5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Nani Gopal Mahanta : ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি…

Vice Chancellor of Gauhati University : গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে ড০ ননীগোপাল মহন্তক নিযুক্তি দিয়া হৈছে । মুখ্যমন্ত্ৰীৰ শিক্ষা আৰু নীতি উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা ননী গোপাল মহন্তক প্ৰতাপ সন্দিকৈৰ স্থানত নিযুক্তি দিয়া হৈছে ।

Nani Gopal Mahanta : ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি…
ড০ ননীগোপাল মহন্ত
manas-borah
Manas Borah | Published: 28 Jul 2024 12:43 PM

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য হিচাপে ড০ ননীগোপাল মহন্তক নিযুক্তি দিয়া হৈছে । মুখ্যমন্ত্ৰীৰ শিক্ষা আৰু নীতি উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা ননী গোপাল মহন্তক প্ৰতাপ সন্দিকৈৰ স্থানত নিযুক্তি দিয়া হৈছে । ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক হোৱাৰ লগতে ২০১৮ চনৰ পৰা ২০১৯ চনলৈ বিভাগীয় মুৰব্বী আৰু পঞ্জীয়ক পদতো অধিষ্ঠিত হৈছিল ড০ ননীগোপাল মহন্ত ।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা ননী গোপাল মহন্তই ২০০২ চনৰ পৰা ২০০৪ চনলৈকে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ৰটাৰী ৱৰ্ল্ড পিছ ফেলো হিচাপে শিক্ষা গ্ৰহণ কৰে। এই ফেল’শ্বিপৰ সহায়ত তেওঁ সমগ্ৰ ইউৰোপ আৰু দক্ষিণ এছিয়াতে গৱেষণা সুবিধা লাভ কৰিছিল ।

ইয়াৰ সমান্তৰালভাৱে মহন্তই আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বিষয়ৰ লেখক আৰু বিশ্লেষক হিচাপেও সেৱা আগবঢ়াই আহিছে । ৰাজহুৱা বিষয়ত তেওঁৰ অৱদানক স্বীকৃতি প্ৰদান কৰি ২০০৯ চনত তেওঁক Education Research and Development Foundation Excellence Award প্ৰদান কৰা হৈছিল ।

তদুপৰি, শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা ব’ৰ্ডকে ধৰি অসমৰ বিভিন্ন চৰকাৰী সংস্থাক বিশেষজ্ঞ হিচাপে বিভিন্ন সময়ত পৰামৰ্শ প্ৰদান কৰি আহিছে ননী গোপান মহন্তই । মহন্তই শৈক্ষিক প্ৰতিষ্ঠানসমূহক নেতৃত্ব দিয়াৰ লগতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ গৰ্ভানিং বডিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে । সামন্তৰালভাৱে ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে উত্তৰ-পূব ভাৰত ৰাজনীতি বিজ্ঞান সন্থাৰ(Northeast India Political Science Association) নেতৃত্ব প্ৰদান কৰিছিল ড০ ননীগোপাল মহন্তই ।

Latest News