‘৯৪ৰ ডাঙৰি ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ ক্ষতিপূৰণ দিলে কেন্দ্ৰই
১৯৯৪ চনৰ ১৮ ফেব্ৰুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ডাঙৰি অঞ্চলৰ পৰা সেনা বাহিনীয়ে ৯ গৰাকী নিৰীহ যুৱকক ঘৰৰ পৰা উঠাই নি ভুৱা এনকাউন্টাৰ কৰি অতি নৃশংশভাৱে তাৰে ৫ জনক হত্যা কৰিছিল ৷
 
                                ১৯৯৪ চনৰ হৃদয় কঁপোৱা ডাঙৰি ভুৱা এনকাউন্টাৰ ঘটনাৰ আক্ৰান্ত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া অৱশেষত সমাপ্ত হ’ল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া আদেশ মৰ্মে বুধবাৰে ভাৰত চৰকাৰে নিৰ্যাতিত পৰিয়ালকেইটাৰ বেংক একাউন্টলৈ ২০ লাখকৈ টকা আদায় দিয়ে৷ ইয়াৰ লগে লগে,,সেই সময়ৰ আছু নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৩০ বছৰ পূৰ্বে আৰম্ভ কৰা ন্যায়িক যুঁজখনৰো অন্ত পৰিল৷
স্মৰ্তব্য যে ১৯৯৪ চনৰ ১৮ ফেব্ৰুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ডাঙৰি অঞ্চলৰ পৰা সেনা বাহিনীয়ে ৯ গৰাকী নিৰীহ যুৱকক ঘৰৰ পৰা উঠাই নি ভুৱা এনকাউন্টাৰ কৰি অতি নৃশংশভাৱে তাৰে ৫ জনক হত্যা কৰিছিল ৷ সেই নিৰ্যাতন ইমানেই ভয়ঙ্কৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল , কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল ৷ আন কোনোবাজনৰ জিভা কাটি দিছিল ৷
সেই সময়ত অসমত উপৰ্যুপৰি সেনা বাহিনীৰ অপাৰেচন চলি থকা বাবে ৰাইজ সেনাৰ ভয়ত আতংকিত হৈ আছিল৷ সেনা বিহিনীৰ বিৰুদ্ধে কোনেও মাত মাতিবলৈ সাহস গোটাব পৰা নাছিল৷
ঘটনাৰ খবৰ পাই সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ উপসভাপতি জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু সুদীৰ্ঘ তিনি দশকজোৰা নিৰবিচ্ছিন্ন ন্যায়িক যুঁজ চলাই নিয়ে৷ ন্যায়ালয়ে প্ৰথমতে সেনা বাহিনীৰ মেজৰ জেনাৰেল এ কে লালসহ আজীৱন কাৰাবাসৰ শাস্তি ঘোষণা কৰে যদিও পিছলৈ অভিযুক্ত সেনা বিষয়াকেইজনে আইনী মেৰপেচৰ সুযোগত শাস্তিৰ পৰা ৰেহাই পায়৷ অৱশ্যে সেনা বাহিনীৰ বিভাগীয় আদালতে ২০১৮ চনত অভিযুক্ত বিষয়া-জোৱানকেইজনক কোৰ্ট মাৰ্শ্বাল কৰে ৷
পিছে আইনী যুঁজেৰে আক্ৰান্ত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ অংগীকাৰ কৰা প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আদালতত ন্যায়িক যুঁজখন অব্যাহত ৰাখে ৷ বিভিন্ন আদালতী উত্থান-পতনৰ পাছত যোৱা বছৰৰ মাৰ্চ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়যোগে আক্ৰান্ত পৰিয়ালকেইটাৰ প্ৰতিটোকে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিবলৈ ভাৰত চৰকাৰক নিৰ্দেশ দিয়ে ৷ সেই মৰ্মে ৩১ জুলাইৰ দিনা পৰিয়ালকেইটাৰ বেংক একাউন্টত ভাৰত চৰকাৰে ২০ লাখকৈ টকা জমা কৰে ৷
সুদীৰ্ঘ ৩০ বছৰ এই গোচৰটো আদালতত চলাই নিয়া প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই এই সাফল্যক আংশিক ন্যায় লাভ বুলি উল্লেখ কৰি কয় যে আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা এয়াই যে যুঁজি থাকিলে এদিন নহয় এদিন ন্যায় পোৱা যায়৷
“আংশিকভাৱে জয়ী হোৱা বুলি এই কাৰণে ক’লোযে ভাৰত চৰকাৰে ক্ষতিপূৰণ দি যুৱককেইজন নিৰ্দোষী বুলি স্বীকাৰ কৰিলে ৷ সেইটো আমাৰ জয় ৷ কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনে আজীৱন কাৰাবাসৰ শাস্তিৰ পৰা ৰেহাই পাই গ’ল৷ আচলতে তেওঁলোকে ৰেহাই পাব নালাগিছিল ৷সেই দুখটো থাকি গ’ল৷” – ভূঞাই কয়৷
তেওঁ লগতে কয়, “এই যুঁজখনত নি:স্ব আৰু অখ্যাত কেইজনমান সাধাৰণ চকীদাৰ, নাৱৰীয়া আদিৰ দৰে মহান ব্যক্তিৰ অপৰিসীম ত্যাগ জড়িত আছে ৷ ৩০ বছৰীয়া যুঁজ খনত কি পালো বা কি হেৰুৱালো সেয়া বিচাৰৰ ভাৰ সময়ৰ হাতত দিলো ৷ কিন্তু এটা সফলতা নিশ্চিত ভাৱে হৈছে সেয়া হ’ল, ভবিষ্যতলৈ কোনো নিৰীহ ব্যক্তিক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায় ভাৱে আৰক্ষী বা নিৰাপত্তা বাহিনীয়ে হত্যা কৰে, ইতিহাসৰ পুনৰাবৃত্তি হ’ব, আৰু কোনোবা জগদীশ ভূঞাই ৩০ বছৰ যুঁজি হ’লেও দোষীক শাস্তি দিবলৈ সক্ষম হ’ব ।”
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      