সুৰা চুৰি কাণ্ডত জড়িত হৈ গ্ৰেপ্তাৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতাঃ উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা
ৰাকেশ নাগৰ পিতৃ অৰুণ কুমাৰ নাগ চাপৰ পৌৰ সভাৰ বিজেপিৰ উপ-পৌৰপতি। এইদৰে পিতৃৰ লগতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাকেশ নাগে দীৰ্ঘদিনৰ পৰা চোৰাং আৰু অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে।

সুৰা চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী নেতা। বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা সমিতিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ৰাকেশ নাগক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত নেতাগৰাকীৰ ওচৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰাও উদ্ধাৰ কৰা হৈছে। যুৱ মৰ্চাৰ নেতাগৰাকীৰ এই বিলাতী সুৰাখিনি পৰা উদ্ধাৰ হোৱাৰ পিছতে গোলাঘাট জিলাৰ এখন সুৰা বিপনীত ইতিপূৰ্বে হোৱা চুৰিকাণ্ডৰ সৈতে আৰক্ষীয়ে মিল বিচাৰি পাইছে বুলিও খবৰ পোহৰলৈ আহিছে।
প্ৰকাশিত খবৰ অনুসৰি, শেহতীয়াকৈ গোলাঘাট জিলাৰ এখন বিলাতী সুৰাৰ বিপনীৰ পৰা চুৰি হৈছিল কেইবা লক্ষাধিক টকাৰ বিলাতী সুৰা। ঘটনা সংক্ৰান্তত গোলাঘাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। উক্ত এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে তদন্ত আগবঢ়াই ইতিমধ্যে কেইবাজনো লোকক আটক কৰাৰ লগতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৰাজেশ দাসক। এই ৰাজেশ দাসৰ স্বীকাৰুক্তিৰ ভিত্তিত চাপৰ আৰক্ষীয়ে অভিযান চলাইছিল চাপৰৰ বিজেপি নেতা অৰুণ কুমাৰ নাগ মালিকানাধীন নাগ ৱাইন শ্ব’পত।
ইফালে আৰক্ষীৰ এই তদন্তৰ সম্ভেদ লাভ কৰি একেটা পৰিয়ালৰ চাপৰৰ বহলপুৰত থকা ৰাজদ্বীপ বিলাতী সুৰা বিপনীৰ পৰা চোৰাং বিলাতী সুৰাখিনি অইন ঠাইলৈ সৰবৰাহ কৰিবলৈ লওঁতে হাতে লোটে ধৰা পৰে ৰাকেশ নাগ। আৰক্ষীয়ে লগে লগে এই সুৰা সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা বলেৰ’ পিকআপ বাহনখন জব্দ কৰে।
এই অভিযানৰ সময়ত আৰক্ষীয়ে লগতে মানজাত আলী নামৰ চালকজনকো আটক কৰে। জব্দকৃত AS 01 QC 8732 নম্বৰৰ বাহনখনৰ পৰা শতাধিক অবৈধ বিলাতী সুৰাৰ কাৰ্টন জব্দ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে চোৰাং বিলাতী সুৰাৰে বিজেপি নেতা তথা সুৰা মাফিয়া ৰাকেশ নাগে পশ্চিম অসমত সুৰাৰ ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য পোহৰলৈ আহে।
উল্লেখ্য যে ৰাকেশ নাগৰ পিতৃ অৰুণ কুমাৰ নাগ চাপৰ পৌৰ সভাৰ বিজেপিৰ উপ-পৌৰপতি। এইদৰে পিতৃৰ লগতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাকেশ নাগে দীৰ্ঘদিনৰ পৰা চোৰাং আৰু অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে।
আৰক্ষীৰ তদন্তত এই ঘটনা পোহৰলৈ অহাৰ পিছতে তথা ৰাকেশ নাগক গ্ৰেপ্তাৰ কৰাৰ পিছতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা সমিতিয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অভিযুক্ত নাগক নিলম্বিত কৰে।

বিলাসীপাৰা জিলা সমিতিৰ বিবৃতি
এক বিবৃতি যোগে জিলা সমিতিয়ে সাধাৰণ সম্পাদক ৰাকেশ নাগে দলৰ দায়িত্বত থাকি আইন বিৰুদ্ধ কামত জড়িত হোৱাৰ বাবে দলৰ পৰা তাৎক্ষনিক ভাবে নিলম্বন কৰা হ’ল বুলি সদৰী কৰিছে।