Guwahati Traffic Rules: সলনি যান-বাহন চলাচলৰ নিয়ম! জানক কোনবোৰ পথেৰে যোৱাত আজি বাধা দিছে প্ৰশাসনে…
আজি লাচিত ঘাটত হ’ব ভাৰতীয় বায়ু সেনাৰ শৌৰ্য আৰু প্ৰযুক্তিৰ অপূৰ্ব সংমিশ্ৰণৰ এক অসামান্য প্ৰদৰ্শনী। এই অনুষ্ঠানটো আয়োজন কৰাত সহযোগিতা কৰিছে ৰাজ্যৰ প্ৰশাসনে। যাৰ বাবে আজি কিছু বিশেষ যান-বাহনৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এই সময়ত যান-বাহনসমূহ চলাচল নিয়ন্ত্ৰণ কৰা হ'ব।
আজি গুৱাহাটী মহানগৰীৰ আকাশত উৰিব ভাৰতীয় বায়ু সেনাৰ বিমান। মাছখোৱাৰ লাচিত ঘাটত হ’ব ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’। লাচিত ঘাটত হ’ব ভাৰতীয় বায়ু সেনাৰ শৌৰ্য আৰু প্ৰযুক্তিৰ অপূৰ্ব সংমিশ্ৰণৰ এক অসামান্য প্ৰদৰ্শনী। এই অনুষ্ঠানটো আয়োজন কৰাত সহযোগিতা কৰিছে ৰাজ্যৰ প্ৰশাসনে। যাৰ বাবে আজি কিছু বিশেষ যান-বাহনৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এই সময়ত যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হ’ব।
যদি আপুনি আজিৰ দিনটোত কোনো স্থানৰ পৰা গুৱাহাটীলৈ আহে বা আপুনি গুৱাহাটীৰে তেন্তে যান-বাহন চলাচলৰ নিয়ম জনাটো প্ৰয়োজনীয়। এই সময়ত যাত্ৰা কৰিলে বিকল্প পথ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। গুৱাহাটীৰ কোনবোৰ পথ প্ৰশাসনে No Entry জাৰি কৰিছে আৰু কোনবোৰ বিকল্প পথ হিচাপে লোৱাৰ পৰামৰ্শ দিছে জানো আহক…
- মহানগৰীত বায়ুসেনাৰ এয়াৰ শ্ব’ৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন শাখাৰ পথ নিৰ্দেশনা। নিৰ্দিষ্ট পথেৰেহে যাব পাৰিব যান-বাহন। বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহন বা অন্যান্য গধুৰ বাহনক এইচ.বি.পথ, এ.টি.পথ,ডি.জি.পথ,এম.জি. পথ,বি.বৰুৱা পথ,আৰু জি.এন.বি.পথত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি নাই।
- হাতেৰে টনা গাড়ী, ৰিক্সা, ই-ৰিক্সা আদিলেহেমীয়া বাহনক এম.জি.পথত মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইণ্টলৈ চলাচলৰ অনুমতি নাই।
- ভাৰতীয় বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা গাড়ীৰ পাছ থকা বাহনৰ বাহিৰে আন কোনো বাহনক এম.জি. পথৰ মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইণ্টলৈ(দুয়োপিনে) দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া নহয়।
- খানাপাৰাৰ পৰা ভৰলুৰ ফালে অহা সকলো চিটি বাছেজি.এছ. পথ-এ.টি পথ-আঠগাওঁ ফ্লাইঅভাৰেৰে যাব লাগিব আৰু পাণবজাৰৰ ফালে পাণবজাৰ আৰ.অ.বি.ৰ জৰিয়তে ঘূৰিব নোৱাৰিব।
- জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন, যাৰ ভিতৰত আন্তঃজিলা বাছ আৰু ও.এছ.টি.চি.ৰ অধীনত চলা ৰঙা ৰঙৰ গ্ৰাম্য সেৱাৰ বাছ(চিটি বাছৰ বাহিৰে)অন্তৰ্ভুক্ত,মহানগৰীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। এই সকলো বাহনক জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ ৰ জৰিয়তে ডাইভাৰ্ট কৰা হ’ব।
- এইচ.বি.পথৰ দুয়োপিনে যান-বাহন চলাচলৰ অনুমতি দিয়া হ’ব।
কোনবোৰ বিকল্প পথ হিচাপে লোৱাৰ পৰামৰ্শ দিছে জানো আহক…
- ভৰলুমুখৰ পৰা পাণবজাৰ/চানমাৰীৰ ফালে অহা চিটি বাছকে ধৰি সকলো বাহনক মাছখোৱাত এলিভেটেড কৰিড’ৰ পইণ্টত এইচ.বি.পথ বা এ.টি.পথৰ ফালে চলাচল কৰিবলৈ দিয়া হ’ব। তাৰ পাছত এইচ.বি.পথৰ জৰিয়তে চানমাৰী/লতাশিলৰ ফালে যোৱা বাহনসমূহক এন.বি.হল(চেছন ক’ৰ্ট)পইণ্টত বাওঁফালে ঘূৰি এফ.চি.পথৰ জৰিয়তে আগবাঢ়িব লাগিব।
- চানমাৰীৰ পৰা পাণবজাৰ/ভৰলুমুখ/জালুকবাৰীৰ ফালে অহা চিটি বাছকে ধৰি সকলো বাহন জিলা লাইব্ৰেৰী পইণ্টত পাণবজাৰ আৰ.অ’.বি.(দক্ষিণ)ৰ জৰিয়তে এ.টি. পথৰ ফালে ডাইভাৰ্ট কৰা হ’ব আৰু ভৰলুমুখৰ ফালে আগবাঢ়িব লাগিব।
- উজানবজাৰ/লতাশিলৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো লঘু বাহন তাৰকাগৃহ পইণ্টত লেম্ব পথ, এফ.চি.পথ, তৈয়েবুল্লা পইণ্ট, জি.এন.বি.পথ, জিলা লাইব্ৰেৰী অভিমুখে ডাইভাৰ্ট কৰা হ’ব আৰু এন.বি.হল(চেছন ক’ৰ্ট)পইণ্টত বাওঁফালে ঘূৰিব পাৰিব।
যান-বাহন পাৰ্কিং-ভাৰতীয় বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা ৰঙা,নীলা আৰু হালধীয়া পাছ থকা বাহনসমূহক নিৰ্ধাৰিত পাৰ্কিং স্থলীত ৰাখিবলৈ অনুমতি দিয়া হ’ব
পাৰ্কিং নিষিদ্ধঃ
- এম.জি.পথ, এফ.এ.পথ, বি.আৰ.পি.পথ, এম.এল.এন.পথ,এ.আৰ.বি.পথ,এইচ.বি.পথ,আৰু টি.আৰ.পি.পথত বাহন পাৰ্ক কৰিবলৈ অনুমতি দিয়া নহ’ব।
- ট্ৰাক/গধুৰ বাণিজ্যিক বাহনসমূহক টি.আৰ.পি.পথ, লক্ষী গলি, চেম্বাৰ পথ, এছ.আৰ.চি.বি.পথ, এছ.এছ.পথ, কেদাৰ পথ আৰু এম.এছ.পথত ৮ আৰু ৯ নৱেম্বৰ, ২০২৫ ত আৰম্ভ হোৱা এই নিয়ম পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ পাৰ্ক কৰিবলৈ অনুমতি দিয়া নহয়।