শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঘৰত স্বামী, ৭ বছৰীয়া সন্তান, ভাড়াঘৰত অবৈধ প্ৰেমিকৰ সৈতে আৰক্ষী কনিষ্টবলৰ…

অভিযোগ মতে,  চাকৰি পোৱাৰ পিছত মৰিয়নিতে পৃথকৈ ভাড়াঘৰত থাকিবলৈ লৈছিল বিনীতা বৈৰীয়ে। লাহে লাহে সন্তানৰ খবৰ এটা লবলৈ ইচ্ছা নকৰা হ'ল বিনীতাই। আনকি স্বামী-সন্তান তেওঁৰ ৰুমলৈ লগ কৰিবলৈ আহিলে বেয়া পাইছিল বিনীতাই ৷ সামাজিক মাধ্যমত তেওঁ ইমানে ব্যস্ত হৈ পৰিছিল যে নিজৰ সংসাৰখনৰ দায়িত্ব কথা পাহৰি গৈছিল।

ঘৰত স্বামী, ৭ বছৰীয়া সন্তান, ভাড়াঘৰত অবৈধ প্ৰেমিকৰ সৈতে আৰক্ষী কনিষ্টবলৰ…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 21 Oct 2025 14:05 PM

পৰকীয়া প্ৰেম, বৰ্তমান হৈ পৰিছে এক সামাজিক ব্যাধি! এই পৰকীয়া প্ৰেমৰ বাবে ধ্বংস হৈ বহু সংসাৰ। সংঘটিত হৈছে বহু অপৰাধ। এইবাৰ মৰিয়নিত পৰকীয়া প্ৰেমৰ লগতে জড়িত এক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো সাধাৰণ লোক লোক নহয় ৰাজ্যৰ এগৰাকী মহিলা আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে পৰকীয়া প্ৰেমৰ অভিযোগ।

জানিব পৰা মতে,  ৯ বছৰৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল মহিলা আৰক্ষী কনিষ্টবল বিনীতা বৈৰী। ঠিকেই চলি আছিল স্বামীৰ সৈতে বিনীতা সংসাৰ । তেওঁলোকৰ আছে এটি ৭ বছৰীয়া সন্তান। কিন্তু চাকৰি পোৱাৰ পাছতে হঠাৎ সলনি হৈ পৰিল বিনীতা ৷  এই সকলোবোৰ কথা লক্ষ্য কৰি আছিল স্বামীয়ে।  ইনষ্টাগ্ৰামতো ভীষণ জনপ্ৰিয় অৰ্জন কৰিব পাৰিছিল মৰিয়নি থানাত নিয়োজিত মহিলা আৰক্ষী কনিষ্টবলগৰাকীয়ে।

অভিযোগ মতে,  চাকৰি পোৱাৰ পিছত মৰিয়নিতে পৃথকৈ ভাড়াঘৰত থাকিবলৈ লৈছিল বিনীতা বৈৰীয়ে। লাহে লাহে সন্তানৰ খবৰ এটা লবলৈ ইচ্ছা নকৰা হ’ল বিনীতাই। আনকি স্বামী-সন্তান তেওঁৰ ৰুমলৈ লগ কৰিবলৈ আহিলে বেয়া পাইছিল বিনীতাই ৷ সামাজিক মাধ্যমত তেওঁ ইমানে ব্যস্ত হৈ পৰিছিল যে নিজৰ সংসাৰখনৰ দায়িত্ব কথা পাহৰি গৈছিল। ৭ বছৰীয়া সন্তানটোক এবাৰ কোলাত ল’বলৈ, অলপ মৰম দিবলৈ আহৰি নাছিল বিনীতা। কিন্তু ইনষ্টাগ্ৰামত দৈনিক নতুন নতুন ভিডিঅ’  আপলোড কৰিবলৈ ঠিকেই সময় পাইছিল তেওঁ। এইবোৰ ঘটনাত সন্দেহ উপজিল স্বামীৰ। তাৰ মাজতে বিনীতাৰ জীৱনলৈ আহিছিল আন এজন পুৰুষ।

অভিযোগ অনুসৰি, বিনীতাৰ অবৈধ প্ৰেমিক বাবলু বৰ্নৱ মৰিয়নি আৰক্ষী থানাৰে বেটেলিয়ন। নিজৰ জন্মদিন উদযাপনৰ বাবে নিশা গোপনে গৈছিল বিনীতাৰ ভাড়াঘৰলৈ গৈছিল বাবলু। কিন্তু সুখকৰ নহ’ল সেই জন্মদিন। ভাড়াঘৰৰ কোঠাৰ ভিতৰত নিশা অবৈধ প্ৰেমিকৰ সৈতে অভিসাৰত লিপ্ত থকা প্ৰত্যক্ষ কৰে স্বামীয়ে। পত্নীক অসংযত অৱস্থাত দেখি ক্ষুব্ধ হৈ পৰিল বিনীতাৰ স্বামী।ইয়াৰ পিছতে বিনীতাৰ স্বামীয়ে দুয়োকে উত্তম-মধ্যম শোধাই মৰিয়নি থানালৈ লৈ আনে।

সোমাৰে নিশা হঠাৎ বিনীতাৰ ভাড়াঘৰত স্বামীসহ উপস্থিত হয় পৰিয়ালৰ লোক। তাৰ পিছতে বিনীতাক অবৈধ প্ৰেমিকৰ সৈতে হাতে-লোটে ধৰা পেলায় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে মৰিয়নি থানাত দুয়োৰে বিৰুদ্ধে বিনীতাৰ স্বামীয়ে দাখিল কৰিছে এখন এজাহাৰ।