পুনৰ ক্ষমতালৈ বিপিএফ, বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল’লে হাগ্ৰামা মহিলাৰীয়ে
পাঁচ বছৰৰ পাছত পুনৰ বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰিলে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি ৫ অক্টোবৰ, দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। নিৰংকুশ সংখ্যাগৰিষ্ঠাৰে বিটিচিত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় বিপিএফে। প্ৰতিকূল বতৰৰ মাজতে কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড সচিবালয় খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়েও উপ-চিইএম হিচাপে শপত গ্ৰহণ কৰে।
বিটিচি হৈছে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ বাবে এখন স্বায়ত্তশাসিত পৰিষদ, যিয়ে চাৰিখন জিলা – কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিক সামৰি লৈছে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেট সতীৰ্থৰ লগতে ত্ৰিপুৰাৰ টিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যোৎ বিক্ৰম মাণিক্য দেব বাৰ্মা উপস্থিত থাকে।
উল্লেখ্য যে, পাঁচ বছৰৰ পাছত পুনৰ বিটিচি শাসনলৈ উভতি আহিছে হাগ্ৰামা মহিলাৰী। প্ৰৱল প্ৰত্যাহ্বানৰ মাজতো বিপিএফক ৰুধিবলৈ সক্ষম নহ’ল বিজেপি আৰু ইউপিপিএলে। বিপিএফে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাঁচখন আৰু ইউপিপিএলে ৭ খন আসনতে সীমাবদ্ধ থাকে।
ইফালে বিপিএফৰ জয়ৰ পাছতেই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, হাগ্ৰামাৰ বিপিএফ ইতিমধ্যেই এনডিএত আছে। গতিকে বিটিআৰত ৪০ খন আসনেই এনডিএৰ দখলত। কিন্তু শপত গ্ৰহণৰ পূৰ্বে এই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে হাগ্ৰামাই। যদি এনডিএৰ লগত ইউপিপিএল থাকে তেন্তে বিপিএফ এনডিএৰ লগত নাথাকে বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে।
ইতিমধ্যে এনডিএত চামিল হোৱাৰ বাবে বিজেপিক এই এক চৰ্ত বান্ধি দিছে হাগ্ৰামাই। সেই চৰ্ত অনুসৰি যদি ইউপিপিএলক বাদ দিয়া হয়, তেতিয়াহে এনডিএৰ অংশ হ’ব বিপিএফ। যিটো কথা স্পষ্ট কৰি দিছে হাগ্ৰামা মহিলাৰীয়ে।