চৰকাৰী দৰমহাৰ বাহিৰে মোৰ কোনো সম্পত্তি নাই, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, তেওঁৰ চৰকাৰী দৰমহাৰ বাহিৰে কোনো সম্পত্তিৰ মালিক নহয়। উল্লেখ্য যে, বিৰোধীৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল সাংবাদিকে। ইয়াৰ উত্তৰত তেওঁ স্পষ্টকৈ এই কথা সদৰী কৰে।

কোনো সম্পত্তিৰ মালিক নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেৱল চৰকাৰী দৰমহা লয়। এই কথা শুকুৰবাৰে স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “দৰমহাৰ বাহিৰে মোৰ ১ টকাও সম্পত্তি নাই।” সাংবাদিকৰ প্ৰশ্ন উত্তৰত এই কথা স্পষ্টকৈ কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, তেওঁৰ চৰকাৰী দৰমহাৰ বাহিৰে কোনো সম্পত্তিৰ মালিক নহয়। উল্লেখ্য যে, বিৰোধীৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল সাংবাদিকে। ইয়াৰ উত্তৰত তেওঁ স্পষ্টকৈ এই কথা সদৰী কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, “মোৰ কোনো সম্পত্তিয়ে নাই। মোৰ পত্নীয়ে যি উপাৰ্জন কৰিছে, সেয়া কাম কৰি কৰিছে। তেওঁ কোনো চুৰি বা বেআইনীভাৱে উপাৰ্জন কৰা নাই। কোনোবাই যদি সৎভাৱে উপাৰ্জন কৰিছে, তেন্তে ইয়াত ক’বলগীয়া কি কথা আছে ? মোৰ দৰমহাৰ বাহিৰে মোৰ একো নাই।”
মুখ্যমন্ত্ৰীয়ে এই বক্তব্যৰ জৰিয়তে সততা আৰু বৈধ উপাৰ্জনৰ ওপৰত গুৰুত্ব দিয়ে আৰু মুখ্যমন্ত্ৰীয়ে স্বচ্ছ আৰু সৎ জীৱন যাপন কৰা এজন ৰাজহুৱা সেৱক হিচাপে নিজৰ ভাবমূৰ্তি প্ৰকাশ কৰিবৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হয়।