শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শান্তি ভূমিত মদ্যপান, পকেটমাৰ এনেবোৰ হ’ব নালাগে: জুবিন ক্ষেত্ৰক লৈ বিশেষ আহ্বান গৰিমা গাৰ্গৰ

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত গৰিমাই প্ৰকাশ কৰে যে, জুবিনৰ সৃষ্টিশীল যাত্ৰা — তেওঁৰ সংগীতৰ পৰা আৰম্ভ কৰি ছবি আৰু ব্যক্তিগত স্মৃতিসৌধলৈকে প্ৰদৰ্শন কৰিবলৈ অতি সোনকালে জুবিন ক্ষেত্ৰত এটা সংগ্ৰহালয় স্থাপন কৰা হ’ব।

শান্তি ভূমিত মদ্যপান, পকেটমাৰ এনেবোৰ হ’ব নালাগে: জুবিন ক্ষেত্ৰক লৈ বিশেষ আহ্বান গৰিমা গাৰ্গৰ
জুবিন ক্ষেত্ৰক লৈ বিশেষ আহ্বান গৰিমা গাৰ্গৰ
trishna-kalita
Trishna Kalita | Updated On: 30 Oct 2025 13:04 PM

বৃহস্পতিবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গসহ নিৰ্মাণ কমিটীৰ সদস্যসকল। পুৱাই জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে নিৰ্মাণ কমিটীৰ সদস্যসকলে। গৰিমা গাৰ্গৰ লগতে সুদৰ্শন ঠাকুৰ, প্ৰাঞ্জল শইকীয়া, পুলক বেনাৰ্জীৰ পৰিদৰ্শন। পামী বৰঠাকুৰ, অনুৰাধা শৰ্মা পূজাৰী, বীৰেন সিংহ উপস্থিত। তৰালী শৰ্মা, পাৰ্থ সাৰথি মহন্তও আছে দলটোৰ সৈতে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত গৰিমাই প্ৰকাশ কৰে যে, জুবিনৰ সৃষ্টিশীল যাত্ৰা — তেওঁৰ সংগীতৰ পৰা আৰম্ভ কৰি ছবি আৰু ব্যক্তিগত স্মৃতিসৌধলৈকে প্ৰদৰ্শন কৰিবলৈ অতি সোনকালে জুবিন ক্ষেত্ৰত এটা সংগ্ৰহালয় স্থাপন কৰা হ’ব। তেওঁ কয়,  ‘জুবিনে ইয়াত সাংস্কৃতিক আৰু প্ৰাকৃতিক দুয়োটা দিশতে জীয়াই থাকিব।এই স্থান তেওঁৰ আত্মাৰ প্ৰতিফলন হ’ব।’

স্থানীয় যুৱক-যুৱতীসকলে জনজাতীয় পৰম্পৰা অনুসৰণ কৰি ঠাইখনৰ ওচৰতে এটা মনোলিথ স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে গৰিমা গাৰ্গে। গৰিমাই কয়, ”জুবিন ক্ষেত্ৰৰ সমীপত জনজাতীয় ৰীতি অনুসৰি স্থানীয় যুৱকসকলে স্থাপন কৰিব জুবিন গাৰ্গৰ মনলিথ। তাৰ বাবে বিচাৰি উলিওৱা হৈছে ৯ ফুট উচ্চতাৰ এটা জীয়া শিল। যিটো জুবিনৰ চিৰন্তন উপস্থিতিৰ প্ৰতীক হিচাপে থিয় হৈ থাকিব। ১১ বছৰ আগতে জুবিনে ইয়াতে ৰৈ এখন ফটো তুলিছিল…কিবা এটাতো সংযোগ নিশ্চয় আছে।”

গৰিমাই উল্লেখ কৰে যে, প্ৰথমতে আবণ্টিত ৮–১০ বিঘা মাটি নিৰ্মাণৰ বাবে পৰ্যাপ্ত নহ’ব, আৰু বৃহৎ এলেকাৰ প্ৰয়োজন হ’ব। স্থানীয় লোকসকলক তেওঁলোকৰ অতিশয় সহায়ৰ বাবে ধন্যবাদ জনাই গৰিমাই। কিয়নো বহু বাসিন্দাই এই প্ৰকল্পৰ বাবে ৩০–৪০ বিঘা মাটি আগবঢ়াইছে। তেওঁ কয়, “৪০ বিঘালৈ পৰিসৰ বৃদ্ধি হ’ব পাৰে জুবিনক্ষেত্ৰৰ পৰিসৰ। আত্মাৰ বাগিচা থাকিব, সকলোৰে বাবে উপাসনাৰ স্থলী থাকিব। প্ৰাকৃতিক পৰিৱেশৰ মাজত অত্যাধুনিক ব্যৱস্থাৰে জুবিনক্ষেত্ৰ নিৰ্মাণ কৰাটো আমি বিচাৰিছোঁ।”

ইফালে ‘ৰৈ ৰৈ বিনালে’ টিকটৰ পৰা GSTৰ অংশ জুবিন গাৰ্গ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনক দান কৰাৰ সিদ্ধান্তৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে গৰিমাই। তেওঁ কয়, “ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক মন্ত্ৰীসভাৰ প্ৰতি আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিনে দেখুওৱা বাটেৰে আৰ্তজনৰ সহায়ৰ বাবে কাম কৰি যাম। নিজে ফুটবল খেলি, কৰবাত সন্মান লাভ কৰি তেওঁ ফাউণ্ডেছনটো বনাইছিল।

‘ৰৈ ৰৈ বিনালে’ৰ মুক্তি সন্দৰ্ভত গৰিমাই কয়, “অসমীয়া চিনেমাই নতুন উচ্চতাত উপনীত হোৱাটো জুবিনৰ সপোন আছিল। ৰৈ ৰৈ বিনালেৰ জৰিয়তে সেই সপোন বাস্তৱায়িত হ’ব। ছবিখনৰ কাম চলি থকা সময়ত স্ক্ৰীনত এটা গানো মই ভালকৈ চাব পৰা নাই। সম্পূৰ্ণ ছবিখন মই কেনেকৈ চাম এতিয়াও নিজক প্ৰস্তুত কৰিব পৰা নাই। কিন্তু মই জানো তেওঁ গৌৰৱান্বিত হ’লহেঁতেন।”

ইফালে, জুবিন ক্ষেত্ৰত একাংশ ব্যক্তিয়ে সেই স্থানত সুৰা সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে সোণাপুৰৰ স্থানীয় বাসিন্দাসকলে। চৰকাৰে জাৰি কৰা এছ অ’ পি বলবৎ কৰি ঠাইখনৰ পবিত্ৰতা বজাই ৰাখিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে বাসিন্দাসকলে। এজন বাসিন্দাই কয়- ‘এইদৰে চলি থাকিলে জুবিন ক্ষেত্ৰৰ মৰ্যাদা ৰক্ষাৰ বাবে আমি নিজাকৈ পদক্ষেপ ল’ম।’ এই সন্দৰ্ভত সাংবাদিকৰ আগত গৰিমাই কয়, ‘জুবিন ক্ষেত্ৰত মদ্যপান , পকেটমাৰ এনেবোৰ হ’ব নালাগে ৷ শান্তি ভূমিত এনেবোৰ হ’ব নালাগে৷’ জুবিন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ সকলোকে আহ্বান জনাই গৰিমাই।