শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুখ্যমন্ত্ৰীয়ে কি যুক্তিত খালী কৰি ৰাখিছে GMCHৰ অধীক্ষকৰ পদ? প্ৰশ্ন অজিত ভূঞাৰ, বিৰোধী ঐক্য সন্দৰ্ভত ক’লে এইদৰে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। আজি ৰাজ্যসভাৰ সাংসদ তথা অসম নাগৰিক সন্মিলনৰ আহ্বায়ক অজিত ভূঞাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীয়ে কি যুক্তিত খালী কৰি ৰাখিছে GMCHৰ অধীক্ষকৰ পদ? প্ৰশ্ন অজিত ভূঞাৰ, বিৰোধী ঐক্য সন্দৰ্ভত ক’লে এইদৰে
সংবাদমেলত অজিত কুমাৰ ভূঞা
monjit-dutta
Monjit Dutta | Updated On: 22 Aug 2025 15:55 PM

যোৱা সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা শোকাৱহ ঘটনাক লৈ ৰাজ্যত এতিয়াও অব্যাহত আছে চৰ্চা চিকিৎসালয়ত অৱহেলাৰ বাবে এই ঘটনাত এটি সদ্যজাত শিশুৱে শোকাৱভাৱে প্ৰাণ হেৰুৱাইছিল ইয়াৰ পিছতে উক্ত নিশা কৰ্তব্যত থকা নাৰ্ছগৰাকীক নিলম্বনৰ লগতে গ্ৰেপ্তাৰ কৰা হয় ইফালে অন্য কিছুমান অভিযোগৰ লগত জড়িত কেইবাজনো স্বাস্থ্য কৰ্মচাৰীক আটক কৰা হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ নিৰ্দেশনা দিছে

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে একাংশই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা হৈছে আজি ৰাজ্যসভাৰ সাংসদ তথা অসম নাগৰিক সন্মিলনৰ আহ্বায়ক অজিত ভূঞাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত অজিত ভূঞাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ পদটো কি যুক্তিত মুখ্যমন্ত্ৰীয়ে খালী কৰি ৰাখিছে বুলি প্ৰশ্ন কৰে বিগত ছয়মাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অধীক্ষকবিহীন হৈ আছে বুলি উল্লেখ কৰি অজিৎ ভূঞাই লগতে অধীক্ষক বিহীন অৱস্থাত অধিক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আংশকা ব‍্যক্ত কৰিছে

অজিত ভূঞাই লগতে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী সকলো ৰাইজক একত্ৰিত কৰাৰ পোষকতা কৰে তেওঁ জানিবলৈ দিয়া মতে সকলো বিৰোধী দল, নাগৰিক সমাজ আৰু সাধাৰণ জনতাক ঐক্যবদ্ধ কৰাৰ স্বাৰ্থত তিনিখন আঞ্চলিক ভিত্তিত অসম নাগৰিক সন্মিলনে নাগৰিক অভিৱৰ্তনৰ আয়োজন কৰিছে

সেই অনুসাৰে কাইলৈ নগাঁৱত, ৭ ছেপ্তেম্বৰত যোৰহাট আৰু ১৪ ছেপ্তেম্বৰত ঢেকিয়াজুলিত আঞ্চলিক নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ইফালে ২৪ আগষ্টত সন্মিলিত নাগৰিক মঞ্চই লক্ষ্মীৰাম বৰুৱা সদনত দেশৰ সাম্প্ৰতিক অৱস্থা আৰু অসমৰ বিশেষ পৰিস্থিতিকলৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰিব বুলিও তেওঁ সদৰী কৰে

এই ৰাজহুৱা সভাত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভূষন, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য চায়েদা হামিদ, ভাৰতৰ প্ৰাক্তন মুখ্য তথ্য আয়ুক্ত ওৱাজাহাট হাবিবুল্লাহে অংশ ল সকলো বিৰোধী ৰাজনৈতিক দলৰ লগতে সাধাৰণ জনতাক এই ৰাজহুৱা সভাত অংশ ল’বলৈ আহ্বান জনায় অজিত ভূঞাই

বিৰোধী ঐক‍্যৰ ক্ষেত্ৰত অসম নাগৰিক সন্মিলন এতিয়াও আশাবাদী বুলিও তেওঁ উল্লেখ কৰে। শেহতীয়া ৰাজনৈতিক ঘটনাৱলীয়ে বিৰোধী ঐক‍্য সবল কৰাত সহায় কৰিছে বুলি মন্তব্য কৰি অজিত ভূঞাই লগতে বিৰোধী দলৰ নেতা সকলৰ মাজত কেতিয়াবা মতভেদ নথকা নহয় বুলিও স্বীকাৰ কৰে।

তেওঁৰ মতে, বিজেপি আৰু এজিপিৰ মাজতো এনেদৰে মতভে চলি থাকে। কিন্তু তেওঁলোকৰ বিষয়ে প্ৰচাৰ কমকৈ হয় আৰু বিৰোধীহে লক্ষ্য হৈ পৰে বুলিও অজিত ভূঞাই দাবী কৰে ইফালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ মাজত বিবাদ হৈছে যদিও বিৰোধী ঐক‍্যক লৈ দেৱব্ৰত শইকীয়াৰ সদৰ্থক মন্তব‍্যহে গ্ৰহণ কৰা বুলিও তেওঁ দোহাৰে