শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোকৰাঝাৰৰ প্রায় ৩ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব ২ লাখকৈ টকাঃ মুখ্যমন্ত্ৰী

আজি কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়চোৱাত তেওঁ জনসভা সম্বোধন কৰাৰ লগতে বিটিআৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

কোকৰাঝাৰৰ প্রায় ৩ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব ২ লাখকৈ টকাঃ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 07 Jul 2025 19:56 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ বাওখুংৰী, দতমা, গোঁসাইগাঁও আৰু পৰ্বতঝোৰা সমষ্টিত ৰাজ্য চৰকাৰৰ বিকাশমুখী পাঁচখন আঁচনিৰ ফলপ্রসূ ৰূপায়ণৰ সন্দৰ্ভত পর্যালোচনামূলক বৈঠকত মিলিত হয়। বিটিআৰ প্রশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। য’ত ৰাজ্যৰ জনসাধাৰণৰ কল্যাণার্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় ৩.০, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে বিটিআৰৰ সৰ্বস্তৰৰ জনসাধাৰণ যাতে উপকৃত হ’ব পাৰে সেই বিষয়ে এই বৈঠকত বিতংভাৱে আলোচনা কৰে। আনহাতে, এই আঁচনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৱাৰ পইন্টযোগে সৱিশেষ বুজ লয়।

আজিৰ এই বৈঠকত কোকৰাঝাৰ জিলাত অৰুণোদয় ৩.০ আঁচনিখন যাতে সফলভাৱে ৰূপায়ণ হয় সেই সন্দর্ভত বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিয়ে পূৰ্বতে ৬০ হাজাৰ গৰাকী হিতাধিকাৰীক সামৰি লৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় ৩.০ ৰ এনে হিতাধিকাৰীৰ সংখ্যা ১ লাখ ৪০ হাজাৰলৈ বৃদ্ধি পাব। মুখ্যমন্ত্ৰীয়ে এই আঁচনিখন নিৰ্ধাৰিত সময়সূচীমতে ৰূপায়ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্রীয়ে আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে জিলাখনত লাভ কৰা আৱেদন তথা ইয়াৰ ভিত্তিত কিমানক বাছনি কৰা হৈছে তাৰ খতিয়ান লয়। মুখ্যমন্ত্রীয়ে কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কোকৰাঝাৰ জিলাত প্রায় ৩ হাজাৰ যুৱক-যুৱতীয়ে ২ লাখ টকাকৈ লাভ কৰিব। এই বৈঠকতে এই আঁচনিৰ হিতাধিকাৰীৰ চূড়ান্ত তালিকাখনৰ সম্পৰ্কতো আলোচনা কৰা হয়। মুখ্যমন্ত্রীয়ে জিলাখনত উদ্যমীসকলৰ বেংক সংযোগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে আৰু এই দিশত বিশেষ দৃষ্টি দিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে। আঁচনিখনৰ ৰূপায়ণৰ অৰ্থে আধাৰ কাৰ্ড প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া, ডাটা আপলোডৰ কাম আদিৰ অগ্রগতিৰো মুখ্যমন্ত্রীয়ে খতিয়ান লয়।

বৈঠকত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ সম্পৰ্কতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিখনৰ জৰিয়তে ১.৫ লাখ মহিলা উপকৃত হ’ব পাৰিব। বৈঠকত এটি কলি দুটি পাত আঁচনিখনৰ সম্পৰ্কতো আলোচনা কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ ৭ হাজাৰ চাহ বাগিচাৰ শ্রমিকে ৫ হাজাৰ টকাকৈ লাভ কৰিব। বৈঠকত ৰেচন কার্ড প্রদানৰ বিষয়টোও আলোচনা কৰা হয়। কোকৰাঝাৰ জিলাৰ পাঁচটা সমষ্টিত নতুনকৈ ৬০ হাজাৰ লোকে ৰেচন কার্ড লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে ১৫ আগষ্টৰ ভিতৰত হিতাধিকাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে।

আজিৰ এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্রী অশোক সিংহল, হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিটিআৰৰ কেইবাগৰাকীও এমচিএলএ প্রমুখ্য বিটিচিব প্রধান সচিব আকাশ দ্বীপ, জিলা আযুক্ত মাচান্দা এম পার্টিন প্রমুখ্যে বিভাগীয় মূৰৰ্বীসকল উপস্থিত থাকে।

 

অন্য খবৰ পঢ়কঃ অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিলে ভগদত্ত উৰণ সেতু ২…