শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: মহানগৰীত জাল নোট উদ্ধাৰৰ পৰা IPL নিলামলৈ, থোৰতে চাওক পুৱাৰ কিছু গুৰুত্বপূৰ্ণ খবৰ

যোৱা নিশা গুৱাহাটীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ জাল নোট। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এগৰাকী বাইক আৰোহীৰ পৰা ১০ লাখ টকাৰ জাল নোট উদ্ধাৰ কৰিছে। আৰক্ষীয়ে লগতে এই নকল ধনখিনি কঢ়িয়াই নিয়া ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।

Morning News: মহানগৰীত জাল নোট উদ্ধাৰৰ পৰা IPL নিলামলৈ, থোৰতে চাওক পুৱাৰ কিছু গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Updated On: 02 Dec 2025 08:13 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গহপুৰত বন বিভাগৰ জালত পৰিছে ৪জন গঁড় চিকাৰী। গহপুৰৰ লৌগুটিৰ পৰা বন বিভাগে এই চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। আনহাতে আন ৩ জনক সোধা-পোছাৰ বাবে আটক কৰা হৈছে। এই লোককেইজনৰ পৰা কিছু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছে বন বিভাগে।
  2. ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। সোমবাৰে অসম আৰক্ষীয়ে দুটা পৃথক ঘটনাত ক্ৰমে ২৭.৯৪ লাখ টকা মূল্যৰ ১৩৯.৪৭ গ্ৰাম হেৰ’ইন আৰু প্ৰায় ১.৮৮ কোটি টকা মূল্যৰ ৭৬.৬২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে। আৰক্ষীয়ে লগতে ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
  3. পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সোমবাৰে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় এগৰাকী যুৱতীয়ে। প্ৰায় ১৫০টা বন্য হস্তীৰ জাকে অঞ্চলটোত শেহতীয়া সময়ছোৱাত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। হাতীৰ আক্ৰমণত অঞ্চলটোত আন এজন লোক আহত হয়।
  4. অসম-মেঘালয় সীমান্তৰ পাতৰকুছি-পিলিংকতাত সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। দুখন ফলকক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ পিছতে মেঘালয়ৰ একাংশ মহিলাই অসমৰ মহিলাক আক্ৰমণ কৰাৰ পিছতে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়।
  5. ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠিছে। এই বিষয়ত প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে অসম চৰকাৰে। আলোচনাৰ বাবে দায়িত্ব দিয়া হৈছে তিনিজন মন্ত্ৰীক।
  6. সোমবাৰৰ পৰা আৰম্ভ হৈছে নাগালেণ্ডৰ প্ৰসিদ্ধ উৎসৱ হৰ্নবিল ফেষ্টিভেল। অহা ১০ ডিচেম্বৰলৈ ৰাজধানী কহিমাৰ সমীপৱৰ্তী কিছামা হেৰিটেজ ভিলেজত চলিব এই মহোৎসৱ। আৰম্ভণিৰ দিনটোৰ পৰাই হৰ্ণবিল ফেষ্টিভেলত দেখা গৈছে পৰ্যটকৰ ভিৰ।
  7. যোৱা নিশা গুৱাহাটীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ জাল নোট। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এগৰাকী বাইক আৰোহীৰ পৰা ১০ লাখ টকাৰ জাল নোট উদ্ধাৰ কৰিছে। আৰক্ষীয়ে লগতে এই নকল ধনখিনি কঢ়িয়াই নিয়া ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।
  8. কালিৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। কালি প্ৰথম দিনটোতে শাসক-বিৰোধীৰ বিবাদেৰে উত্তপ্ত হৈ পৰে সদনৰ মজিয়া। অহা ১৯ ডিচেম্বৰলৈকে হ’বলগা এই অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।
  9. অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ মিনি নিলাম। মুঠ ৭৭টা স্থান পূৰণৰ বাবে এই নিলাম অনুষ্ঠিত হ’ব। পোহৰলৈ অহা তথ্য অনুসৰি নিলামৰ বাবে মুঠ ১৩৫৫ গৰাকী খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছে।