শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰেমে পাব পূৰ্ণতা! বিয়াত বহিবলৈ সাজু ৭১ বছৰীয়া দৰা, ৬৫ বছৰীয়া কইনা…

এই বিয়াখন অতি বিশেষ কিয়নো এই বিয়াখনৰ দৰা ৭১ বছৰীয়া আৰু কইনা ৬৫ বছৰীয়া। বোকাখাতৰ পদ্মেশ্বৰ গোৱালা নামৰ লোকজনে সৰুৰে পৰা এঘৰলোকৰ ঘৰত বনকৰা লোক হিচাপে আছিল। বয়স বাঢ়ি অহাত এক- ডেৰ বছৰমান পূৰ্বে তেওঁ গুচি আহিছিল প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমলৈ।

প্ৰেমে পাব পূৰ্ণতা! বিয়াত বহিবলৈ সাজু ৭১ বছৰীয়া দৰা, ৬৫ বছৰীয়া কইনা…
বিয়া
barasha-sarma
Barasha Sarma | Published: 08 Dec 2024 20:57 PM

প্ৰেম! প্ৰেমৰ নাথাকে কোনো সংজ্ঞা! প্ৰেমে নামানে জাতি- ধৰ্ম, প্ৰেমে নামানে বয়সৰ পৰিধি। প্ৰেম শাশ্বত,প্ৰেম শান্তি, প্ৰেম জীয়াই থকাৰ এক প্ৰেৰণা। প্ৰেম জীৱনৰ এক ভাল লগা অধ্যায়, সকলো মানুহৰ প্ৰেম হয়। সেয়া লাগিলে প্ৰেমিক প্ৰেমিকা হওক বা আন কোনো। প্ৰেম হোৱাৰ জানো কিবা বিশেষ সময় থাকে?  হয়তো নাথাকে। সেয়ে হয়তো এবাৰ দেখা এযুৰি চকুৱে কাৰোবাৰ নিশাৰ টোপনি কাঢ়ে, কাৰোবাৰ এষাৰি মাতেই অনাবিল সুখ দিয়ে, কাৰবোৰ হাতৰ স্পৰ্শই গোটেই জীৱন আগবাঢ়ি যোৱাৰ সাহস দিয়ে।

এনে প্ৰেমৰে সাক্ষী এহাল পুৰুষ- মহিলা। প্ৰায় ২ বছৰীয়া প্ৰেমৰ পূৰ্ণতা এখন বিবাহেৰে হ’বলৈ হৈ গৈ আছে। ইতিমধ্যে আৰম্ভ হৈছে বিয়াৰ প্ৰস্তুতি, ঠিক হৈছে তাৰিখ। চিঠি ছপা নহ’লেও অসমৰ প্ৰায় প্ৰতিগৰাকী মানুহেই এই বিয়াৰ খবৰ পাইছে। ওচৰ- চুবুৰীয়া আহি বিয়াৰ প্ৰস্তুতিত সহায় কৰি দিছে। সমানে সমানে দৰা- কইনাৰো ব্যস্ততা বাঢ়িছে। এভাৰি সুখৰ সৈতে নতুন বছৰটো যেন দুৱাৰদলিত ৰৈ আছে। ২০২৫ চনৰ ২৪ জানুৱাৰীত তেওঁলোকৰ বিয়া। জন্ম- মৃত্যু- বিবাহ কেতিয়া হয় সঁচাকৈ কোনোৱে নাজানে। এইহাল দৰা কইনাইও হয়তো জনা নাছিল এই সময়ত তেওঁলোকে জীৱন সংগী পাব, বিয়াত বহিব পাৰিব, জীৱনৰ বিয়লি বেলাত প্ৰেমে পূৰ্ণতা পাব। সপোন সপোন লাগিলেও যেন এয়াই সঁচা।

হ’বলৈ গৈ থকা এই বিয়াখন অতি বিশেষ কিয়নো এই বিয়াখনৰ দৰা ৭১ বছৰীয়া আৰু কইনা ৬৫ বছৰীয়া। বোকাখাতৰ পদ্মেশ্বৰ গোৱালা নামৰ লোকজনে সৰুৰে পৰা এঘৰলোকৰ ঘৰত বনকৰা লোক হিচাপে আছিল। বয়স বাঢ়ি অহাত এক- ডেৰ বছৰমান পূৰ্বে তেওঁ গুচি আহিছিল প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমলৈ। নিজৰ বুলিবলৈ কোনো নথকা পদ্মেশ্বৰ গোৱালা কাৰো ওপৰত বোজা হ’ব বিচৰা নাছিল। সেয়ে গুচি আহিছিল এই বৃদ্ধাশ্ৰমলৈ।

সেই একেই বৃদ্ধাশ্ৰমৰ আৱাসী এগৰাকী আইতা। নিজৰ বুলিবলৈ তেওঁৰ দুজন ভায়েক আছিল, কিন্তু দুই ভায়েক ঢুকোৱাৰ পাছত বিবাহ পাশত নবহা জয়াপ্ৰভা বৰা নামৰ এইগৰাকী আইতা বৃদ্ধাশ্ৰমতে থাকিবলৈ লৈছিল। সম্বন্ধীয় ভাগিনীয়েক তেওঁক এই বৃদ্ধাশ্ৰমলৈ লৈ আহিছিল। এই বৃদ্ধাশ্ৰমখনতেই পদ্মেশ্বৰ আৰু জয়াপ্ৰভাৰ মাজত বন্ধুত্ব হৈছিল আৰু পাছলৈ প্ৰেম হয়। এই দুই প্ৰেমিক- প্ৰেমিকাৰ মাজতেই এতিয়া চলিছে বিয়াৰ প্ৰস্তুতি।

বিয়াৰ পূৰ্বে মঠঘৰীয়াৰ মাতৃ নিবাসত থাকিবগৈ জয়াপ্ৰভা বৰা। তাৰ পাছত  দৰাই বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাশ্ৰমৰ পৰাই জোৰণ লৈ যাব কইনাৰ ওচৰলৈ। অৱশ্যে দুয়োৰে মাজত আইনী প্ৰক্ৰিয়াৰেও বিয়া হ’ব। পৰৱৰ্তী সময়ত ৰাজহুৱা অভ্যাৰ্থনা চলিব। ইতিমধ্যে বিয়াৰ খাদ্যত কি কি থাকিব তাৰ সকলো প্ৰস্তুতি হৈ গৈছে। বিভিন্নজন আগবাঢ়ি আহিছে সহায়ৰ বাবে। কোনোৱে যদি দাইল দিব, কোনোৱে চাউল। মুঠতে এতিয়া দৰা- কইনা হ’বলৈ সাজু পদ্মেশ্বৰ গোৱালা আৰু জয়াপ্ৰভা বৰা।