শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঘৰ-বাৰী জ্বলাই দিয়া হ’ব! ধুবুৰীৰ সীমান্তবাসী লোকক বাংলাদেশৰ জামায়াতে ইছলামীৰ পৰা ভাবুকি

ধুবুৰী জিলাত অজ্ঞাত ব্যক্তিৰ ভাবুকিক লৈ আতংক। ধুবুৰী জিলা বিজেপিৰ সভাপতি, এছপি আৰু অ'চিলৈও ভইচ মেছেজ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি অজ্ঞাত ব্যক্তিজনে এনে প্ৰক্ৰিয়া বন্ধ নকৰিলে ঘৰ-বাৰী জ্বলাই দিয়াৰ ভাবুকি দিয়ে।

ঘৰ-বাৰী জ্বলাই দিয়া হ’ব! ধুবুৰীৰ সীমান্তবাসী লোকক বাংলাদেশৰ জামায়াতে ইছলামীৰ পৰা ভাবুকি
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Updated On: 20 Aug 2025 17:56 PM

অচিনাকী ফোন নম্বৰৰ পৰা প্ৰেৰণ কৰা ভাবুকিপূৰ্ণ ভইচ মেছেজক লৈ ধুবুৰীত চাঞ্চল্য। বাংলাদেশৰ ‘জামায়াতে ইছলামী’ (Jamaat E Islami) নামৰ এটা সংগঠনৰ নাম লৈ কোনো অজ্ঞাত লোকে প্ৰেৰণ কৰিছিল এই ভইচ মেছেজ। ধুবুৰীত জামায়তৰ সদস্যক আটক কৰাৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰা হৈছে ভইচ মেছেজত। এনে কাৰ্য বন্ধ নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ হুংকাৰ দিছে অজ্ঞাত ব্যক্তিগৰাকীয়ে।

উল্লেখ্য যে ধুবুৰী জিলা বিজেপিৰ সভাপতি, এছপি আৰু অ’চিলৈও এই ভইচ মেছেজ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি অজ্ঞাত ব্যক্তিজনে এনে প্ৰক্ৰিয়া বন্ধ নকৰিলে ঘৰ-বাৰী জ্বলাই দিয়াৰ ভাবুকি দিয়ে। ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত লক্ষীমাৰী, বিসখোৱা আদি সীমান্তৱৰ্তী গাঁৱৰ কেইবাজনো ব্যক্তিৰ মোবাইললৈ প্ৰেৰণ কৰা হৈছে এই ভইচ মেচেজ। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে এজন ব্যক্তিয়ে।

+৮৮০ ১৭১৯০৭১৯২৭ নম্বৰৰ পৰা এই ভইচ মেছেজ অহা বুলি জানিব পৰা গৈছে। ইতিমধ্যে উক্ত বিষয়ত স্থানীয় ৰাইজে গোলকগঞ্জ আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীক অৱগত কৰিছে। জামায়াতে ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰালে পৰিণতি ভয়াৱহ হব বুলি হুংকাৰ দিয়া দেখা গৈছে এই বাৰ্তাত।

উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত উক্ত অঞ্চলৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে বাংলাদেশী পতাকাৰ লগতে ২৫ টাকৈ বাংলাদেশী ছিম কাৰ্ডসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল।

তাৰোপৰি স্বাধীনতা দিৱসৰ আগনিশা চাপৰ ৰে’লৱে ষ্টেচনত কোনো অজ্ঞাত লোকে পাকিস্তানৰ পতাকা সদৃশ এখন পতাকা অংকন কৰিছিল। এই ঘটনাক লৈও সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য। সম্প্ৰতি ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰীৰ গাঁওসমূহত এই ভইচ মেছেজক লৈ আতংকিত হৈ পৰিছে গাঁওবাসী।