শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ পৰা গাজাৰ শান্তি বাৰ্তালৈ, পঢ়ক পুৱাৰ মুখ্য খবৰ

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি গৰিমা শইকীয়া গাৰ্গক দিয়া হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰতিবেদন ৰাজহুৱা কৰিব নে নকৰে সেয়ে জুবিন গাৰ্গৰ পত্নী তথা পৰিয়ালে সিদ্ধান্ত ল’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ পৰা গাজাৰ শান্তি বাৰ্তালৈ, পঢ়ক পুৱাৰ মুখ্য খবৰ
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Updated On: 04 Oct 2025 08:19 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তদন্তকাৰী দলৰ সমুখত বহু বিস্ফোৰক মন্তব্য কৰিছে শেখৰ গোস্বামীয়ে। চিআইডিৰ জেৰাত শেখৰে সিদ্ধার্থ শৰ্মা আৰু শ্যামকানু মহন্তই জুবিনক বিহ খুৱাই হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি বিস্ফোৰক দাবী কৰিছে। শেখৰে দিয়া ভাষ্য মতে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰিছিল।
  2. গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি গৰিমা শইকীয়া গাৰ্গক দিয়া হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন ৰাজহুৱা কৰিব নে নকৰে সেয়ে জুবিন গাৰ্গৰ পত্নী তথা পৰিয়ালে সিদ্ধান্ত বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে
  3. কালি এক ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ন্যায়িক আয়োগ গঠন কৰা হ’ব বুলি ঘোষণা কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক লৈ এই ন্যায়িক আয়োগ গঠন ৰাজ্য চৰকাৰে আজি এই ন্যায়িক আয়োগ গঠন কৰিব বুলি তেওঁ লগতে কয়।
  4. কাইলৈ বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। শপত গ্ৰহণৰ পূৰ্বে কালি বিপিএফ প্ৰধানগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপিএফো এনডিএৰ অংশ বুলি কৰি অহা দাবী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইউপিপিএল এনডিএত থকালৈলে বিপিএফে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিছে হাগ্ৰামা মহিলাৰীয়ে।
  5. দেশৰ ভিন্ন স্থানত কাহৰ চিৰাপ সেৱনৰ ফলত এইপৰ্যন্ত ১২টিকৈ শিশুৰ মৃত্যু ঘটিছে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনা যোগে ৫ বছৰৰ ওপৰৰ শিশুক ক্লিনিকেল পৰীক্ষাৰ পিছত চিকিৎসকে প্ৰয়োজনীয় বুলি বিবেচনা কৰিলেহে ঔষধ দিব লাগে বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। কেৱল গুড মেনুফেকচাৰিং প্ৰেকটিছ (জিএমপি)ৰ অধীনত প্ৰস্তুত কৰা নিৰাপদ ঔষধহে শিশুক দিয়াটো নিশ্চিত কৰিবলৈও কোৱা হৈছে।
  6. অন্ত পৰাৰ দিশে ইজৰাইলহামাছৰ যুদ্ধ মাৰ্কিন ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যুদ্ধৰ অৱসানৰ বাবে হোৱা শান্তি চুক্তিৰ বহু প্ৰস্তাৱৰ প্ৰতি হামাছে সমৰ্থন প্ৰকাশ কৰিছে ইয়াৰ পিছতে ট্ৰাম্পে ইজৰাইলক গাজা ষ্ট্ৰিপত বোমা বিস্ফোৰণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
  7. আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে আজি বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে আজি ভাৰতীয় দল ঘোষণা কৰিব এই ভ্ৰমণত ভাৰতে দ্বিপাক্ষিক টি২০ আৰু এদিনীয়া শৃংখলা খেলিব ভাৰতীয় দলৰ দুই তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ঘোষণা বলগা এদিনীয়া দলত স্থান লাভ কৰিব পাৰে বুলি চৰ্চা চলিছে
  8. আহমেদাবাদত চলি থকা ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ টেষ্টত শক্তিশালী স্থিতিত উপনীত হৈছে ভাৰত ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছৰ স্ক ১৬২ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে দ্বিতীয় দিনাৰ খেল সামৰণি পৰালৈ উইকেটত ৪৪৮ ৰান সংগ্ৰহ কৰিছে ভাৰতৰ হৈ কে এল ৰাহুল, ধ্ৰুৱ জুৰেল আৰু ৰবীন্দ্ৰ জাদেজাই অৰ্জন কৰিছে শতক