Morning News: নিৰ্মলা সীতাৰমণৰ অসম ভ্ৰমণৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০লৈ, চাওক পুৱাৰ মুখ্য খবৰ
আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰিব। ভোলাগুৰি চাহ বাগিচাত মুঠ ৭৩১ বিঘা ভূমি সামৰি ৫৯৯ কোটি টকা ব্যয়েৰে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ’ব।
পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- শুকুৰবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। দিনৰ ভাগত বিত্তমন্ত্ৰীগৰাকীয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰাৰ পিছত সন্ধিয়া নতুন লেণ্ড ৱাটাৰ টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰে।
- আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰিব। ভোলাগুৰি চাহ বাগিচাত মুঠ ৭৩১ বিঘা ভূমি সামৰি ৫৯৯ কোটি টকা ব্যয়েৰে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ’ব।
- শুকুৰবাৰে শিক্ষা বিভাগে LP আৰু UP শিক্ষকৰ ৫৫৫০টা পদৰ চূড়ান্ত ফলাফল ঘোষণা কৰে। নিযুক্তিৰ বাবে যোগ্য বিবেচিত হোৱা মুঠ ৪২৭৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৯৮০ গৰাকী প্ৰাৰ্থীয়ে LP শিক্ষক পদত আৰু ১২৯৯ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব।
- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত শুকুৰবাৰে SIT- এ প্ৰায় ১২ ঘণ্টা ধৰি জেৰা কৰে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰাক্তন মেনেজাৰ টাৰচেম মিট্টালক। SITৰ সমুখত সকলো তথ্য দাখিল কৰা বুলি উল্লেখ কৰি মিট্টালে SIT– এ মাতিলে পুনৰ উপস্থিত হ’ব বুলি মন্তব্য কৰে।
- ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত লালপানীৰ ডিমাচুঙা জংঘলত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পাপু কোচ ওৰফে বিজয় অসম নামৰ ধৃত এজন ব্যক্তিক লগত লৈ চলোৱা এই অভিযানত দুটা সজীৱ গ্ৰেনেড, ৫৫ জাঁই সজীৱ গুলি, এটা ডিটনেটৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে।
- বিশ্বকাপজয়ী ক্ৰিকেটাৰ তথা অসম কন্যা উমা ছেত্ৰীক অসমত উপস্থিত হোৱাৰ সময়ত সঠিকভাৱে আদৰণি নজনোৱাক কেন্দ্ৰ কৰি ৰাজ্যত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। এনে বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ক্ৰিকেটাৰগৰাকীক উপযুক্ত সন্মান দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰিছে।
- ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত টি–২০ শৃংখলাৰ পঞ্চম মেচখন আজি অনুষ্ঠিত হ’ব। ইতিমধ্যে শৃংখলাত ২–১ ব্যৱধানত অগ্ৰগতি লাভ কৰি থকা ভাৰতে আজি জয়ী হ’লে শৃংখলা হস্তগত কৰিব।