শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ডিজিটেল এৰেষ্টৰ বলি যোৰহাটৰ বিশিষ্ট চিকিৎসক সদাগৰ দেউৰী, ৪৯ লাখ টকাৰ লুটিলে প্ৰৱঞ্চকে…

বিশেষকৈ ডিজিটেল এৰেষ্ট প্ৰৱঞ্চক চক্ৰই ভয়-ভাবুকিৰে মানুহৰ বেংকৰ ধন হৰলুকি কৰি আহিছে। শেহতীয়াকৈ এই ধৰণৰ প্ৰৱঞ্চকৰ জালত পৰিল সকলোৰে পৰিচিত যোৰহাটৰ বিশিষ্ট চিকিৎসক সদাগৰ দেউৰী।

ডিজিটেল এৰেষ্টৰ বলি যোৰহাটৰ বিশিষ্ট চিকিৎসক সদাগৰ দেউৰী, ৪৯ লাখ টকাৰ লুটিলে প্ৰৱঞ্চকে…
manas-borah
Manas Borah | Published: 27 Dec 2025 13:14 PM

বিভিন্ন প্ৰলোভন, ভয়-ভাবুকিৰে সাধাৰণৰ লোকক ডিজিটেলি প্ৰৱঞ্চনা কৰি আহিছে প্ৰৱঞ্চকে। মানুহবোৰ যিমানেই সচেতন নহওক কিয়, ডিজিটেল প্ৰৱঞ্চকৰ জালৰ পৰা সাৰি যোৱা নাই কোনো লোক। বিশেষকৈ ডিজিটেল এৰেষ্ট প্ৰৱঞ্চক চক্ৰই ভয়-ভাবুকিৰে মানুহৰ বেংকৰ ধন হৰলুকি কৰি আহিছে। শেহতীয়াকৈ এই ধৰণৰ প্ৰৱঞ্চকৰ জালত পৰিল সকলোৰে পৰিচিত যোৰহাটৰ বিশিষ্ট চিকিৎসক সদাগৰ দেউৰী।

কেতিয়াবা যদি ডিজিটেল এৰেষ্ট প্ৰৱঞ্চক চক্ৰই নিজে আৰক্ষীৰ বিষয়া হিচাপে চিনাকী দিয়ে, আন কেতিয়াবা নিজকে অধিবক্তা হিচাপে নিজৰ পৰিচয় দাঙি ধৰে এইসকল প্ৰৱঞ্চকে আৰু বিভিন্ন অজুহাতত গ্ৰেপ্তাৰৰ ভয় দেখুৱাই। যোৰহাটৰ বিশিষ্ট চিকিৎসক সদাগৰ দেউৰীৰ ক্ষেত্ৰত তেনেকুৱাই হ’ল। এই চক্ৰটোৱে প্ৰায় ডেৰ মাহৰ পূৰ্বৰে পৰা বিশিষ্ট চিকিৎসকগৰাকীক প্ৰৱঞ্চনা কৰি আহিছিল।

খবৰ অনুসৰি, চলিত বৰ্ষৰ ১৯ নৱেম্বৰৰ দিনটোত ডাঃ সদাগৰ দেউৰীৰ ফোনকৈ আহিছিল এটা ভিডিঅ’কল। এই ভিডিঅ’কলৰ পাছতে প্ৰৱঞ্চকৰ দলটোৱে চিকিৎসকগৰাকীক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথমে আৰক্ষী আৰু অধিবক্তাৰ পোছাক পৰিধান কৰি নিজকে জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু অধিবক্তাৰূপে পৰিচয় দাঙি ধৰিছিল প্ৰৱঞ্চকৰ দলটোৱে। একে সময়তে কোৱা হৈছে যে,চিকিৎসকগৰাকীৰ বিৰুদ্ধে কেতবোৰ গোচৰ ৰুজু হৈ আছে।

