শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, হৰিনামেৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে পালন কৰি আহিছে শংকৰদেৱৰ তিৰোভাৱ তিথি। এই পবিত্ৰ দিনটোত গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ। পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা গৈছে। 

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, হৰিনামেৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ
Srimanta Sankardev
trishna-kalita
Trishna Kalita | Updated On: 25 Aug 2025 06:38 AM

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। তেখেত শিল্প, সাহিত্য, সংস্কৃতিৰ মাৰ্গদৰ্শক হোৱাৰ উপৰিও অসমীয়া আধ্যাত্মিক জীৱনৰ এক ভেটি নিৰ্মাতা। বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাই আধ্যাত্মিক-সাংস্কৃতিক প্ৰমূল্যবোধ তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত কৰিছিল। অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিসত্তা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ব্যাপক আয়োজন কৰা হৈছে।

“জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম
তোহাৰি চৰণতে ৰেণু শতকোটি
বাৰেক কৰোহো প্ৰণাম ।’’

প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে পালন কৰি আহিছে শংকৰদেৱৰ তিৰোভাৱ তিথি। এই পবিত্ৰ দিনটোত গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ। পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা গৈছে।  ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰতো পালন মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ নাম-কীৰ্তন, হৰিনামেৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বৰদোৱা। ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰতো পালন মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ৷ পুৱাৰ পৰাই হৰি নামৰে মুখৰিত হৈ পৰিছে মাজুলী।

“শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ।। “

শংকৰদেৱৰ জন্ম তাৰিখ সম্বন্ধে কেইবাটাও মতবাদ চলি আছে। কথা গুৰু চৰিতৰ মতে, “কাৰ্তিকৰ সংক্ৰান্তি : বাৰ বৃহস্পতিবাৰ : তিথি পূৰ্ণিমা : শ্ৰৱণা নক্ষত্ৰ মধ্য নিশা জ্যোতিষক (১৩৭১ : তেৰশ একসতৰি শকত) আন কোনো কোনোৰ মতে, আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথি শুকুৰবাৰ, ৰাতি চাৰিদণ্ড যোৱাত ১৩৭১ শকত শঙ্কৰদেৱৰ জন্ম হয়। ৰামচৰণ ঠাকুৰে লিখিছে,

“আশ্বিন প্ৰৱেশি পাঞ্চদিন বহি গৈল।
সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল।
শুকুলা দশমী আসি ভৈল শুক্ৰবাৰে।’’

চৰিতকাৰ দৈত্যাৰি ঠাকুৰ, ৰামানন্দ দ্বিজ আৰু ভূষণ দ্বিজই চন তাৰিখৰ উল্লেখ নকৰাকৈ মাত্ৰ জন্ম মাহৰ উল্লেখ কৰিছে। “বাঁহী’’ত প্ৰকাশিত এটি মত, “ ১৩৭১ শকৰ কাৰ্তিক সংক্ৰান্তিৰ অমাৱস্যা তিথিৰ বৃহস্পতিবাৰে মাজনিশা শঙ্কৰদেৱৰ জন্ম হয়’’। এই সকলোবোৰ মত মিলালে শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকৰ কাতি নাইবা আহিনৰ নাইবা ফাগুণৰ বৃহস্পতিবাৰে মাজনিশা বুলি মানিব পাৰি। ইংৰাজী চন মতে ১৪৪৯ চন৷ শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধ্যা দেৱী।

১৪৭০ চনত তেওঁৰ সূৰ্য্যৱতীৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। প্ৰথম তীৰ্থ ভ্ৰমণ কৰে ১৪৮১পৰা ১৪৯৩ চনলৈকে। ১৫৪৬ চনত আহোম ৰজাৰ ৰোষত পৰি কোঁচৰাজ্যলৈ যায়। অসমত তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। ১৫৬৮ চনত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়। তেওঁৰ ৰচনাৱলী-কীৰ্তনঘোষা, বৰগীত, হৰিশ্চন্দ্ৰ উপাখ্যান, চিহ্ন যাত্রা, কুৰুক্ষেত্ৰ, পত্নী প্ৰসাদ ইত্যাদি । মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ আৰু সত্ৰ অসমীয়া কৃষ্টিৰ বৰখুটা ।