5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা! ABVP, ACPৰ বৃহৎ জয়

এই নিৰ্বাচনত ১৫টা পদৰ বাবে ৩৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। নিৰ্বাচনক লৈ উখল-মাখল হৈ পৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। উল্লেখনীয় যে বৃহস্পতিবাৰে অনুষ্ঠিত নিৰ্বাচনত মুঠ ৬০.৭ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা! ABVP, ACPৰ বৃহৎ জয়
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত ABVP, ACPৰ বৃহৎ জয়
trishna-kalita
Trishna Kalita | Updated On: 27 Sep 2024 16:56 PM

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভা ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। বৃহস্পতিবাৰে এক শান্তিপূৰ্ণ আৰু উছাহমুখৰ পৰিৱেশত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৪-‘২৫ বর্ষৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ১৫টা পদৰ বাবে ৩৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। নিৰ্বাচনক লৈ উখল-মাখল হৈ পৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ। উল্লেখনীয় যে বৃহস্পতিবাৰে অনুষ্ঠিত নিৰ্বাচনত মুঠ ৬০.৭ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে। সৰ্বমুঠ ভোট আছিল ৪০৮৫ । ইয়াৰে ২৪৮৩ গৰাকী ভোটাৰে ভোটদান কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ‌ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফলত ত্ৰিকোণীয়া যুঁজ। উপ-সভাপতি, সহ সম্পাদক সহ ৬টা পদত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ। সাধাৰণ সম্পাদকসহ তৰ্ক সম্পাদক , শৰীৰচৰ্চা সম্পাদক, সমাজ সেৱা সম্পাদক আৰু ক্ৰীড়া সম্পাদককে ধৰি ৫টা পদত অসম ছাত্ৰ পৰিষদৰ জয়লাভ।

আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছিল ভোট গণনা প্ৰক্ৰিয়া। ভোট গণনাৰ অন্তত ঘোষণা কৰা হয় ফলাফলসমূহ। সাধাৰণ সম্পাদক পদত জয়ী হৈছে কৌশিক বৰুৱা। কৌশিক অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী। বিশ্ববিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ কৌশিক বৰুৱাৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত।কৌশিক নৰ্থ লখিমপুৰ কলেজৰ এগৰাকী প্ৰাক্তন ছাত্ৰ। বৰ্তমান বিশ্ববিদ্যালয়খনৰ গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাবাসৰ আবাসী কৌশিক বৰুৱা।

সভাপতি পদত জয়ী হৈছে মানস প্ৰতিম কলিতা। মানস অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী। মানস প্ৰতিম কলিতা গুৱাহাটী বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ।মানস প্ৰতিমৰ ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত। ৰঙিয়া কলেজৰ প্ৰাক্তন ছাত্ৰ মানস প্ৰতিম কলিতা।

উপ-সভাপতি, সহকাৰী সাধাৰণ সম্পাদকসহ ৬টা পদত জয়লাভ কৰিছে আছু সমৰ্থিত প্ৰাৰ্থীয়ে। উপ-সভাপতি পদত জয়ী হৈছে উদীপ্ত বায়ন। সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হৈছে নৈমিষা শইকীয়া। সাহিত্য সম্পাদকত জয়ী হৈছে প্ৰাণজিৎ কোচ। সাংস্কৃতিক সম্পাদক পদত জয়ী হৈছে বন্দিতা ডেকা।

সাংস্কৃতিক সম্পাদক পদত নিবেদিতা কলিতা, ক্ৰীড়া সম্পাদক পদত ৰৌশন কুমাৰ চাহু, গুৰু খেল বিভাগৰ সম্পাদক পদত দীপজ্যোতি শৰ্মা, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত উজ্জ্বল কলিতা, শৰীৰচৰ্চা বিভাগৰ সম্পাদক পদত প্ৰিয়াংক বৰ্মন, সমাজ সেৱা বিভাগৰ সম্পাদক পদত দীপজ্যোতি চহৰীয়া আৰু তৰ্ক বিভাগৰ সম্পাদক পদত মিণ্টু ডেকাই জয়লাভ কৰিছে।

Latest News