শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গুৱাহাটীত বোমা সংস্থাপনঃ গ্ৰেপ্তাৰ মানৱ কলিতা নামৰ আন এজন

ইতিমধ্যে কেইবাজনক আটক কৰা হৈছে আৰু কেইবাজন বহিঃৰাজ্যত থকাৰ লিংক পোৱা গৈছে। সকলো তথ্য পোৱা বুলি উল্লেখ কৰি সিঙে কৈছিল যে এই গোচৰৰ প্ৰত্যেক অভিযুক্তকে কৰায়ত্ত কৰা হ'ব।

গুৱাহাটীত বোমা সংস্থাপনঃ গ্ৰেপ্তাৰ মানৱ কলিতা নামৰ আন এজন
আলফা (স্বা)Image Credit source: social media
Barasha Sarma
Barasha Sarma | Published: 08 Sep 2024 14:27 PM

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গুৱাহাটীৰ লগতে অসমৰ আন কেইবাটাও স্থানত বোমা সংস্থাপন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ মানৱ কলিতা নামৰ আন এজন যুৱক। ধাৰাবাহিক তদন্তৰ অন্তত যোৰহাট আৰক্ষীয়ে হোজাই কাকীৰ এই যুৱকজনক গ্ৰেপ্তাৰ কৰে । অভিযুক্ত মানৱক আজিয়েই যোৰহাট আৰক্ষীয়ে গতাই দিব গুৱাহাটী আৰক্ষীক। মানৱে স্বীকাৰ কৰিছে যে তেওঁ গুৱাহাটীত বোমা সংস্থাপন কৰিছিল।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনা অসমৰ ২৫ টা স্থানত বোমা সংস্থাপন কৰা বুলি আলফা (স্বা)য়ে দাবী কৰিছিল। প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি বোমা সংস্থাপন কৰা ঠাইসমূহ আছিল-

১)শিৱসাগৰৰ ডি টি অ’ অফিচত পৰি থকা পুৰণা গাড়ী এখনত৷

২/ শিৱসাগৰ বি জি ৰ’ড ONGC ৫ নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণ এম্বুলেন্সখনত৷

৩/ লাকুৱা তিনি আলিত, থানাৰ সমীপত৷

৪/ অসম ৰাজ্যিক পৰিবহন নিগম ডিব্ৰুগড়, পুৰণা বাছ এখনত৷

৫/ অসম ৰাজ্যিক পৰিবহন নিগম লখিমপুৰ, পুৰণা বাছ এখনত৷

৬/ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত (A Team Field) থকা NHPCৰ পুৰণা গাড়ীখনত৷

৭/ লালুক দৈনিক বজাৰ, IB সমীপত

৮/ বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত৷

৯/ নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হস্পিতেল পোৱা আগত পোৱা ইটা ভাটাত সমীপত মাটিত পুতি থোৱা আছে৷

১০/ দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনি পুতি থোৱা আছে৷

১১/ গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওঁফালে থকা ট্ৰেন্সফৰ্মাৰ ব’ৰ্ডৰ বাকচটোত৷

১২/ নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে৷

১৩/ ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত, পানবজাৰ, গুৱাহাটী৷

১৪/ যোৰাবাট উৰণীয়া সেতুৰ সমীপত

১৫/ ভেটাপাৰা

১৬/ মালিগাঁও

১৭/ ৰাজগড়

১৮/ নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্স এখনৰ ভিতৰত৷

১৯/ ৰঙিয়া-তামুলপুৰ ৰ’ডৰ SBI Welcome ব’ৰ্ডখন পাৰ হৈয়ে পোৱা প্ৰথম দোকানখনৰ কাষৰ খালি ঠাইখিনিত, গোৰেশ্বৰ চ’ক, তামুলপুৰ৷

ইয়াৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট আদিতো বোমা সংস্থাপন কৰিছিল।  এই গোচৰৰ আৰম্ভ প্ৰথম অৱস্থাত অসম আৰক্ষীয়ে কৰিছিল যদিও পাছলৈ ইয়াক NIA লৈ হস্তান্তৰ কৰা হৈছিল।

এই সন্দৰ্ভত শনিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে,  এই গোচৰৰ তদন্ত অতি ক্ষীপ্ৰতাৰে আগবাঢ়ি আছে। ইতিমধ্যে কেইবাজনক আটক কৰা হৈছে আৰু কেইবাজন বহিঃৰাজ্যত থকাৰ লিংক পোৱা গৈছে। সকলো তথ্য পোৱা বুলি উল্লেখ কৰি সিঙে কৈছিল যে এই গোচৰৰ প্ৰত্যেক অভিযুক্তকে কৰায়ত্ত কৰা হ’ব। এই ঘটনাৰ লগত চুবুৰীয়া ৰাজ্যৰ কিছুলোকো জড়িত আছিল বুলি উল্লেখ কৰিছিল সিঙে।