শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কংগ্ৰেছ বুলিলে এটা পৰিয়াল মনলৈ আহে, দলৰ ভৱিষ্যতৰ বাবে যুৱক-যুৱতীক গুৰুত্ব দিব লাগিব : হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাই কয় যে, কংগ্ৰেছৰ কথা ক’লেই আমাৰ মনলৈ আহে এটা পৰিয়ালৰ ছবি । কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত বিজেপিৰ দলটো । বিজেপিত বুথ পৰ্যায়ৰ এজন কৰ্মীয়ে নিজ প্ৰচেষ্টাৰে দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি দলীয় কৰ্মী সকলক সম্বোধন কৰি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছ বুলিলে এটা পৰিয়াল মনলৈ আহে, দলৰ ভৱিষ্যতৰ বাবে যুৱক-যুৱতীক গুৰুত্ব দিব লাগিব : হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মা আৰু ভৱেশ কলিতা
Manas Borah
Manas Borah | Published: 03 Sep 2024 14:03 PM

“পৰিয়াল পৰিচালিত” দল বুলি মন্তব্য প্ৰকাশ কৰি আজি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, কংগ্ৰেছৰ নাম উল্লেখ কৰিলে “পৰিয়াল পৰিচালিত” দল এটাৰ কথা মানুহৰ মনলৈ আহে । বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি শৰ্মাই কয় যে, সংগঠনটোৰ ভৱিষ্যতৰ বাবে ১৮ বছৰৰ পৰা ২৫ বছৰ বয়সলৈকে যুৱক-যুৱতীসকলক সদস্য হিচাপে গঢ়ি তুলিব লাগে ।

তেওঁ কয় যে, কংগ্ৰেছৰ কথা ক’লেই আমাৰ মনলৈ আহে এটা পৰিয়ালৰ ছবি । কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত বিজেপিৰ দলটো । বিজেপিত বুথ পৰ্যায়ৰ এজন কৰ্মীয়ে নিজ প্ৰচেষ্টাৰে দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি দলীয় কৰ্মী সকলক সম্বোধন কৰি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই । তেওঁ স্পষ্ট কৰি দিয়ে যে, বিজেপিত থাকিবলৈ পিতৃ-মাতৃৰ পৰিচয় প্ৰয়োজন নহয় বা প্ৰয়োজনীয়তা নাই । এই গেৰুৱা দলটোত থাকিবলৈ একমাত্ৰ প্ৰয়োজন দেশৰ সেৱা ।

ইয়াৰ সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে, ভাৰতৰ বিজেপি দলটোৱে চীনৰ কমিউনিষ্ট পাৰ্টিক অতিক্ৰম কৰিছে । বিজেপি দলটো বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ আৰু শক্তিশালী দল হিচাপে পৰিগণিত হৈছে । দলটোৰ ভেটি ইমানেই শক্তিশালী যে, ই আৰু ১০০-২০০ বছৰলৈকে চলি থাকিব আৰু ই কেতিয়াও এটা পৰিয়াল কেন্দ্ৰিক দললৈ ৰূপান্তৰিত নহয় বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

শৰ্মাই লগতে আহ্বান জনাই কয় যে, বিজেপিত যোগদান কৰাৰ ৯ বছৰৰ পাছত সদস্যপদ নৱীকৰণ কৰিব লাগে । ইয়াৰ লগতে নতুন ভোটাধিকাৰ লাভ কৰা যুৱক-যুৱতীসকলক দলটোত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই । অসমত বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰি তেওঁ কয় যে, ‘আমি ১৮-২৫ বছৰ বয়সৰ যুৱক-যুৱতীক সদস্যপদ দিব লাগিব । তেওঁলোকে আমাৰ ভৱিষ্যত আৰু দলটোক ধৰি ৰাখিব।’ উল্লেখ্য যে, সোমবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজোৰা বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে ।

INPUT-PTI