শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সত্ৰসমূহ চোৱাচিতা কৰিবলৈ গঠন কৰা হ‘ব স্থায়ী সত্ৰ আয়োগ, মুখ্যমন্ত্ৰীৰ ঘোষণা…

চৰকাৰে এখন স্থায়ী সত্ৰ আয়োগ গঠন কৰিব। এই আয়োগক আৰ্থিকভাৱে, প্ৰশাসনিকভাৱে সত্ৰসমূহৰ সুবিধা আৰু কল্যাণৰ বাবে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ ঘোষণা ।

সত্ৰসমূহ চোৱাচিতা কৰিবলৈ গঠন কৰা হ‘ব স্থায়ী সত্ৰ আয়োগ, মুখ্যমন্ত্ৰীৰ ঘোষণা…
সত্ৰ আয়োগৰ বৈঠক
manas-borah
Manas Borah | Published: 10 Jun 2025 00:04 AM

ৰাজ্যৰ সত্ৰসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে স্থায়ী সত্ৰ আয়োগ স্থাপন আৰু সত্ৰৰ সুৰক্ষাক প্ৰাধান্য দি এক আইন প্ৰণয়ন কৰিবলৈ চৰকাৰ আগবঢ়াৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই ঐতিহাসিক সত্ৰসমূহৰ সমস্যাসমূহ অধ্যয়নৰ বাবে গঠন কৰা অস্থায়ী পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এখন সভাত শৰ্মাই কয় যে, আয়োগৰ স্থায়ী সংস্থাটোৱে সত্ৰসমূহক সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰিব।

তেওঁ লগতে কয়, “আমাৰ চৰকাৰে এখন স্থায়ী সত্ৰ আয়োগ গঠন কৰিব। এই আয়োগক আৰ্থিকভাৱে, প্ৰশাসনিকভাৱে সত্ৰসমূহৰ সুবিধা আৰু কল্যাণৰ বাবে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰা হ’ব।” সত্ৰসমূহ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যদিও বৰ্তমানৰ চৰকাৰৰ দৰে সমস্যাসমূহ সমাধানৰ বাবে আন কোনো চৰকাৰে উদ্যোগ লোৱা নাছিল বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

তেওঁ লগতে কয় যে, চৰকাৰে সত্ৰসমূহক বচাবলৈ আৰু জীয়াই ৰাখিবলৈ পদক্ষেপ লৈছে। সোমবাৰে অসমৰ সত্ৰ ভূমিৰ সমস্যাসমূহ পৰ্যালোচনা আৰু মূল্যায়নৰ বাবে গঠন কৰা সত্ৰ আয়োগে চূড়ান্ত প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰে।

অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাক অধ্যক্ষ আৰু বিজেপিৰ বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ ২০২১ চনৰ ২৪ নৱেম্বৰত গঠন হোৱা আয়োগে ১২৬ খন সত্ৰ পৰিদৰ্শন কৰি তাত থকা সমস্যাসমূহ পৰীক্ষা কৰি প্ৰতিবেদনত কেইবাটাও পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰে পৰামৰ্শসমূহ পূৰণ কৰিবলৈ প্ৰতিবেদনখন অতি সূক্ষ্ম আৰু বিস্তৃতভাৱে অধ্যয়ন কৰিব।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ৰাজ্যৰ আৰ্থ-সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনত সত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে, শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি ৰাজ্যজুৰি সাংস্কৃতিক আৰু আধ্যাত্মিক আলোচনা আৰু প্ৰচাৰৰ বাবে সত্ৰ স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।