শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাইলৈ গোৱালপাৰাৰ কৃষ্ণাইত চলিব উচ্ছেদ, ঠায়ে ঠায়ে বেৰিকেড স্থাপন কৰি সাজু প্ৰশাসন…

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বিদ্যাপাৰাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন।

কাইলৈ গোৱালপাৰাৰ কৃষ্ণাইত চলিব উচ্ছেদ, ঠায়ে ঠায়ে বেৰিকেড স্থাপন কৰি সাজু প্ৰশাসন…
কাইলৈ গোৱালপাৰাত চলিব উচ্ছেদ
manas-borah
Manas Borah | Published: 11 Jul 2025 18:38 PM

বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। ধুবুৰী জিলা বিলাসীপাৰা চাপৰত উচ্ছেদৰ পিছতে শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বিদ্যাপাৰাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন।

উচ্ছেদস্থলীৰ পৰা দুই কিলোমিটাৰ আগতে বেৰিকেড স্থাপন কৰিছে আৰক্ষীয়ে। কোনেও যাতে উচ্ছেদস্থলীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া তালাচী চকীৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে স্থাপন কৰা বেৰিকেডত উচ্ছেদস্থলীত প্ৰৱেশ নিষিদ্ধ কৰি জাননী জাৰি কৰিছে আৰক্ষীয়ে।

স্থানীয় এজন লোকে সাংবাদিকৰ আগত অভিযোগ কৰে যে,”আজি শুকুৰবাৰৰ দিনটোত নামাজ আদায় কৰাত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে জুম্মাৰ নামাজৰ কাৰণে উচ্ছেদ স্থগিত ৰাখিছে।”

তেওঁ লগতে কয়,”চৰকাৰৰ নিৰ্দেশ আমি মানি আহিছোঁ। চৰকাৰে আমাক ১০ তাৰিখৰ আগত খালি কৰিবলৈ দিছে আমি খালি কৰি দিছো। ঘৰ-বাৰী ভাঙি আমি বেলেগ ঠাইলৈ গৈছোঁ। আমাৰ ঘৰ নাই, বাৰী নাই, আমি ক’ত থাকিম। মুখ্যমন্ত্ৰী চাৰে এৰি দিব কৈছে আমি এৰি দিছোঁ।”

স্থানীয় সূত্ৰই সদৰী কৰা মতে, উচ্ছেদৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰশাসন। উচ্ছেদস্থলীৰ চাৰিওফালে আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি ৰাস্তা বন্ধ কৰি দিছে । কোনেও যাতে উচ্ছেদস্থলীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিছে আৰক্ষীয়ে।

ইফালে, উচ্ছেদস্থলীৰ পৰা বহুলোক ইতিমধ্যে অন্য ঠাইলৈ স্থানান্তৰ হৈছে বুলি জানিব পৰা গৈছে। লোকসকলে প্ৰশাসনৰ নিৰ্দেশ পালন কৰি নিজে নিজে সেই ঠাই ত্যাগ কৰি অন্য ঠাইলৈ গৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: উচ্ছেদক লৈ উচ্চ ন্যায়ালয়লৈ পত্ৰ, ধুবুৰীৰ উচ্ছেদিতক সাক্ষাৎ কৰি সংবাদমেল সাংসদ ৰকিবুল হুছেইনৰ