পুটিনৰ ভাৰত ভ্ৰমণৰ পৰা সংসদত গৌৰৱ গগৈৰ ভূমিকালৈ, চাওক আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
পুটিনৰ ভাৰত ভ্ৰমণে আজি দিনটোত সমগ্ৰ দেশজুৰি সৰ্বাধিক চৰ্চা লাভ কৰিছে। ইফালে সংসদৰ চলিত শীতকালীন অধিৱেশনৰ আজি চতুৰ্থ দিনা যোৰহাট-ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাক লৈ সৰৱ হৈ পৰে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। চাওঁ আহক দিনটোৰ আন কিছু চৰ্চিত খবৰ।
দিনটোৰ শীৰ্ষ খবৰImage Credit source: PTI
ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আজি উপস্থিত হৈছে ভাৰতত। তেওঁৰ এই ভ্ৰমণে আজি দিনটোত সমগ্ৰ দেশজুৰি সৰ্বাধিক চৰ্চা লাভ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে। ইফালে সংসদৰ চলিত শীতকালীন অধিৱেশনৰ আজি চতুৰ্থ দিনা যোৰহাট-ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাক লৈ সৰৱ হৈ পৰে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। চাওঁ আহক দিনটোৰ আন কিছু চৰ্চিত খবৰ…
- দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। আজি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদী এক নৈশ ভোজত মিলিত হ’ব। ৫ ডিচেম্বৰত দুয়োগৰাকী নেতাই আনুষ্ঠানিক বৈঠকত মিলিত হ’ব আৰু স্বাক্ষৰ কৰিব কেবাখনো গুৰুত্বপূৰ্ণ চুক্তিত। প্ৰতিৰক্ষাৰ পৰা ব্যৱসায়লৈ কমেও ২৫ খন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা।
- দেশজুৰি অচল হৈ পৰিছে ইণ্ডিগ’ৰ বিমান সেৱা। বিভিন্ন কাৰণত বাতিল কৰিবলগীয়া হৈছে বিমানসমূহ। বহু বিমানৰ চলাচলত পলম হোৱা দেখা গৈছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাটোৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। ইণ্ডিগোৰ এই সমস্যাৰ ফলত ব্যাপক হাৰত বৃদ্ধি পাইছে বিমান ভাড়া।
- চৰাইদেউত ৰাইজে ধৰি লপাথপা দিলে দুই ভণ্ড তান্ত্ৰিকক। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ হাৰিয়ানাৰ দুই ভণ্ড বাবাৰ বিৰুদ্ধে। কিন্তু ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক এই কথা অৱগত কৰাত ৰাইজে দুয়োজনকে ধৰি উত্তম-মধ্যম শোধায় আৰক্ষীক গতাই দিয়ে।
- জিহাদ সম্পৰ্কীয় কোনো ভাষণ বা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব অসমত। অসম চৰকাৰে এই সন্দৰ্ভত জাৰী কৰিছে এক নিষেধাজ্ঞা। জিহাদী সংগঠনৰ কাৰ্যকলাপ ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। এই নিষেধাজ্ঞা অবজ্ঞা কৰিলে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত সংসদত প্ৰশ্ন উত্থাপন লোকসভাত বিৰোধীৰ উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ। যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি এটা ভিডিঅ’ও প্ৰদৰ্শন কৰে নেতাগৰাকীয়ে। টোলগেটত ৰাজহ দিয়াৰ পাছতো পথৰ অৱস্থা উন্নত নোহোৱাৰ অভিযোগ কৰে গগৈয়ে।
- যোৱা এটা দশকত উত্তৰ-পূৰ্বাঞ্চলত সাধন হোৱা উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। তেওঁ কয় যে কংগ্ৰেছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক অশান্ত কৰি ৰাখিছিল। কিন্তু যোৱা ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী পদক্ষেপৰ বাবে অঞ্চলটো দ্ৰুতগতিত উন্নয়নমুখী হৈছে বুলিও কয় সোণোৱালে।
- বাবৰি মছজিদ নিৰ্মাণৰ হুংকাৰ দি দলৰ পৰা বহিষ্কাৰ হ’ল তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰ। ৬ ডিচেম্বৰ হৈছে বাবৰি মছজিদ ধ্বংসৰ দিন। সেই দিনটোতে মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিব বুলি কৈছিল হুমায়ুনে। এই বিষয়ক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ পাচতেই তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়।
- ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰাৰ ইচ্ছা বিৰোধী নেতা ৰাহুল গান্ধীৰ। কিন্তু এই ক্ষেত্ৰত অনিশ্চয়তা সন্দৰ্ভত ক্ষোভ প্ৰকাশ নেতাগৰাকীৰ। তেওঁ কয় যে মোদী চৰকাৰে বিৰোধীক বিদেশী নেতাক সাক্ষাৎ কৰিবলৈ নিদিয়ে। এইক্ষেত্ৰত সাংসদ প্ৰিয়ংকা গান্ধীয়েও সমালোচনা কৰে বিজেপি চৰকাৰক।
- ৰাজ্যিক শিক্ষা বোৰ্ডক একত্ৰিত কৰা নহয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ সৈতে। লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত এই বিষয়ে স্পষ্ট কৰি দিছে কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে। তেওঁ কয় যে নতুন শিক্ষা নীতি ২০২০ ত চিবিএছই আৰু ৰাজ্যিক বোৰ্ডক একত্ৰিত কৰাৰ কোনো উল্লেখ নাই।