শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘মিঞা বিতৰ্ক’ৰ পৰা অমিত শ্বাহৰ অসম ভ্ৰমণলৈ, থোৰতে চাওক আজি দিনটোৰ মুখ্য খবৰসমূহ

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে 'মিঞা' বিতৰ্কই চৰম ৰূপ ধাৰণ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণ আৰু গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীয়ে ৰাজ্যৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহৰ এক চমু আভাস তলত আগবঢ়োৱা হ’ল।

‘মিঞা বিতৰ্ক’ৰ পৰা অমিত শ্বাহৰ অসম ভ্ৰমণলৈ, থোৰতে চাওক আজি দিনটোৰ মুখ্য খবৰসমূহ
দিনটোৰ মুখ্য খবৰসমূহ
Monjit Dutta
Monjit Dutta | Published: 29 Jan 2026 20:27 PM

অসমৰ সাম্প্ৰতিক ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো অতি চৰ্চিত হৈ পৰিছে। বিশেষকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘মিঞা’ বিতৰ্কই চৰম ৰূপ ধাৰণ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণ আৰু গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীয়ে ৰাজ্যৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহৰ এক চমু আভাস তলত আগবঢ়োৱা হ’ল:

  1. মিঞাক লৈ ৰাজ্যৰ ৰাজনীতিত বিতৰ্ক অব্যাহত। মুখ্য়মন্ত্ৰীয়ে মিঞা সন্দৰ্ভত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ ভাষ্যক মূল বিষয়ৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰোৱাৰ কৌশল আখ্য়া কংগ্ৰেছ নেতা পৱন খেৰাৰ।
  2. মিঞা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়ি চোৱা উচিত বুলি মন্তব্য কৰে মুখ্য়মন্ত্ৰীয়ে।
  3. পাকিস্তান পন্থী নেতাই পৰিচালনা কৰিছে অসম কংগ্ৰেছক। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কটাক্ষ কৰি এই মন্তব্য অসম বিজেপিৰ। খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগ কৰাৰো আহ্বান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ।
  4. আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো ভৱনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ৩০ জানুৱাৰীত ডিব্ৰুগড়, ধেমাজি আৰু গুৱাহাটীত আছে গৃহমন্ত্ৰীৰ কাৰ্যসূচী।
  5. আজি গোলাঘাট আৰু টীয়কত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈকে অসমৰ ১০০ টা সমষ্টিত সম্পন্ন হৈছে চেক বিতৰণ কাৰ্যসূচী। কংগ্ৰেছৰ সংগ ত্যাগ কৰিলে বিজেপিৰ কাৰ্যালয়ৰ সমুখত লুৰীণজ্যোতি গগৈৰ ফটো আঁৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
  6. ৰঙিয়াৰ কানিকুছিত শোকাৱহ ঘটনা। অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই। ঘৰৰ সমীপত জাৱৰ জ্বলাবলৈ যাওঁতেই জুই লাগে মোজাক্কিৰ নামৰ যুৱকজনৰ গাত। পুত্ৰক ৰক্ষা কৰিবলৈ গৈ অগ্নিদগ্ধ হয় মাতৃও।
  7. চৰাইদেউৰ বিমলাপুৰ চাহ বাগিচাত উত্তাল প্ৰতিবাদ। পাঁচ মাহে দৰমহাৰ পৰা বঞ্চিত শ্ৰমিক। আজি পুৱাই বাগিচাৰ কল ঘৰৰ সন্মুখত প্ৰায় শতাধিক শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় তেৰশ শ্ৰমিকে বিগত পাঁচ মাহে লাভ কৰা নাই দৰমহা ।
  8. সংকটৰ গৰাহত সৰ্থেবাৰীৰ ঐতিহাসিক কাপলা বিল। প্ৰব্ৰজিত লোকৰ আগ্ৰাসনৰ কবলত পৰিছে বিলখন। কাপলা বিলৰ পাৰত থকা চাৰি হাজাৰ বিঘা বেদখলকৃত ভূমি মুক্ত কৰাৰ দাবী স্থানীয় লোকৰ।
  9. বুধবাৰে গণৰাজ্য দিৱসৰ পেৰেড ২০২৬ৰ বিজয়ী ঘোষণা কৰা হয়। তিনি সেৱাৰ ভিতৰত ভাৰতীয় নৌসেনা শ্ৰেষ্ঠ মাৰ্চিং কন্টিংজেণ্ট হিচাপে বিবেচিত হোৱাৰ বিপৰীতে দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য সহায়ক বাহিনীৰ শাখাত এই বঁটা লাভ কৰিছে।