শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শুল্ক বিভাগৰ বৃহৎ সাফল্য, গুৱাহাটী বিমানবন্দৰত জব্দ প্ৰায় ডেৰ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

গুৱাহাটী শুল্ক সংমণ্ডলৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইউনিটৰ বিষয়াসকলে বিমানবন্দৰত চেক ইন কৰা সামগ্ৰীৰ নিয়মীয়া পৰীক্ষাৰ সময়ত এই নিচাজাতীয় দ্ৰব্যখিনি জব্দ কৰে।

শুল্ক বিভাগৰ বৃহৎ সাফল্য, গুৱাহাটী বিমানবন্দৰত জব্দ প্ৰায় ডেৰ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী
বিমান বন্দৰত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
monjit-dutta
Monjit Dutta | Published: 26 Dec 2025 15:22 PM

ৰাজ্যজুৰি ড্ৰাগছ তথা গাঞ্জাৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে জোৰদাৰ অভিযান। ড্ৰাগছ মুক্ত অসমৰ প্ৰতিশ্ৰুতিৰে আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে অভিযান চলাইছে। তাৰ মাজতে শেহতীয়াকৈ গুৱাহাটী শুল্ক বিভাগৰ বিমানবন্দৰ দলে এক বৃহৎ সফলতা লাভ কৰিছে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুল্ক বিভাগে জব্দ কৰিছে বৃহৎ পৰিমাণৰ হাইড্ৰ’পনিক গাঞ্জা। জব্দকৃত এই নিচাজাতীয় দ্ৰব্যখিনিৰ মূল্য প্ৰায় ১.৪৬ কোটি টকা বুলি জানিব পৰা গৈছে।

গুৱাহাটী শুল্ক সংমণ্ডলৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইউনিটৰ বিষয়াসকলে বিমানবন্দৰত চেক ইন কৰা সামগ্ৰীৰ নিয়মীয়া পৰীক্ষাৰ সময়ত এই নিচাজাতীয় দ্ৰব্যখিনি জব্দ কৰে। যোৱা ২৪ ডিচেম্বৰত এই দ্ৰব্যখিনি জব্দ কৰা বুলি এক বিবৃতি যোগে জানিবলৈ দিয়ে শুল্ক বিভাগে।

এই বিবৃতি মতে থাইলেণ্ডৰ বেংককৰ পৰা গুৱাহাটীত উপস্থিত হোৱা FD-124 বিমানেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ চেক ইন সামগ্ৰীৰ স্ক্ৰীনিং কৰাৰ সময়ত শুল্ক বিষয়াসকলে এই সন্দেহজনক সামগ্ৰীখিনি ধৰা পেলায়। পিছত বিতং পৰীক্ষাৰ সময়ত এই দ্ৰব্যখিনি নিষিদ্ধ সামগ্ৰী বুলি নিশ্চিত হয় বিষয়াসকল।

নিষিদ্ধ এই সামগ্ৰীখিনি তিনিটা টোপোলাত কঢ়িয়াই অনা হৈছিল। শুল্ক বিভাগে ড্ৰাগছ ধৰা পেলোৱা বিশেষ কিটৰ জৰিয়তে এই পদাৰ্থখিনিৰ প্ৰাৰম্ভিক পৰীক্ষা কৰে আৰু পৰীক্ষাৰ ফলাফলত হাইড্ৰ’পনিক গাঞ্জাৰ উপস্থিতিৰ ইংগিত পোৱা গৈছে বুলি বিবৃতিত লগতে কোৱা হৈছে।

ইয়াৰ পিছত Narcotic Drugs and Psychotropic Substances (NDPS) Act, 1985ৰ বিধান অনুসৰি গোচৰ ৰুজু কৰা হৈছে। জব্দ কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ মুঠ মূল্য প্ৰায় ১,৪৬,৩০,০০০ টকা হ’ব বুলি অনুমান কৰা হৈছে। সম্প্ৰতি এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে কৰ্তৃপক্ষই।