শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প’ৰ্টেলৰ জৰিয়তে কৰিব পাৰিব বদলিৰ আবেদন, চাওক কি কি সুবিধা লাভ কৰিব চৰকাৰী চাকৰিয়াল সকলে…

Employees Mutual Transfer: অসম চৰকাৰৰ চাকৰিয়াল সকলে বুজাবুজি বা বদলিৰ বাবে এই নিৰ্দিষ্ট প'ৰ্টেলটোত আৱেদন কৰিব পাৰিব । এবছৰ চাকৰি সম্পূৰ্ণ কৰাসকলে এই প’ৰ্টেলত আৱেদন কৰিব পাৰিব । অহা ২ অক্টোবৰৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰা হ'ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সৰ্মাই কয়, 'বদলি হোৱাৰ ক্ষেত্ৰত দুজন চাকৰিয়ালে পৰ্টেলত আৱেদন কৰিব পাৰিব । আৱেদন কৰিবৰ বাবে সেই দুজনৰ মাজত বুজাবুজি থাকিব লাগিব ।'

প’ৰ্টেলৰ জৰিয়তে কৰিব পাৰিব বদলিৰ আবেদন, চাওক কি কি সুবিধা লাভ কৰিব চৰকাৰী চাকৰিয়াল সকলে…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Manas Borah
Manas Borah | Published: 13 Aug 2024 20:12 PM

চৰকাৰী চাকৰিয়াল সকলে বদলিৰ আৱেদন কৰাৰ বাবে এটা প’ৰ্টেলৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে ৰাজ্য চৰকাৰৰ চাকৰিয়াল সকলৰ সুবিধা হোৱাকৈ প’ৰ্টেলৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । আজি সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই কয়,’চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰি থকা চাকৰিয়ালৰ ক্ষেত্ৰত বুজাবুজি বা বদলিৰ ক্ষেত্ৰত নতুন ব্যৱস্থা গ্ৰহণ কৰা হ’ব । ইয়াৰ বাবে এটা প’ৰ্টেলৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।’

তেওঁ কয়, অসম চৰকাৰৰ চাকৰিয়াল সকলে বুজাবুজি বা বদলিৰ বাবে এই নিৰ্দিষ্ট প’ৰ্টেলটোত আৱেদন কৰিব পাৰিব । এবছৰ চাকৰি সম্পূৰ্ণ কৰাসকলে এই প’ৰ্টেলত আৱেদন কৰিব পাৰিব । অহা ২ অক্টোবৰৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰা হ’ব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয়, ‘বদলি হোৱাৰ ক্ষেত্ৰত দুজন চাকৰিয়ালে পৰ্টেলত আৱেদন কৰিব পাৰিব । আৱেদন কৰিবৰ বাবে সেই দুজনৰ মাজত বুজাবুজি থাকিব লাগিব ।’

ইফালে, এই প’ৰ্টেল ব্যৱস্থাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই ব্যৱস্থা দেশৰ আন কোনো ৰাজ্যতে নাই বুলি দাবী কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, প’ৰ্টেলটোৰ জৰিয়তে নিজৰ বদলিৰ অৰ্ডাৰ নিজে উলিয়াব পাৰিব । তৃতীয় বদলিৰ নতুন অৰ্ডাৰ দুমাহৰ মূৰে মূৰে প’ৰ্টেলটোৰ জৰিয়তে লাভ কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে,আজি মঙলবাৰে ৰাজ্য চৰকাৰৰ চিকিৎসা আৰু লোকনিৰ্মাণ বিভাগৰ ১১২৭ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে । ইয়াৰে ৮৬১ গৰাকী চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ । তদুপৰি ২৬৬ গৰাকীক লোকনিৰ্মাণ বিভাগৰ নিযুক্তিপত্ৰ প্ৰদান কৰা হয় । এইসকলৰ ভিতৰত আছে ষ্টাফ নাৰ্ছ, অনুকম্পামূলক চতুৰ্থ বৰ্গৰ, লোকনিৰ্মাণৰ কনিষ্ঠ অভিযন্তা(ব্যৱহাৰিক) আৰু পথ বিভাগৰ কনিষ্ঠ অভিযন্তা ।