কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰত শীৰ্ষস্থানত আছে অসম : নিৰ্মলা সীতাৰমণ
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৩০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ‘গেটৱে অৱ গুৱাহাটী’ প্ৰকল্পটো উদ্বোধন কৰে। একে সময়তে ৰাজ্যৰ ৰাজধানীত ৩২৭ কোটি টকা ব্যয় সাপেক্ষে সতী ৰাধিকা উদ্যানত স্থাপন কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট প্ৰকল্পটো ৰাইজৰ বাবে উৎসৰ্গা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
চিকিৎসালয়, পথ আৰু অন্যান্য আন্তঃগাঁথনিৰ দৰে প্ৰকল্পৰ বাবে বিশেষ কেন্দ্ৰীয় পুঁজিৰ সৰ্বাধিক ব্যৱহাৰৰ বাবে ৰাজ্যসমূহৰ তালিকাত অসম শীৰ্ষত আছে। শুকুৰবাৰে গুৱাহাটীত এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ প্ৰকল্প উদ্বোধন কৰি তেওঁ কয় যে, নগৰ উন্নয়নৰ লগত মানুহৰ জীৱিকাৰ সুক্ষ্ম ভাৰসাম্য থাকিব লাগে যাতে নতুন নিৰ্মাণ কাৰ্যৰ দ্বাৰা কোনো লোক প্ৰভাৱিত নহয়।
সীতাৰমণে কয়,”কেন্দ্রই কেপিটেল ইনভেষ্টমেণ্টৰ বাবে ৰাজ্যক বিশেষ সাহায্য (SASCI) আঁচনিৰ অধীনত প্রতিখন ৰাজ্যকে পুঁজি দিয়ে৷ ৰাজ্যসমূহৰ মূলধনী ব্যয় বৃদ্ধিৰ বাবে এই ধন ৰাজ্যসমূহক ৫০ বছৰৰ সুতমুক্ত ঋণ হিচাপে দিয়া হৈছে বুলিও কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে,”অসমে যিদৰে সম্পত্তি সৃষ্টিৰ পৰিকল্পনা কৰিছে, কেন্দ্ৰীয় পুঁজিৰ সৰ্বোচ্চ পৰ্যায়লৈ ব্যৱহাৰ কৰিছে, সেই ক্ষেত্ৰত ৰাজ্যসমূহৰ তালিকাৰ শীৰ্ষত আছে অসম।” যদিও সকলো ৰাজ্যই সম্পত্তি সৃষ্টি কৰি আছে, অসমে কাম কৰাৰ দৰে কোনেও কাম কৰা নাই বুলিও তেওঁ লগতে কয়।
উল্লেখ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৩০৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটী প্ৰৱেশদ্বাৰ টাৰ্মিনেল আৰু জেটি প্ৰকল্পটো উদ্বোধন কৰে। একে সময়তে ৰাজ্যৰ ৰাজধানীত ৩২৭ কোটি টকা ব্যয় সাপেক্ষে সতী ৰাধিকা উদ্যানত স্থাপন কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট প্ৰকল্পটো ৰাইজৰ বাবে উৎসৰ্গা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
নিৰ্মলা সীতাৰমণে কয়, “শুনিছো যে এই নদীৰ পাৰৰ প্ৰকল্পৰ তলত মাছৰ বজাৰ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক কৈছিল যে,এতিয়াও আছে আৰু এতিয়াও তেওঁলোকে নদীলৈ গৈ মাছ ধৰিব পাৰে। গতিকে, এইটো জীৱিকা আৰু উন্নয়নৰ ভাল মিশ্ৰণ।” লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “আমি মানুহৰ জীৱন উন্নত কৰাৰ বাবে কাম কৰিব লাগিব। মানুহৰ জীৱিকাত অশান্তি নকৰি পৰিৱৰ্তন অনাটো সুশাসনৰ নিদৰ্শন। দুয়োটাৰ মাজত সুক্ষ্ম ভাৰসাম্য থকাটো গুৰুত্বপূৰ্ণ।”
উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে পুৱা গুৱাহাটীত উপস্থিত হয় নিৰ্মলা সীতাৰমণ। প্ৰথমে তেওঁ জাগীৰোডত নিৰ্মীয়মাণ অৱস্থাত থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে টাটা গ্ৰুপে স্থাপন কৰা ৰাজ্যৰ এইটো প্রথমটো ছেমিকণ্ডাক্টৰ প্ৰকল্প।
ইফালে, শনিবাৰে বিশ্বনাথ জিলাৰ গহপুৰলৈ গৈ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। চলিত বৰ্ষৰ জুন মাহত অসম কেবিনেটে ৪০০ কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খন স্থাপনত অনুমোদন জনাইছিল।