বিয়াৰ মাত্ৰ এবছৰ পাছতে গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ, আটক স্বামী…
পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ভাড়াঘৰৰ কোঠাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। এতিয়ালৈকে ঘটনা সন্দৰ্ভত স্বামীক আটক কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ পৰা পুনৰ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। দক্ষিণ শৰনীয়াৰ এটা ভাড়াঘৰত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। বৃহস্পতিবাৰ (২২ আগষ্ট)য়ে সন্ধিয়া মহিলাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, চৰম পন্থা গ্ৰহণ কৰিছে মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
মৃত্য হোৱা মহিলাগৰাকী মাজুলীৰ বুলি জানিব পৰা গৈছে। তেওঁ গুৱাহাটীত Specialities Management হিচাপে কৰ্মৰত আছিল। ইয়াৰোপৰি প্ৰায় এবছৰ পূৰ্বে বিয়া হৈছিল তেওঁৰ।
জানিব পৰা মতে, মহিলাগৰাকীয়ে যোৱা নৱেম্বৰ মাহত শিৱ কলিতা নামৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। শিৱ কলিতাৰ ঘৰ আছিল গুৱাহাটীৰ জালুকবাৰীত। লক্ষণীয়ভাৱে, আইনীগতভাৱে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছতো শিৱ কলিতা আৰু মহিলাগৰাকী পৃথকে পৃথকে বাস কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে শিৱ কলিতাক। কিন্তু কি কাৰণে এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে শিৱ কলিতা আৰু তেওঁৰ পৰিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ভুক্তভোগীৰ ভগ্নীয়ে কয় যে, ”বাইদেউ ২০১৮ চনৰ পৰা গুৱাহাটীত আছে। ২০২৪ চনৰ নৱেম্বৰত কোৰ্টত বিয়া হৈছিল। কিন্তু তাৰ পাছতে শিৱ কলিতাৰ পৰিয়ালৰ লোকে তেওঁৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল। মাজতে ভাড়াঘৰৰ পৰা জালুকবাৰীৰ ঘৰলৈ লৈ গৈছিল। কিন্তু তাতো অত্যাচাৰ চলাইছিল। পাছত বেলেগকৈ ৰুম লৈ থাকিবলগীয়া হৈছিল। সম্পত্তিৰ দাবী কৰিছিল।মাটি-সম্পত্তি দিব নোৱাৰিলে মৰি যাবলৈ গৈছিল”।
মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে, “দীৰ্ঘদিন ধৰি শিৱ কলিতা মাতৃৰ লগতে পৰিয়ালৰ আন সমস্য সকলেও শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল। মাজে মাজে তেওঁলোক ফুৰিবলৈও গৈছিল যদিও তাৰ পৰা অহাৰ পাছত পুনৰ অত্যাচাৰ চলাইছিল শহুৰেকৰ ঘৰৰ মানুহে। কিছুদিন পূৰ্বে কাজিৰঙালৈ ফুৰিব গৈছিল। কিন্তু তাৰ পৰা অহাৰ পাছতো চলিছিল মানসিক হাৰাশাস্তি”।
উল্লেখ্য যে, এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীক আটক কৰি সোধা পোছা অব্যাহত ৰখা হৈছে। গতিকে তদন্তৰ অন্ততহে সঠিক তথ্য পোহৰলৈ আহিব যে কেনেকৈ আৰু কিয় মহিলাগৰাকীৰ মৃত্যু হয়।
অন্য খবৰ পঢ়কঃ মহিলা উদ্যমিতা অভিযানঃ কোন জিলাৰ মহিলাই কেতিয়া পাব ১০,০০০ টকা, জানক তাৰিখ…