উত্তৰাখণ্ডত উদ্ধাৰ অসমৰ ৰশ্মিতাৰ মৃতদেহৰ, তদন্তৰ দায়িত্ব CBIক দিয়াৰ আহ্বান…
অসমৰ ডিমা হাছাওৰ যুৱতী ৰশ্মিতা হোজাইৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাই ডিমাছাৰ বিশিষ্ট নাগৰিক সমাজৰ সংগঠন JNH, ডিমাছা ছাত্ৰ সন্থা (DSU), ডিমাছা মাতৃ সন্থা (DMA) আদিয়ে যৌথভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এখন স্মাৰক পত্ৰ দাখিল কৰিছে। মঙলবাৰে গাড়োৱাল জিলাৰ পাউৰিত গংগা নদীৰ পাৰত উদ্ধাৰ কৰা হৈছে ২৬ বছৰীয়া ৰশ্মিতাৰ মৃতদেহ।

মঙলবাৰে উত্তৰাখণ্ডত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে অসমৰ সন্ধানহীন যুৱতীৰ মৃতদেহ। মঙলবাৰে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) দেৱলাল গোৰ্লোছাই জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিযোগে এই তথ্য প্ৰকাশ কৰে। তাৰ পিছতে অসমৰ ডিমা হাছাওৰ যুৱতী ৰশ্মিতা হোজাইৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাই ডিমাছাৰ বিশিষ্ট নাগৰিক সমাজৰ সংগঠন JNH, ডিমাছা ছাত্ৰ সন্থা (DSU), ডিমাছা মাতৃ সন্থা (DMA) আদিয়ে যৌথভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এখন স্মাৰক পত্ৰ দাখিল কৰিছে।
স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি, ৫ জুনত দিল্লীত ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ (আৰ আৰ বি) পৰীক্ষাত অৱতীৰ্ণ হোৱা মেধাৱী ছাত্ৰী ৰশ্মিতা পৰৱৰ্তী সময়ত নিৰুদ্দেশ হোৱাৰ খবৰ আহে। বহু অভিযান অন্তত উত্তৰাখণ্ডৰ ঋষিকেশৰ এটা শিবিৰৰ ওচৰত তেওঁক মৃত অৱস্থাত উদ্ধাৰ হয়। দুগৰাকী ব্যক্তি— দিল্লীৰ মহিন্দৰগড়ৰ হেমন্ত শৰ্মা আৰু হাৰিয়ানাৰ ৰোহটকৰ পংকজ কোকাৰে দাবী কৰিছিল যে ৰশ্মিতা সেই সময়ত তেওঁলোকৰ লগত আছিল।
এই কৰুণ ঘটনাই ডিমা হাছাওৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক উদ্বেগ আৰু সন্দেহৰ সৃষ্টি কৰিছে। দল-সংগঠনসমূহে উল্লেখ কৰে যে ৰশ্মিতাই পূৰ্বে দিল্লী ভ্ৰমণৰ ক্ষেত্ৰত সংকোচ প্ৰকাশ কৰিছিল, কাৰণ ইয়াৰ ফলত তেওঁৰ বহু প্ৰত্যাশিত এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতিৰ ব্যাঘাত হৈছিল । তেওঁলোকে কয় যে তেওঁ হঠাতে ঋষিকেশলৈ যোৱাৰ পৰিকল্পনাই বহু গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
সংগঠনসমূহৰ আবেদনত ৰশ্মিতাৰ পৰিয়ালৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ জৰিয়তে ন্যায় সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক আবেদন জনায়। গোচৰটোক কেৱল ব্যক্তিগত ট্ৰেজেডী নহয়, ৰাষ্ট্ৰীয় ক্ষতি বুলি অভিহিত কৰি স্মাৰকপত্ৰখনত জবাবদিহিতাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
স্মাৰকপত্ৰখনত কোৱা হৈছে, ‘আমি শোকসন্তপ্ত পৰিয়াল আৰু সাধাৰণ জনতাক প্ৰতিনিধিত্ব কৰি Jadikhe Naisho Hosom (Dimasa Apex Body), ডিমাছা ছাত্ৰ সন্থা আৰু ডিমাছা মাতৃ সন্থাই এই দুৰ্ভাগ্যজনক ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰিবলৈ দাবী জনাইছো। এই জঘন্য অপৰাধৰ বাবে দায়ী অপৰাধীসকলক ন্যায়ৰ কাঠগড়াত থিয় কৰাব লাগিব।’
স্বাক্ষৰকাৰীসকলে ঘটনাটোৰ বিস্তৃত তদন্ত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) বা বিশেষ তদন্তকাৰী দল (এছআইটি)ক হস্তান্তৰ কৰিবলৈ দাবী জনায়। তেওঁলোকে জোৰ দি কয় যে দ্ৰুত আৰু নিৰ্ণায়ক ব্যৱস্থাই কেৱল পৰিয়ালটোক ন্যায় দিয়াই নহয়, সমগ্ৰ দেশতে যুৱ আকাংক্ষীৰ বিৰুদ্ধে অপৰাধৰ প্ৰতিৰোধক হিচাপেও কাম কৰিব।
উল্লেখ্য যে, পৰীক্ষাৰ বাবে ৪ জুনত নতুন দিল্লীত উপস্থিত হৈছিল যুৱতীগৰাকী। ৫ জুনত পৰীক্ষা শেষ হোৱাৰ পাছৰে পৰা সন্ধান নাছিল ৰশ্মিতাৰ। তাৰ পিছতে মঙলবাৰে গাড়োৱাল জিলাৰ পাউৰিত গংগা নদীৰ পাৰত উদ্ধাৰ কৰা হৈছে ২৬ বছৰীয়া ৰশ্মিতাৰ মৃতদেহ।