টিপাম পাহাৰত আহোম যুগৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ বাবে চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কয়লা সৰবৰাহকাৰীৰ অবৈধ খনন ৰোধ কৰাৰ বাবে টিপাম পাহাৰৰ ওপৰত নজৰ ৰাখিবলৈ আৰু তদাৰক কৰিবলৈ চৰকাৰক নিৰ্দেশ । লগতে আহোম যুগৰ স্মৃতিসৌধৰ সংৰক্ষণৰ বাবেও নিৰ্দেশনা ।
টিপাম পাহাৰ অঞ্চলত কয়লা সৰবৰাহকাৰীয়ে ঐতিহাসিক টিপাম পাহাৰ ধ্বংস কৰা অবৈধ কাৰ্যকলাপৰ সন্দৰ্ভত বাতৰি কাকতত প্ৰকাশিত প্ৰতিবেদনৰ ওপৰ ভিত্তি কৰি আদালতে পঞ্জীয়ন কৰা ছুঅ’ মোট’ জনস্বাৰ্থৰ আবেদন (‘পিআইএল’)ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ সুমন শ্যামৰ বিভাগীয় বিচাৰপীঠে ৰাজ্য চৰকাৰক প্ৰত্নতাত্ত্বিক জৰীপ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দি পিআইএল নিষ্পত্তি কৰে আৰু আহোম বংশৰ ঐতিহাসিক স্মৃতিসৌধক সুৰক্ষা প্ৰদান কৰি অবৈধ খনন কৰা কয়লা সৰবৰাহকাৰীৰ বাবে টিপাম পাহাৰত নিৰন্তৰ নিৰীক্ষণ কৰিবলৈও নিৰ্দেশ দিয়ে ।
ডিগবৈৰ টিপাম পাহাৰত কয়লা সৰবৰাহকাৰীয়ে চলাই থকা অবৈধ খননৰ কাৰ্যকলাপ বিগত দুবছৰৰ পৰা বন্ধ হৈ থকাৰ লগতে কোনো ধৰণৰ অবৈধ খনন যাতে নহয় তাৰ বাবে নিয়মীয়াকৈ নিৰীক্ষণ কৰা হৈছে বুলি আদালতক অৱগত কৰা হয় ।
আহোম বংশৰ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্নসমূহৰ সুৰক্ষাৰ বিষয়টো সন্দৰ্ভত আদালতে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যে তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে অৱগত কৰিব লাগে । সেই অনুসৰি পুৰাতত্ত্ব সঞ্চালকালয়ে আদালতক জনাইছিল যে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চিনাক্ত কৰিবলৈ, ইয়াৰ সত্যতা, অখণ্ডতা, আৰু প্ৰত্নতাত্ত্বিক তথ্যসমূহ পৰীক্ষা কৰিবলৈ এক জৰীপ চলোৱা হৈছে আৰু তাৰ পিছত ইয়াক সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব ।
এই কথা বিবেচনা কৰি আদালতে ছমাহৰ ভিতৰত উক্ত জৰীপ সম্পূর্ণ কৰি আহোম বংশৰ স্মৃতিসৌধ সুৰক্ষিত কৰাৰ ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে । কয়লা সৰবৰাহকাৰীৰ অবৈধ খনন ৰোধ কৰাৰ বাবে টিপাম পাহাৰৰ ওপৰত নজৰ ৰাখিবলৈ আৰু তদাৰক কৰিবলৈও আদালতে নিৰ্দেশ দিয়ে । সেই অনুসৰি পিআইএল নিষ্পত্তি কৰা হয় ।