শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসম-মেঘালয়ৰ কয়লা ছিণ্ডিকেটক লৈ মৌন চৰকাৰ… তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে গৌৰৱ গগৈয়ে

ৰাজনৈতিক সুৰক্ষাৰ অভিযোগ উত্থাপন কৰি অসম আৰু মেঘালয়ৰ অবৈধ কয়লা খনন ছিণ্ডিকেটৰ পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। অসম চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক আনুষংগিক বিষয়ত মৌনতা অৱলম্বন কৰাক লৈ সমালোচনা কৰে সাংসদগৰাকীয়ে।

অসম-মেঘালয়ৰ কয়লা ছিণ্ডিকেটক লৈ মৌন চৰকাৰ… তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে গৌৰৱ গগৈয়ে
26 Yjs 9
trishna-kalita
Trishna Kalita | Published: 25 May 2025 17:14 PM

অসম-মেঘালয়ত কয়লা ছিণ্ডিকেটৰ অভিযোগৰ তদন্ত বিচাৰিছে গৌৰৱ গগৈয়ে

অসম আৰু মেঘালয়ত অবৈধ কয়লা খনন আৰু ছিণ্ডিকেট চলি থকা বুলি অভিযোগ উত্থাপন কৰি বিতং তদন্তৰ দাবী জনাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । যোৰহাটৰ জিলা কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰি গগৈয়ে ৰাজনৈতিক সুৰক্ষাৰ অধীনত এটা “কয়লা মাফিয়া” উফন্দি উঠিছে বুলি দাবী কৰি অসমৰ নেতৃত্বৰ পৰিৱৰ্তনৰ সৈতে ইয়াক সম্পৰ্কিত কৰে।

এএনআইৰ সৈতে হোৱা কথা-বতৰাত গগৈয়ে কয়, “দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ ইষ্ট শীৰ্ষ সন্মিলনত ভাষণ দিছিল য’ত তেওঁ ব্যক্তিগত বিনিয়োগৰ কথা কৈছিল। সেইদিনা মই তেওঁলৈ পত্ৰ লিখি অসম আৰু মেঘালয়ৰ অবৈধ কয়লা ছিণ্ডিকেটৰ বাস্তৱতা প্ৰকাশ কৰিছিলোঁ ।” গগৈয়ে এপ্ৰিল মাহৰ পৰা Enforcement Directorate একশ্যনৰ কথা উল্লেখ কৰি দাবী কৰে যে মেঘালয়ত অবৈধভাৱে খনন কৰা কয়লা কেনকৈ কেনেকৈ জাল নথি-পত্ৰ ব্যৱহাৰ কৰি অসমলৈ পৰিবহণ কৰা হয়। লগতে প্ৰতিখন ট্ৰাকত ১.৫ লাখ টকাৰ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰা হয়। এই ধন গুৱাহাটীৰ বিভিন্ন স্থানত জমা হৈ আছে বুলিও উল্লেখ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কয়, “এইক্ষেত্ৰত অসম বা মেঘালয়ৰ চৰকাৰে কোনো আদৰণীয় পদক্ষেপ গ্ৰহণ কৰা নাই। এইটোৱে মোক উমৰাংছু কাণ্ডৰ কথা মনত পেলাই দিয়ে, য’ত অবৈধ কয়লা খনিত ৯ জন শ্ৰমিকৰ মৃত্যু হৈছিল। পৰৱৰ্তী তদন্তত অসমত ২৪৫ টা এনে অভিযানৰ কথা পোহৰলৈ আহিছে। ৰাজনৈতিক সুৰক্ষা অবিহনে এইটো হ’ব নোৱাৰে।”তেওঁ লগতে কয়, “কয়লা ছিণ্ডিকেটৰ কোনো গুৰুতৰ তদন্ত হোৱা নাই। কোনো গুৰুতৰ গ্ৰেপ্তাৰ হোৱা নাই। মৌন হৈ আছে অসম চৰকাৰ। একে স্থিতিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।”

গগৈয়ে লগতে অভিযোগ কৰে যে ছিণ্ডিকেট উফৰাবলৈ চেষ্টা কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অপসাৰণ কৰা হৈছিল। তেওঁ কয়, “কয়লা ছিণ্ডিকেটৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দি সোণোৱালে ক্ষমতালৈ আহিছিল। কিন্তু হয়তো তেওঁৰ এই কাৰ্য হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহযোগীসকলে ভাল নাপালে, যাৰ ফলত তেওঁৰ দলক দ্বিতীয়বাৰৰ বাবে জয়ৰ দিশে লৈ যোৱাৰ পিছতো তেওঁক অপসাৰণ কৰা হ’ল।”

ইয়াৰ উপৰিও পুঞ্চত গোলাবৰ্ষণৰ বলি হোৱা লোকক সাক্ষাৎ নকৰাৰ বাবে প্ৰধানমন্ত্ৰীক সমালোচনা কৰে সাংসদগৰাকী। তেওঁ কয়, “পুঞ্চৰ লোকসকল ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে বিহাৰত সভাত ভাষণ দিয়াটো দুৰ্ভাগ্যজনক।বিদেশৰ পৰা প্ৰতিনিধি দল ঘূৰি অহাৰ পিছত এই বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ সংসদত বিশেষ অধিৱেশন আহ্বান কৰা উচিত।”