শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Eviction: যিমানেই প্ৰতিবাদ হ’ব সিমানেই চলিব উচ্ছেদ, বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ

‘মিঞা-মুছলমান’ সম্প্ৰদায়ে অবৈধভাৱে দখল কৰা বনাঞ্চল, গ্ৰাম্য চৰণীয়া সংৰক্ষিত ভূমি (ভিজিআৰ), আৰু পেছাদাৰী চৰণীয়া ভূমি (পিজিআৰ)ত উচ্ছেদ অভিযান চলোৱা হৈছে। আমছুৱে যদি অধিক কোলাহলৰ সৃষ্টি কৰে তেন্তে অধিক উচ্ছেদ কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।

Assam Eviction: যিমানেই প্ৰতিবাদ হ’ব সিমানেই চলিব উচ্ছেদ, বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ
হিমন্ত বিশ্ব শৰ্মাImage Credit source: X handle @himantabiswa
raj-saikia
Raj Saikia | Published: 11 Aug 2025 19:40 PM

ৰাজ্যত চলি থকা উচ্ছেদ অভিযান সংখ্যালঘু অধ্যুষিত অঞ্চলক লক্ষ্য কৰি লোৱা বুলি উত্থাপিত অভিযোগ নাকচ কৰি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সোমবাৰে কয় যে এই অভিযানে বনাঞ্চল আৰু অন্যান্য সংৰক্ষিত ভূমি বেদখল কৰা ‘মিঞা-মুছলমান’ক বিশেষভাৱে লক্ষ্য কৰি লৈছে ৷

চিৰাঙত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয় যে ‘মিঞা-মুছলমান’ সম্প্ৰদায়ে অবৈধভাৱে দখল কৰা বনাঞ্চল, গ্ৰাম্য চৰণীয়া সংৰক্ষিত ভূমি (ভিজিআৰ), আৰু পেছাদাৰী চৰণীয়া ভূমি (পিজিআৰ)ত উচ্ছেদ অভিযান চলোৱা হৈছে। ‘মিঞা’ শব্দটো ঐতিহাসিকভাৱে অসমৰ বাংলাভাষী মুছলমানসকলৰ বাবে হিচাপে ব্যৱহাৰ কৰা হয়, যিসকলক আন সম্প্ৰদায়ৰ লোকে প্ৰায়ে বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি গণ্য কৰে।

“সংখ্যালঘু প্ৰধান অঞ্চলত উচ্ছেদ নহয়। বনাঞ্চল বা সংৰক্ষিত ভূমি বেদখল কৰা ‘মিঞা-মুছলমান’ৰ বিৰুদ্ধে হে উচ্ছেদ হৈছে। আমাৰ মানুহে এনে মাটি বেদখল নকৰে। তাত যদি বড়ো বা মিছিং সম্প্ৰদায় পোৱা যায় তেন্তে তেওঁলোক হয়তো ‘পট্টা’ৰ বাবে যোগ্য। অজনজাতীয় লোকে অৱশ্যে বনাঞ্চলৰ মাটিত ‘পট্টা’ পাব নোৱাৰে,” শৰ্মাই দৃঢ়তাৰে কয়।

‘মিঞা-মুছলমান’সকলে ইতিমধ্যে নদীৰ পাৰৰ ‘চৰ’ৰ বিশাল অংশ দখল কৰি আছে, য’ত আন জনগোষ্ঠীয়ে বসতি স্থাপন কৰা নাই বুলি দাবী কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়, “অসমৰ আধা মাটি তেওঁলোকৰ বাবে চৰত আছে ৷ তাৰ পৰা তেওঁলোকে শিৱসাগৰ, যোৰহাট, গোলাঘাটলৈ যাব বিচাৰে ৷ সেয়া কেনেকৈ হ’ব পাৰে? অসমীয়া মানুহ ক’ত থাকিব?”

উচ্ছেদ অভিযানৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সন্দৰ্ভত শৰ্মাই কয় যে বিক্ষোভৰ ফলত চৰকাৰী নীতিৰ কোনো পৰিৱৰ্তন নহ’ব। ‘‘আমি যি কামৰ প্ৰতিশ্ৰুতি দিছো সেয়া কৰিম। আমছুৱে যদি অধিক কোলাহলৰ সৃষ্টি কৰে তেন্তে অধিক উচ্ছেদ কৰা হ’ব।’’ মুখ্যমন্ত্ৰীয়ে কয়।

গোলাঘাট আৰু কাৰ্বি আংলঙত মুকলি কৰা ভূমি উদ্যোগিক দৈত্যক গতাই দিয়া হ’ব বুলি উত্থাপিত জল্পনা-কল্পনাৰ প্ৰতি সঁহাৰি জনাই শৰ্মাই পুনৰ উদ্ধাৰ কৰা অঞ্চলসমূহ বাগিচাৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰি কয় যে আদানী আৰু আম্বানীৰ দৰে কোম্পানীয়ে যদি অঞ্চলটোত উদ্যোগ স্থাপন কৰে তেন্তে আদৰণি জনোৱা হৈছে।

অসমৰ সকলো বেদখল ভূমি মুক্ত নোহোৱালৈকে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি পুনৰ কয় মুখ্যমন্ত্রীয়ে ৷ তেওঁ দাবী কৰে যে ২৯ লাখ বিঘা—৯.৫ লাখ একৰৰ ওপৰত মাটি বেদখল হৈ আছে, আনহাতে যোৱা চাৰি বছৰত ১.২৯ লাখ বিঘা ভূমি বেদখমুক্ত হৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ অব্যাহত থকা প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কঠোৰ সতৰ্কবাণী জাৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয় “যিমান প্ৰতিবাদ কৰিব সিমানেই উচ্ছেদ অভিযান চলোৱা হ’ব।” নাগৰিকত্ব সংশোধনী আইন (CAA) সন্দৰ্ভত শৰ্মাই কয় যে বিষয়টো ন্যায়িক। ‘‘আছুৱে ইতিমধ্যে CAA সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে। যিহেতু বিষয়টো ন্যায়িক বিবেচনাধীন হৈ আছে, সেয়েহে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব নোৱাৰে।’’