শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হত্যা নে দুৰ্ঘটনা? কেনেকৈ মৃত্যু হৈছিল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ?

আৰক্ষীয়ে কোৱা অনুসৰি, বাল্কাৰ নহয়, প্ৰথমে এখন ট্ৰেইলাৰৰ সৈতে খুন্দা লাগিছিল ধ্ৰুজ্যোতিৰ বাহনৰ। খুন্দা লগা ট্ৰেইলাৰখন আগচি ধৰিব বিচাৰিছিল ধ্ৰুৱজ্যোতি বৰ্মনে। তাৰ বাবে কিছুদূৰ আগুৱাই গৈ আগত ৰখাই দিছিল বাহনখন। কিন্তু ট্ৰেইলাৰখন ৰখোৱা নাছিল।

হত্যা নে দুৰ্ঘটনা? কেনেকৈ মৃত্যু হৈছিল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ?
কেনেকৈ মৃত্যু হৈছিল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ?
trishna-kalita
Trishna Kalita | Updated On: 03 Oct 2024 14:50 PM

বৰ্তমানো ৰহস্যৰ আৱৰ্তত কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃত্যু। বুধবাৰে যোৰাবাট আৰক্ষীৰ জালত পৰিছে চালক উত্তম কাৰ্জি। ধৃত উত্তম কাৰ্জী শিলিগুৰিৰ বাসিন্দা। দুৰ্ঘটনাস্থলীলৈ ট্ৰাকচালজনক লৈ গৈ অনুসন্ধান আৰক্ষীৰ। চালকজনক সোধা-পোছাৰ ভিত্তিত আৰক্ষীয়ে প্ৰকাশ কৰিছে যে বুধবাৰে উত্তম কাৰ্জীৰ বাল্কাৰৰ সন্মুখত পৰি আছিল কটনৰ অধীক্ষকগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে কোৱা অনুসৰি, বাল্কাৰ নহয়, প্ৰথমে এখন ট্ৰেইলাৰৰ সৈতে খুন্দা লাগিছিল ধ্ৰুজ্যোতিৰ বাহনৰ। খুন্দা লগা ট্ৰেইলাৰখন আগচি ধৰিব বিচাৰিছিল ধ্ৰুৱজ্যোতি বৰ্মনে। তাৰ বাবে কিছুদূৰ আগুৱাই গৈ আগত ৰখাই দিছিল বাহনখন। কিন্তু ট্ৰেইলাৰখন ৰখোৱা নাছিল।

তেনে সময়তে ট্ৰেইলাৰখনত উঠি গৈছিল ধ্ৰুৱজ্যোতি বৰ্মনে আৰু চালকৰ সৈতে আৰম্ভ হৈছিল বাকযুদ্ধ। তেনে সময়তে পিছফালৰ পৰা আহিছিল এখন বাল্কাৰ।বাল্কাৰখনে ট্ৰেইলাৰখনৰ কাষেৰে অভাৰটেক কৰিব বিচাৰোতেই ট্ৰেইলাৰখন সোঁফালে কাটি দিছিল চালকে। ফলত বাল্কাৰ আৰু ট্ৰেইলাৰখনৰ সংঘৰ্ষ হৈ মৃত্যু হৈছিল ধ্ৰুৱজ্যোতিৰ। আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে এই তথ্য।

ইতিমধ্যে ট্ৰেইলাৰখন শিলচৰৰ পৰা জব্দ কৰা বুলি জানিব পৰা গৈছে। কিন্তু এইখিনিতে প্ৰশ্ন হয়, ধ্ৰুৱজ্যোতি বৰ্মনে বাট আগচি ধৰাৰ পিছতো কিয় ৰখোৱা নাছিল ট্ৰেইলাৰখন? দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰৰ চালক ক’ত? ইচ্ছা কৰিয়ে ধ্ৰুৱজ্যোতি বৰ্মনক মাৰিবলৈ সোঁকাষে চপাই দিছিল নেকি ট্ৰেইলাৰ চালকে? যদি সেয়াই আছিল তেন্তে এয়াও এক হত্যাকাণ্ড! কিন্তু এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়াও পোহৰলৈ অহা নাই। হয়তো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব অধিক তথ্য।

উল্লেখ্য যে, বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত যোৰাবাটত সংঘটিত হৈছিল এক দুৰ্ঘটনা। ব্যক্তিগত বাহনেৰে তেজপুৰলৈ গৈ আছিল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মন। সেই সময়তে তেওঁৰ বাহনত পিছফালৰ পৰা খুন্দা মাৰিছিল এখন ট্ৰাকে। তাক লৈ ট্ৰাক চালকৰ সৈতে তৰ্কাতৰ্কি হৈছিল বৰ্মনৰ। ইয়াৰ পিছতে ট্ৰাক চালকে ৰডেৰে প্ৰহাৰ কৰি ধ্ৰুৱজ্যোতি বৰ্মনক নৃশংসভাৱে হত্যা কৰা বুলি দাবী কৰিছিল পৰিয়ালৰ লোকে। অৱশ্যে একাংশ লোকে কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি সন্দেহ কৰিছিল। ঘটনাৰ পিছতে পলায়ন কৰিছিল চালকে।