5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বঙাইগাঁৱত নিশা চাঞ্চল্যকৰ ঘটনা! যুৱকক আক্ৰমণ পিষ্টলধাৰী দুর্বৃত্তৰ দলৰ

অভিযোগ অনুসৰি পিষ্টলধাৰী ৬জনীয়া যুৱকৰ দলটোৰ অ'ল্ড কলনীত এজন যুৱকৰ সৈতে কাজিয়াৰ সুত্ৰপাত ঘটে। প্ৰথমে তেওঁলোকৰ মাজত তৰ্কাতৰ্কি আৰু তাৰ পাছত মাৰপিট আৰম্ভ হয়। ইমানতে ক্ষান্ত নাথাকি পিষ্টলেৰে শূন্যলৈ গুলীচালনা কৰে পিষ্টলধাৰী যুৱকৰ দলটোৱে।

বঙাইগাঁৱত নিশা চাঞ্চল্যকৰ ঘটনা! যুৱকক আক্ৰমণ পিষ্টলধাৰী দুর্বৃত্তৰ দলৰ
বঙাইগাঁৱত পিষ্টলধাৰী দুর্বৃত্তৰ দলৰ তাণ্ডৱ
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 25 Aug 2024 11:41 AM

ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ লৈছে অপৰাধজনীত ঘটনা। এইবাৰ বঙাইগাঁৱৰ অ’ল্ড কলনীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিশা তাণ্ডৱ চলালে পিষ্টলধাৰী ৬ জনীয়া যুৱকৰ দলে। ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ দুর্বৃত্তৰ দলটোৰ। পিষ্টলধাৰী যুৱকে ফুটালে গুলীও। ঘটনাৰ লগত জড়িত এজন যুৱক আটক কৰে আৰক্ষীয়ে।

অভিযোগ অনুসৰি পিষ্টলধাৰী ৬জনীয়া যুৱকৰ দলটোৰ অ’ল্ড কলনীত এজন যুৱকৰ সৈতে কাজিয়াৰ সুত্ৰপাত ঘটে। প্ৰথমে তেওঁলোকৰ মাজত তৰ্কাতৰ্কি আৰু তাৰ পাছত মাৰপিট আৰম্ভ হয়। ইমানতে ক্ষান্ত নাথাকি পিষ্টলেৰে শূন্যলৈ গুলীচালনা কৰে পিষ্টলধাৰী যুৱকৰ দলটোৱে। ৰাতুল মেধী নামৰ এজন যুৱকক আক্ৰমণ কৰে ৬জনীয়া দুর্বৃত্তৰ দলটোৱে । সেই সময়ত ৰাতুল মেধীৰ লগত আছিল তেওঁৰ পিতৃ। মাৰপিট কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোতেই ৰখাবলৈ চেষ্টা কৰিছিল পিতৃয়ে। তাৰ পাছতে সংঘটিত হয় দুৰ্ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা জব্দ কৰা হৈছে এটা পিষ্টল, ৩ জাঁই সক্রিয় গুলী। ঘটনাৰ পাছতে খবৰ দিয়া হয় আৰক্ষীক ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত। দুৰ্ঘটনাগ্ৰস্থ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টল আৰু লগতে সজীৱ ৩ জাঁই গুলী। ৬ জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা AS26F0001 নম্বৰৰ স্কৰ’পিঅ’ বাহন এখন জব্দ কৰে আৰক্ষীয়ে।

ঘটনাৰ লগত জড়িত এজন যুৱক আটক কৰে আৰক্ষীয়ে। আটকাধীন যুৱকজনৰ নামৰ প্ৰসেনজিৎ বেনাৰ্জী বুলি জানিব পৰা গৈছে। ৰণী দাস নামৰ এজন যুৱকৰ নামত আছিল অপৰাধকৰ্মত ব্যৱহাৰ কৰা বাহনখন।আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পিষ্টলৰ লগতে দুটা লেপটপকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। এই পৰ্যন্ত জানিব পৰা হোৱা নাই আক্ৰমণৰ কাৰণ। আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ। এই ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। ঘটনাৰ সঠিক তদন্তৰ বাবে প্ৰশাসনলৈ আহ্বান সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

Latest News