শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Excavator Theft : আচৰিত চোৰ ! মেৰাপানীত এক্সেভেটৰ টুকুৰা টুকুৰকৈ কাটি ডেম্পত বিক্ৰী কৰিলে চোৰে…

মেৰাপানীত চোৰে সংঘটিত কৰিছে এক নজিৰবিহীন ঘটনা। এখন এক্সেভেটৰ চোৰে চোৰ কৰিব নোৱাৰি টুকুৰা-টুকুৰ কৰি কাটি বিক্ৰী কৰিলে ডেম্পত । এক্সেভেটৰখনৰ টায়াৰ যদি কাৰোবাৰ চোতালত উদ্ধাৰ হৈছে আন কাৰোবাৰ ঘৰত উদ্ধাৰ হৈছে এক্সেভেটৰৰ আন অংশ।

Excavator Theft : আচৰিত চোৰ ! মেৰাপানীত এক্সেভেটৰ টুকুৰা টুকুৰকৈ কাটি ডেম্পত বিক্ৰী কৰিলে চোৰে…
এক্সেভেটৰ চুৰিকাণ্ড
Manas Borah
Manas Borah | Updated On: 03 Nov 2024 12:15 PM

এখন এক্সেভেটৰ চোৰে চুৰি নিয়াটো ইমান সহজ নহয় । এক্সেভেটৰ চোৰ কৰাৰ পাছত চোৰে ক’লৈ লৈ যাব ! এনে পৰিস্থিতিত মেৰাপানীত চোৰে সংঘটিত কৰিছে এক নজিৰবিহীন ঘটনা। এখন এক্সেভেটৰ চোৰে চোৰ কৰিব নোৱাৰি টুকুৰা টুকুৰ কৰি কাটি বিক্ৰী কৰিলে ডেম্পত । এক্সেভেটৰখনৰ টায়াৰ যদি কাৰোবাৰ চোতালত উদ্ধাৰ হৈছে আন কাৰোবাৰ ঘৰত উদ্ধাৰ হৈছে এক্সেভেটৰৰ আন অংশ।

ঘটনা অনুসৰি, তিনি বছৰ পুৰ্বে দেৰগাঁৱৰ পৰা এখন এক্সেভেটৰ মেৰাপানীৰ ১২নং ক’লজানৰ ধুনু ৰাজখোৱা নামৰ এজন যুৱককে ভাড়াত আনিছিল। এই এক্সেভেটৰ চালক হিচাপে আছিল দিপাংকৰ পাঠক নাম এজন যুৱক । ধুনু ৰাজখোৱাই এক্সেভেটৰ তিনি বছৰ চুক্তিৰে ভাড়াত আনি মাটি কটা কামত ব্যৱহাৰ কৰিছিল । স্থানীয় সূত্ৰই সদৰী কৰা মতে, মাটিৰ কামত ব্যৱহাৰ কৰি থকাৰ সময়তে এক্সেভেটৰ খনৰ যান্ত্ৰিক বিজুতি হোৱাত ডেৰ বছৰ ধৰি এক্সেভেটৰখন চালক দীপাংকৰ ঘৰতে আছিল।

পৰৱৰ্তী সময়ত এক্সেভেটৰখনৰ মালিকে বাহনখনৰ সন্দৰ্ভত খবৰ লোৱাত ধুনু ৰাজখোৱা আৰু চালক দীপাংকৰে বিষয়টোৰ পৰা আঁতৰি থাকিবলৈ ধৰে । উপায়হীন হৈ যেতিয়া গৰাকীয়ে নিজৰ এক্সেভেটৰখন বিচাৰি আহে তেতিয়াই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে । ইয়াৰ লগতে মেৰাপানীৰ আৰক্ষীৰ কাষ চাপে এক্সেভেটৰখনৰ গৰাকী । ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষীৰ অনুসন্ধানত জানিব পৰা যায় যে, চালক দিপাংকৰ পাঠক আৰু কেইবাজনো মিলি এক্সেভেটৰ খন টুকুৰা টুকুৰকৈ কাটি মেৰাপানীৰ বিভিন্ন ডেম্পত বিক্ৰী কৰে।

জানিব পৰা মতে, এক্সেভেটৰখন টুকুৰা টুকুৰকৈ কাটি ডেম্পত বিক্ৰী কৰাৰ ঘটনাৰ সৈতে জড়িত দীপাংকৰকে ধৰি ৬ জন লোকক আটক কৰিছে মেৰাপানী আৰক্ষীয়ে । ইফালে এক্সেভেটৰৰ চকা কেইটা উদ্ধাৰ কৰিছে যদিও বহু অংশ বৰ্তমানো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মুল অভিযুক্ত দীপাংকৰক লগত লৈ মেৰাপানী আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই আছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, এক্সেভেটৰখন টুকুৰা টুকুৰকৈ কাটি ডেম্পত বিক্ৰী কৰাৰ ঘটনাৰ সৈতে দীপাংকৰৰ মোমায়েকৰ লগতে আন চাৰিজন লোক জড়িত থকা বুলি সন্দেহ কৰা প্ৰকাশ কৰা হৈছে ।