শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তেজেৰে ৰাঙলী হৈ পৰিল দিছপুৰৰ বিধায়ক আৱাস! কি ঘটিছিল বিধায়ক বলীন চেতিয়াৰ বিধায়ক আৱাসত?

শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ আৱাসত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ৰক্তাক্ত অৱস্থাত আবাসৰ পৰা ওলাই আহিছে এজন যুৱক। সঞ্জীৱ গোহাঁই নামৰ ব্যক্তিজনে এজনলোকক প্ৰহাৰ কৰাৰ অভিযোগ। বৰ্তমানেও উদ্ধাৰ হোৱা নাই গুৰুতৰভাৱে আহত লোকজনৰ পৰিচয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তেজেৰে ৰাঙলী হৈ পৰিল দিছপুৰৰ বিধায়ক আৱাস! কি ঘটিছিল বিধায়ক বলীন চেতিয়াৰ বিধায়ক আৱাসত?
কি হৈছিল বিধায়ক বলিন চেতিয়াৰ বিধায়ক আৱাসত?
trishna-kalita
Trishna Kalita | Updated On: 08 Dec 2024 15:23 PM

দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বিধায়ক আৱাসৰ ভিতৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা। শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ আৱাসত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ৰক্তাক্ত অৱস্থাত আবাসৰ পৰা ওলাই আহিছে এজন যুৱক। সঞ্জীৱ গোহাঁই নামৰ ব্যক্তিজনে এজনলোকক প্ৰহাৰ কৰাৰ অভিযোগ। বৰ্তমানেও উদ্ধাৰ হোৱা নাই গুৰুতৰভাৱে আহত লোকজনৰ পৰিচয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

মাৰপিটত আহত সঞ্জীৱ সন্যাসীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত । সঞ্জীৱ গোঁসাই নামৰ এজনে প্ৰহাৰ কৰাৰ অভিযোগ । ঘটনাস্থলী এতিয়াও উপস্থিত হোৱা নাই আৰক্ষীৰ লোক। ঘটনা সংঘটিত হোৱাৰ সময়ত বিধায়ক আৱাসত উপস্থিত নাছিল বিধায়ক বলীন চেতিয়া। অভিযুক্ত সঞ্জীৱ গোহাঁই বলীন চেতিয়াৰ ব্যক্তিগত সহায়ক। আনফালে আহত সঞ্জীৱ সন্যাসী বিধায়ক বলীন চেতিয়াৰ ঘৰৰ ৰান্ধনী।

ঘটনা অনুসৰি বলীন চেতিয়াৰ বিধায়ক আৱাসৰ পৰা আহিছিল প্ৰচণ্ড শব্দ। শব্দ শুনাৰ পাছতে আৱাসটোৰ বাহিৰত সমাবেত হয় বহু লোক।   তাৰ পাছতে ৰক্তাক্ত অৱস্থাত আবাসৰ পৰা ওলাই আহে এগৰাকী যুৱক।  তেজৰে লুটুৰী-পুটুৰী হৈ আছে আহত যুৱকজনৰ। যাৰ বাবে তেজেৰে ৰাঙলী হৈ পৰে বলীন চেতিয়াৰ বিধায়ক আৱাস। প্ৰথমাৱস্থাত আঘাটপ্ৰাপ্ত ব্যক্তিজনৰ লগত অহা আন এজন ব্যক্তিয়ে পৰা বুলি কৈ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰে। কিন্তু অৱশেষত পোহৰলৈ আহে ঘটনাটো।

আঘাটপ্ৰাপ্ত ব্যক্তিজনে কোৱা অনুসৰি  তেওঁক মূৰত প্ৰচণ্ড জোৰে আঘাট কৰা হৈছিল।  ব্যক্তিজনক ৰদৰে মূৰত প্ৰহাৰ কৰা হৈছে বুলিও উল্লেখ কৰে। কিন্তু কি কাৰণত এনে ঘটনা সংঘটিত হৈছে এই কথা এতিয়ালৈ পোহৰলৈ অহা নাই। আঘাতপ্ৰাপ্ত লোকজনক বিধায়ক আৱাসৰ চৌহদৰ চিকিৎসালয়ত চিকিৎসা চলাই থকা হৈছে। এই ঘটনাৰ পাছতে আৱাসটোত সৃষ্টি হয় হৈ চৈ পৰিৱেশৰ। তেজেৰে ৰাঙলী হৈ পৰে আৱাসটো।

ইফালে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ ACPৰ মন্তব্য, ‘সৰুকৈ কাজিয়া হৈছিল, বিশেষ একো হোৱা নাই’। সেই সময়ত আৱাসটোৰ ভিতৰত কোন আছিল সেই কথাও এতিয়ালৈ জানিব পৰা হোৱা নাই। বলীন চেতিয়াৰ উপস্থিতি সন্দৰ্ভটো সঠিক তথ্য লাভ কৰা হোৱা নাই। কোনে কিয় প্ৰহাৰ কৰিলে বলীন চেতিয়াৰ ঘৰৰ ৰান্ধনীক?  এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনা ৰহস্য ভেদ হ’ব।