শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

টাৰ্গেট গাঁৱৰ যুৱতী! গুৱাহাটীৰ একাংশ স্পা, চেলুনত অনৈতিক কাৰ্য, গ্ৰেপ্তাৰ ১০ জন…

গুৱাহাটীত একাংশই স্পা, চেলুন খুলি কিছুমান অনৈতিক কাৰ্য চলাই গৈছে। শেহতীয়াকৈ আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই ১০ জনক গ্ৰেপ্তাৰ আৰু ১৩ ভুক্তভোগীক উদ্ধাৰ কৰে। বৰ্তমান তদন্ত অব্যাহত আছে।

টাৰ্গেট গাঁৱৰ যুৱতী! গুৱাহাটীৰ একাংশ স্পা, চেলুনত অনৈতিক কাৰ্য, গ্ৰেপ্তাৰ ১০ জন…
গ্ৰেপ্তাৰ হোৱা কেইজন
Barasha Sarma
Barasha Sarma | Published: 22 Jan 2026 14:00 PM

গুৱাহাটীৰ একাংশ স্পা আৰু চেলুনত চলে কি? ব্যৱসায়ৰ নামত একাংশই ৰঙীন লাইটৰ আঁৰত কৰে কিছুমান অনৈতিক কাৰ্য।যোৱা ২০ জানুৱাৰীত আৰক্ষীয়ে দেহ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত অবৈধভাৱে চলি থকা স্পা,চেলুনসমূহৰ বিৰুদ্ধে অভিযান চলায়। পল্টনবজাৰ, চান্দমাৰী, পানবজাৰ আৰু গীতানগৰ আৰক্ষীৰ দ্বাৰা চলা অভিযানত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি, এই লোকসকলে দীৰ্ঘদিন ধৰি একাংশ গাঁৱৰ যুৱতীক অবৈধভাৱে বেশ্যাবৃত্তিৰ সৈতে জড়িত কৰাই এক ৰেকেট চলাই গৈছিল।

প্ৰাপ্ত খবৰ অনুসৰি, একাংশই স্পা, চেলুনৰ নামত অনৈতিক কাৰ্য সংঘটিত কৰি আহিছে বুলি আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অভিযোগ লাভ কৰিছিল। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে এই অভিযান চলায়। অভিযানত অনৈতিক কাৰ্যত লিপ্ত ৫ খন স্পা চেলুন পোহৰলৈ আহিছিল। ৫ টা গোচৰ পঞ্জীয়ণ হৈছিল চাৰিখন থানাত। এইসমূহ স্পা-চেলুনৰ পৰা আৰক্ষীয়ে ১০ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে।

আৰক্ষীয়ে পানবজাৰৰ ভাৰ্গৱ হেয়াৰ বিউটি স্পা এণ্ড ইউনিচেক্স চেলুনৰ পৰা মনোজ কুমাৰ ঢাকুৱাসহ ২জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক উদ্ধাৰ কৰে। গীতা নগৰৰ মৌ স্পা হেয়াৰ এণ্ড বিউটি চেলুনৰ পৰা অসীম শৰ্মাসহ ৫ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ২ জনক উদ্ধাৰ কৰে। পানবজাৰৰ ব্লীছ স্পা ইউনিচেক্স চেলুনৰ পৰা জ্ঞানেন্দ্ৰ তালুকদাৰসহ ২জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩জনক উদ্ধাৰ কৰা হয়। পানবজাৰৰ দিব্যা বিউটি ষ্টুডিঅৰ পৰা এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক উদ্ধাৰ কৰা হয়। চান্দমাৰীৰ কালাৰ্চ হেয়াৰ এণ্ড বিউটি স্পাৰ পৰা ১জনক গ্ৰেপ্তাৰ আৰু ২জনক উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে মুঠ ১০ জনক গ্ৰেপ্তাৰ আৰু ১৩ গৰাকী ভুক্তভোগীক উদ্ধাৰ কৰে। আৰক্ষীয়ে জনাই যে, অধিকাংশ ভুক্তভোগী গাঁৱৰ। বিশেষকৈ গাঁৱৰ যুৱতীসকলক টাৰ্গেট কৰি লৈছিল অভিযুক্তই, আৰু ২৫-৩৫ বছৰীয়া যুৱতীসকলৰ দ্বাৰা অবৈধ বেহা কৰি গৈছিল। আজি অভিযুক্তসকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ কোঠাৰ ভিতৰত উদ্ধাৰ মৃতদেহ! গোৱাত অসমীয়া যুৱতীৰ সৈতে কি কৰিলে ৰাছিয়াৰ যুৱকে?