনত বিদ্ৰোহৰ অগনি জ্বলে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যেতিয়া ল’ৰা ছোৱালীয়ে পিতৃ-মাতৃক হতাশ হৈ ঘৰলৈ ঘূৰি অহা দেখা পাই তেতিয়া চিষ্টেমৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে। তেওঁলোকে ভাৱে চিষ্টেমৰ ভুলৰ বাবে মন পচন্দৰ শিক্ষানুষ্ঠানত পঢ়াৰ পৰা বঞ্চিত হ’ল। যেতিয়া ল’ৰা-ছোৱালীৰ মনত চিষ্টেমৰ বিৰুদ্ধে জুই জ্বলিব তেতিয়া তেওঁলোকৰ দৰে বহুতে আলফা আদিৰ দৰে সংগঠনত যোগ দিয়ে।
এই সমগ্ৰ কাণ্ডৰ পাশ্বক্ৰিয়াৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, আলফাত যোগদান কৰাৰ কেইবাবছৰ পাছত তেওঁলোকে কোনো শ্বপিং মলত বোমা বিস্ফোৰণ কৰে। সেই বোমা বিস্ফোৰণত তেতিয়া পেঞ্চনৰ কাম দেৰি কৰা লোকজন বা তেওঁৰ পিতৃ-মাতৃকো সামৰি ল’ব পাৰে। যেতিয়া কোনো এখন ৰাজ্যত সু-শাসন নাথাকে, তেতিয়াই যুৱ প্ৰজন্ম বিদ্ৰোহী হৈ উঠে। শৰ্মাই কয় যে, যেতিয়া মানুহক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হয় তেতিয়া তেওঁলোকৰ মনত বিদ্ৰোহী বা ওপৰৰ কৰ্তৃত্বৰ প্ৰতি ক্ষোভ আহে।