শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গোৱালপাৰাত পুনৰ চলিছে বন বিভাগৰ উচ্ছেদ অভিযান, ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য

বেদখলকাৰীক উচ্ছেদ কৰা বাবে গোৱালপাৰাত আজি পুৱাৰে চলিছে বন বিভাগৰ বুলড'জাৰ। জিলা খনৰ দহিকটা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান চলাইছে বন বিভাগ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰা পিছৰে পৰা গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে বৃহৎ উচ্ছেদ অভিযান চলায়।

গোৱালপাৰাত পুনৰ চলিছে বন বিভাগৰ উচ্ছেদ অভিযান, ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য
গোৱালপাৰাত পুনৰ চলিছে বন বিভাগৰ উচ্ছেদ অভিযান
trishna-kalita
Trishna Kalita | Published: 09 Nov 2025 13:42 PM

ৰাজ্যত অব্যাহত আছে  উচ্ছেদ অভিযান। বেদখলকাৰীক উচ্ছেদ কৰা বাবে গোৱালপাৰাত আজি পুৱাৰে চলিছে বন বিভাগৰ বুলড’জাৰ। জিলা খনৰ দহিকটা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান চলাইছে বন বিভাগ। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰা পিছৰে পৰা গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে বৃহৎ উচ্ছেদ অভিযান চলায়।

এই সন্দৰ্ভত জিলা বন বিষয়া তেজছ মৰিস্বামীয়ে সংবাদ মাধ্যমেত কয় যে, গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীৰ কৱলত পৰিছে ১১৪৩ বিঘা ভূমি। এই বেদেখলকৃত ভূমি উদ্ধাৰ কৰাৰ বাবে আজি বন বিভাগে উচ্ছেদ অভিযান চলায়। লগতে আৰু কয় যে,ইতিমধ্যে বনাঞ্চলৰ ভূমিত বসবাস কৰা প্ৰায় ছয় শতাধিক পৰিয়ালৰ প্ৰায় ৭০ শতাংশ বেদশলকাৰীয়ে  ঘৰ-দুৱাৰ ভাঙি উক্ত স্থান এৰিছে।

বাকী ৩০ শতাংশ গৃহত ২০ খন বুলডজাৰৰে উচ্ছেদ চলোৱা হয়।পৰিস্থিতি ঠিকে থাকিলে আজিয়ে উচ্ছেদ সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে বন বিষয়াগৰাকীয়ে। অৱশ্যে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা পট্টা ভূমিত বসবাসকাৰী সকলকো সাময়িকভারে উচ্ছেদৰ পৰা ৰেহাই দিয়া হৈছে। উল্লেখ্য যে গোৱালপাৰা জিলাৰ ডুবাপাৰা, ভাটিপাৰা বেহাৰফুলি, দাৰোগাৰ আলগা আদি অঞ্চল সমূহত জিলা প্ৰশাসন আৰু বনবিভাগে উচ্ছেদ অভিযান চলায়। উক্ত অঞ্চলসমূহৰ উচ্ছেদিত ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰি নিজৰ ভেটি মাটি জাঁহ যোৱাত তেওঁলোকে ২০/৩০ বছৰ পূৰ্বে দহিকটা সংৰক্ষিত বনাঞ্চলত একাংশ দালালৰ পৰা মাটি ক্ৰয় কৰি ঘৰ-দুৱাৰ সাজি বসবাস কৰি আহিছিল।

ইফালে ডুবাপাৰা বন উদ্যানৰ পূব দিশত থকা ভাটিয়াপাৰা ৰাজহ গাঁৱত বন বিভাগে উচ্ছেদ চলোৱাত দল-সংগঠনৰ নেতা-কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনক আটক কৰে গোৱালপাৰা জিলা আৰক্ষীয়ে । দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ জাননী পোৱাৰ পিছত একাংশ লোকে-গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তাৰ পিছতে  চৰকাৰী আবণ্টিত ভূমিত উচ্ছেদ অভিযান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।

কিন্তু বন বিভাগ তথা প্রশাসনে  পট্টা মাটিত উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখিছে যদিও চৰকাৰী আবন্টিত ভূমিত আজি উচ্ছেদ অভিযান চলায়। ইপিনে উচ্ছেদিত একাংশই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে, “ইমানদিনে তেওঁলোকে বসবাস কৰা ঠাইখিনি দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত বুলি জনা নাছিল।যদি ভূমিখিনি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আছিল তেন্তে ৰাজহ বিভাগে কিয় তেওঁ লোকক পাত্তা আবণ্টন-দিলে তাকলৈ প্রশ্ন উত্থাপন কৰিছে। লগতে আৰু কয় যে, তেওঁলোক উচ্ছেদৰ বিৰোধী নহয়, কিন্তু প্রকৃত ভূমিহীন পৰিয়ালসমূহক চৰকাৰে পুনৰসংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ দাবী জনায়।