জানিব পৰা মতে, প্ৰৱঞ্চকৰ দলটোৰ এজনে নিজকে বেংগালুৰু আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে পৰিচয় দিছিল। তেওঁ আছিল শিৱপ্ৰসাদ। সেই বিষয়াগৰাকীয়ে চিকিৎসকগৰাকীক কৈছিল যে, তেওঁ বিৰুদ্ধে ১৭টাকৈ গোচৰ ৰুজু হৈ আছে। অনলাইনত সংঘটিত কেতবোৰ ঘটনা এই গোচৰৰ কাৰণ হিচাপে দাঙি ধৰিছিল। আৰু কোৱা হৈছিল যে, তেওঁ বেংগালুৰুৰ আৰক্ষী থানালৈ যাব লাগিব।

খবৰ অনুসৰি, যেতিয়া ডাঃ দেউৰীয়ে বেংগালুৰু ভ্ৰমণ নাকচ কৰিলে, তেতিয়া প্ৰৱঞ্চকসকলে চিবিআইয়েও গোচৰ ৰুজু কৰা বুলি দাবী কৰি ভাবুকি প্ৰদান কৰে। খবৰ অনুসৰি, তেওঁলোকে তেওঁৰ আধাৰৰ সবিশেষ প্ৰদৰ্শন কৰি আৰ্থিক সংকটৰ সময়ত কমিচনত এটিএম কাৰ্ড বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে। ফোন কৰাসকলে আৰু অভিযোগ কৰে যে, তেওঁৰ কেনাৰা বেংক একাউণ্টৰ পৰা ১৫০টা এটিএম উইড্ৰৱেলৰ জৰিয়তে তিনি কোটি টকাৰ লেনদেন সংঘটিত হৈছে।

অভিযোগত উল্লেখ আছে যে, অভিযুক্তই ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ বিধানৰ উদ্ধৃতি দি বিষয়টো কাকো প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিছিল আৰু তদন্তৰ আঁৰত অবিৰতভাৱে ভিডিঅ’ কলত থাকিবলৈ বাধ্য কৰাইছিল। তেওঁৰ সম্পত্তিৰ সবিশেষ শ্বেয়াৰ কৰিবলৈ কোৱা হৈছিল, বাসগৃহৰ ভিডিঅ’ প্ৰেৰণ কৰাৰ লগতে কেইঘণ্টামানৰ মূৰে মূৰে তেওঁৰ অৱস্থানৰ নিয়মীয়াকৈ আপডেট দিবলৈ কোৱা হৈছিল।

এই হেঁচা তীব্ৰতৰ কৰিবলৈ প্ৰৱঞ্চকসকলে ভুৱা এফ আই আৰ কপি আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে জাৰি কৰা বুলি ভুৱা অধিসূচনাকে ধৰি জাল নথি-পত্ৰ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ডাঃ দেউৰীয়ে । মানসিক ভয় আৰু গ্ৰেপ্তাৰৰ ভয়ত ডাঃ দেউৰীক তথাকথিত “চিকিউৰিটি ডিপ’জিট” হিচাপে একাধিক বেংক একাউণ্টলৈ ধন স্থানান্তৰ কৰিবলৈ বাধ্য কৰা হৈছিল যিটো পিছত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।

জানিব পৰা মতে, তেওঁ এইদৰে পাঁচটা পৃথক লেনদেনৰ জৰিয়তে মুঠ ৪৯ লাখ টকাৰ ধন হস্তান্তৰ কৰিলে। মুঠ ৪৯ লাখ টকাৰ হেৰুৱাই সৰ্বস্বান্ত হৈ পৰে চিকিৎসকগৰাকী। শেষত উপায়হীন হৈ বহু পলমকৈ আৰক্ষীৰ কাষ চাপিছে চিকিৎসক দেউৰী।

এই ঘটনাৰ সন্দৰ্ভত আই পি চি, ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইনৰ বিধানৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰি জৰুৰী তদন্ত আৰম্ভ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে ড০ দেউৰীয়ে। বেংক আৰু চাইবাৰ অপৰাধ কৰ্তৃপক্ষৰ সৈতে সমন্বয় কৰি একাউণ্ট ফ্ৰীজ কৰি প্ৰতাৰিত ধন আদায়ৰ চেষ্টা কৰাৰ লগতে এই কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চিকিৎসকগৰাকীয়ে।