কেবিনেটৰ সিদ্ধান্তৰ পৰা ঘূৰ্ণীবতাহৰ ধ্বংসলীলালৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
আজি ১ ডিচেম্বৰ, সোমবাৰ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...
পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- দেওবাৰ (৩০নৱেম্বৰ)য়ে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHMৰ মৃত কৰ্মচাৰীৰ নিকট আত্মীয়ৰ বাবে অনুকম্পামূলক ধনৰাশিৰ পৰিমাণ ৫ লাখ টকাৰ পৰা ৭.৫ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে কেবিনেটে । পাঁচখন মিনি আইটিআইৰ ১৭০জন ঠিকাভিত্তিক কর্মচাৰীৰ বাবে ১ জানুৱাৰী ২০২৬ৰ পৰা কার্যকৰী হোৱাকৈ ৩% বার্ষিক বৃদ্ধি (২০১৫-২০২৫) ৰে তেওঁলোকৰ মূল পাৰিশ্রমিক সংশোধন কৰি স্থিৰ দৰমহাৰ গাঁথনি উন্নীতকৰণৰ বাবে অনুমোদন জনায়।
- চৰকাৰী তথ্য ২০১৯ চনৰ পৰা দুৰ্নীতিৰ অভিযোগত ৰাজ্যত ৪৩০ জন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন ২৫ জন কৰ্মচাৰীক অসমতাপূৰ্ণ সম্পত্তি গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী তথ্য উল্লেখ কৰা হৈছে যে, অধিকাংশ গোচৰ বিচাৰধীন হৈ আছে আৰু এতিয়ালৈকে কোনো এজন লোক দোষী সাব্যস্ত হোৱা নাই।
- BTCৰ MCLAৰ বাবে ৬ সদস্য মনোনীত হৈছে। ৰাজবংশী জনগোষ্ঠীৰ কৰ্মেশ্বৰ ৰয় মনোনীত হৈছে। ৰাভা জনগোষ্ঠীৰ ৰতন চন্দ্ৰ ৰাভা, গোর্খা সম্প্ৰদায়ৰ নন্দ লাল মগৰ, কোচ সম্প্ৰদায়ৰ শ্ৰীমতী হেমপ্রভা দেৱী, কলিতা সম্প্ৰদায়ৰ অজয় কুমাৰ হাজৰিকা আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ ৰিদীপ কুমাৰ ডেকা মনোনীত হৈছে।
- BTC সচিবালয়ত হোৱা ঘটনাৰ বিৰুদ্ধে সৰৱ হাগ্ৰামা মহিলাৰী। সংবাদমেলত তেওঁ কয় ‘এবছু আৰু UPPLৰ নেতৃত্বতে হৈছিল প্ৰতিবাদ। নিৰ্বাচনত পৰাজয় হোৱাটো মানি ল’ব পৰা নাই UPPLয়ে। মন্ত্ৰী গোটৰ প্ৰতিবেদনত কোনো জনজাতিকৰণ কৰাৰ সম্পূৰ্ণ হোৱা নাই। আমি বিচাৰিছোঁ জনজাতিৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে। ABSU আৰু UPPL-এ নাটক আৰম্ভ কৰিছে’।
- আজি (১ ডিচেম্বৰ)ৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। কংগ্ৰেছকে ধৰি বিৰোধীয়ে চৰকাৰক আক্ৰমণৰ কৌশল ৰচনা কৰিছে। দেওবাৰে ধুমুহাময় আৰম্ভণি আৰু অচলাৱস্থাৰ সম্ভাৱনাৰ সৃষ্টি হয় যেতিয়া বেছিভাগ বিৰোধী দলে সৰ্বসন্মতিক্ৰমে বিশেষ নিবিড় পৰ্যালোচনা (এছ আই আৰ)ৰ ওপৰত আলোচনাৰ দাবী জনায়। বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ ব্যাপক জয়ত উৎসাহিত হৈ কেন্দ্ৰীয় চৰকাৰে এই অধিৱেশনত বহু গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব পাৰে।
- শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে দিটৱাহ ঘূৰ্ণীবতাহে। বান আৰু ভূমিস্খলনৰ ফলত এই পৰ্যন্ত ৩৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু বহু লোক সন্ধানহীন হৈ আছে। এই ঘূৰ্ণীবতাহৰ ফলত শ্ৰীলংকাক ভয়াৱহভাৱে বিধ্বস্ত কৰাৰ লগতে লাখ লাখ লোক গৃহহীন হৈ পৰিছে। শ্ৰীলংকাৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ (ডিএমচি)ৰ তথ্য অনুসৰি ডিটৱাহত আক্ৰান্ত হৈছে ৯ লাখ ৯৮ হাজাৰ ৯১৮ জন লোক।
- দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত তীব্ৰ পৰাজয়ৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াই প্ৰথমখন মেচত জয়লাভ কৰি এদিনীয়া শৃংখলাৰ শক্তিশালী আৰম্ভণি কৰে। ৰাঁচীত খেলা প্ৰথমখন এদিনীয়াত বিৰাট কোহলীৰ উজ্জ্বল আৰু অভিলেখ ভংগকাৰী শতকৰ সহায়ত ৩৪৯ ৰান সংগ্ৰহ কৰে ভাৰতে। তাৰ পাছত প্ৰথম অভাৰত হৰ্ষিত ৰানাৰ কাৰিজমাটিক প্ৰদৰ্শন আৰু কুলদীপ যাদৱৰ মিড অভাৰৰ বাবে দক্ষিণ আফ্ৰিকা ৩৩২ ৰানত সীমাবদ্ধ হৈ পৰে। এই মেটত ১৭ ৰানত জয়লাভ কৰে ভাৰতে।
- একেৰাহে দ্বিতীয় মাহৰ বাবে ১৯ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস পাইছে। আই অ’ চি এলৰ পৰা পোৱা তথ্য অনুসৰি মাহৰ প্ৰথম দিনা ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্ৰাস পাইছে।
লগতে পঢ়ক: মহাদেৱৰ কৃপাত এইসকলে পাব ভাল খবৰ! চাওক ডিচেম্বৰ মাহৰ প্ৰথম দিনটোৰ ৰাশিফল…