শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Guwahati Flood News: পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী, নলাৰ লেতেৰা পানীৰে উপচি পৰিছে ৰাজপথ

নিশাৰে পৰা  অহা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি কৃত্ৰিম বানৰ। এজাক বৰষুণ দিলেই চিন্তিত হৈ পৰে গুৱাহাটীবাসী। ক’ত কেতিয়া কিমান সময়ৰ বাবে আৱদ্ধ হৈ থাকিবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই ৷

Guwahati Flood News: পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী, নলাৰ লেতেৰা পানীৰে উপচি পৰিছে ৰাজপথ
পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী
barasha-misra
Barasha Misra | Published: 20 Aug 2024 15:58 PM

বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্যনুসৰি গুৱাহাটীত এতিয়াও আছে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। কিছুদিন পূৰ্বে অৰ্থাৎ ৫ আগষ্টত গুৱাহাটীত হোৱা ধাৰাসাৰ বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰিছিল। মহানগৰীৰ প্ৰায়বোৰ অঞ্চল জলামগ্ন হৈ পৰিছিল। আজিও ঠিক একেই পৰিস্থিতি।

গুৱাহাটী মহানগৰীৰ প্ৰায় ভাগ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত । এজাক বৰষুণ দিলেই আলৈ-আথানি হয় মহানগৰবাসীৰ। গুৱাহাটী মহানগৰীত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ। এই বৰষুণৰ ফলত কৃত্ৰিম বানৰ সমস্যা ত্ৰমাৎ বৃদ্ধি পাইছে। এতিয়া মহানগৰীৰ অলি-গলি ভৰি পৰিছে পানীৰে। চানমাৰি, অনিল নগৰ, নবীন নগৰ, জু-ৰোডকে ধৰি কাহিলীপাৰাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মুষলধাৰ বৰষুণৰ ফলত মহানগৰীত হাহাকাৰ । ৰাস্তাত পানী জমা হোৱাৰ বাবে, মানুহৰ চলাচলত অসুবিধা হৈছে। ৰাস্তা় পানীৰে ভৰি পৰাৰ ফলত আবদ্ধ হৈ পৰিছে শতাধিক বাহন ।

কিছুদিন পূৰ্বে গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে বিশেষকৈ USTM ক জগৰীয়া কৰিছিল মূখ্যমন্ত্ৰীয়ে। মেঘালয়ৰ পাহাৰ কাটি গঢ়ি উঠা University of Science and Technology of Meghalaya ক টাৰ্গেট কৰি লৈছিল । তাৰ পিছতে বিশ্ববিদ্যালয়খনে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ অভিযোগ প্ৰত্যাখান কৰিছিল । পিছত পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াই কয় যে গুৱাহাটীৰ বানৰ বাবে মেঘালয়েই দায়ী ।

সমস্যাৰ সমাধান!

দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কৃত্ৰিম বান ৰোধ আৰু নলা-নৰ্দমা সঠিক নিৰ্মাণৰ বাবে আবেদন-নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত সমাধান নহ’ল মহানগৰীৰ এই সমস্যা । এই ক্ষেত্ৰত বিফল গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ প্ৰশাসন । কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এইবাৰ গুৱাহাটীৰ বান নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে এইবাৰ চুক্তি কৰিব বিদেশী কোম্পানীৰ সৈতে ৷ তথ্য অনুসৰি গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ বাবে নেদাৰলেণ্ডৰ কোম্পানীক দায়িত্ব দিব অসম চৰকাৰে। এই সন্দৰ্ভত ২১ আগষ্টত নেদাৰলেণ্ডৰ কোম্পানীৰ সৈতে অসম চৰকাৰৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তথ্য প্ৰকাশ কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই। গুৱাহাটী মহানগৰীত বিভীষিকাৰ সৃষ্টি কৰা কৃত্ৰিম বান সমস্যাৰে মোকাবিলা কৰাৰ বাবে বর্তমান থকা কর্ম-আঁচনি আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰে শপতনামা দাখিল কৰিছে। নর্থ-ইষ্ট ইক’ ডেভেলপমেন্ট ছ’চাইটীয়ে গুৱাহাটীৰ পাহাৰ খনন আৰু কৃত্ৰিম বানক লৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন কৰিছিল ।