শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নীতিবহিৰ্ভূতভাৱে বাহিৰত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ: GMCয়ে ছীল কৰিলে জু-ৰোডস্থিত গ্ৰীল্ড পাণ্ডা ৰেষ্টুৰেণ্ট

জু-ৰোডস্থিত গ্ৰীল্ড পাণ্ডাত নিশা অভিযান চলালে GMCৰ। উপযুক্ত নথি নথকাৰ অভিযোগত ছীল কৰে ৰেষ্টুৰেণ্টখন। নীতিবহিৰ্ভূতভাৱে ৰেষ্টুৰেণ্টখনে বাহিৰত খাদ্য প্ৰস্তুত কৰি অহাৰ অভিযোগ। স্বাস্থ্যসন্মত নহয় ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালো। তাৰ পাছতেই ছীল কৰা হয় ৰেষ্টুৰেণ্টখন।

নীতিবহিৰ্ভূতভাৱে বাহিৰত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ: GMCয়ে ছীল কৰিলে জু-ৰোডস্থিত গ্ৰীল্ড পাণ্ডা ৰেষ্টুৰেণ্ট
জু-ৰোডস্থিত গ্ৰীল্ড পাণ্ডা ৰেষ্টুৰেণ্ট ছীল কৰিলে GMCয়ে
Trishna Kalita
Trishna Kalita | Updated On: 03 Nov 2024 10:42 AM

খাদ্যৰ নামত অখাদ্য! সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনেই অথবা প্ৰয়োজনীয় নথি-পত্ৰ অবিহনেই চলি আছে মহানগৰীত একাংশ হোটেল, ৰেষ্টুৰেণ্ট । গুৱাহাটী ৰেষ্টুৰেণ্টত প্ৰস্তুত কৰা অস্বাস্থ্যকৰ খাদ্যৰ বিৰুদ্ধে কঠোৰ GMC। যাৰ বাবে ৰেষ্টুৰেণ্টে ৰেষ্টুৰেণ্টে গুৱাহাটী পৌৰ নিগমে চলাইছে অভিযান। শনিবাৰে নিশও অভিযান চলাই এনে এখন ৰেষ্টুৰেণ্ট ছীল কৰিছে পৌৰ নিগমে । পৌৰ নিগমে ছীল কৰা এই ৰেষ্টুৰেণ্টখন জু-ৰোডত থকা গ্ৰীল্ড পাণ্ডা।

জু-ৰোডস্থিত গ্ৰীল্ড পাণ্ডাত নিশা অভিযান চলালে GMCৰ। উপযুক্ত নথি নথকাৰ অভিযোগত ছীল কৰে ৰেষ্টুৰেণ্টখন। নীতিবহিৰ্ভূতভাৱে ৰেষ্টুৰেণ্টখনে বাহিৰত খাদ্য প্ৰস্তুত কৰি অহাৰ অভিযোগ। স্বাস্থ্যসন্মত নহয় ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালো। পৌৰ নিগমৰ দলটোৱে অভিযান চলোৱাৰ সময়ত এই ৰেষ্টুৰেণ্টখনৰ প্ৰয়োজনীয় নথি-পত্ৰও নথকা বুলি স্পষ্ট হয়। তাৰ পাছতেই ছীল কৰা হয়।

ইফালে অৱশ্যে পৌৰ নিগমে ৰেষ্টুৰেণ্টখন ছীল কৰাত খৰ্গহস্ত হৈ পৰিছে স্বত্বাধিকাৰগৰাকী। ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ মতে এয়া এক ষড়যন্ত্ৰ। কিয় কাষত থকা ৰেষ্টুৰেণ্টসমূহত চলোৱা নাই অভিযান? পৌৰ নিগমলৈ এই প্ৰশ্ন স্বত্বাধিকাৰীৰ। অৱশ্যে, নথি-পত্ৰত আঁসোৱাহ থকাৰ কথা স্বীকাৰ গ্ৰীল্ড পাণ্ডাৰ স্বত্বাধিকাৰীৰ।কেৱল সেয়াই নহয় এই ৰেষ্টুৰেণ্টখনৰো খাদ্য প্ৰস্তুত কৰা হয় অস্বাস্থ্যকৰ পৰিবেশত। ৰেষ্টুৰেণ্টখনৰ ৰান্ধনীশালো স্বাস্থ্যসন্মত নহয়। কেৱল মাত্ৰ সাধাৰণ অনুজ্ঞাপত্ৰৰে স্বত্বাধিকাৰীয়ে এই ৰেষ্টুৰেণ্ট ব্যৱসায় চলাই অহাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে, শনিবাৰে নিশা মহানগৰীৰ জি এছ ৰোডৰ বাৰ্বী হোটেল এণ্ড ফাষ্ট ফুড ছীল কৰিছিল প্ৰশাসনে। এন্দূৰ-নিগনিয়ে খোৱা খাদ্য গ্ৰাহকক খাবলৈ দিয়াৰ অভিযোগ। ভিতৰৰ ঘৃণনীয় দৃশ্য দেখি হোটেলখন ছীল কৰিছিল প্ৰশাসনে। ইয়াৰ পূৰ্বেও খীষ্ট্ৰানবস্তিৰ কেৰী বেৰী আৰু তনডুজিং নামৰ ৰেষ্টুৰেণ্ট দুখন ছীল কৰিছিল GMCএ। ৰেষ্টুৰেণ্ট দুখনৰ পাকঘৰৰ সৈতে সংলগ্ন নলা। পাকঘৰৰ ভিতৰত আছিল অতি কদৰ্যময় পৰিৱেশ। এই ৰেষ্টুৰেণ্টসমূহত খাদ্যৰ প্ৰস্তুত কৰি ৰখা পাত্ৰৰ ওপৰত নাছিল কোনো ঢাকনিৰ ব্যৱস্থা। একেবাৰে কদৰ্য-লেতেৰা পৰিৱেশত প্ৰস্তুত কৰা হৈছে খাদ্য।

ইয়াৰ পূৰ্বে পল্টনবজাৰৰো কেইবাখনো ৰেষ্টুৰেণ্টত প্ৰশাসনে চলাইছিল অভিযান। অভিযানত পল্টনবজাৰৰ ৰেষ্টুৰেণ্ট ছীল কৰিছিল প্ৰশাসনে। পল্টনবজাৰৰ দিলখুছ পাঞ্জাৱী ধাবাত ডীপ ফ্রীজত থকা মাংসত পোক লাগি কিলবিলাই প্রত্যক্ষ কৰিছিল GMCৰ অভিযানকাৰী দলে। পল্টনবজাৰৰ একাংশ হোটেলত বিক্ৰী হয় এসপ্তাহ পুৰণি মাংস।