শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৩০ এপ্ৰিল! ধুবুৰীত প্ৰাণ হেৰুৱাইছিল ৪৪ জন লোকে, কি হৈছিল সেইদিনা?

প্ৰতি বছৰে ৩০ এপ্ৰিলৰ দিনটো আহিলে আজিও বুকু কঁপি উঠে মেদৰটাৰীবাসীৰ । বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে সেই অভিশপ্ত দুৰ্ঘটনাত নিহত হোৱাসকলৰ পৰিয়ালৰ লোক ।

৩০ এপ্ৰিল! ধুবুৰীত প্ৰাণ হেৰুৱাইছিল ৪৪ জন লোকে, কি হৈছিল সেইদিনা?
অসম
Barasha Sarma
Barasha Sarma | Updated On: 30 Apr 2025 15:18 PM

আজি ৩০ এপ্ৰিল। আজিৰ দিনটোতেই ২০১২ চনত  মেদৰটাৰীত সংঘটিত হৈছিল দেশ জোকাৰি যোৱা ভয়ংকৰ নাওঁ দুৰ্ঘটনা। অভিশপ্ত হৈ দুৰ্ঘটনাত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছিল যদিও আজিও ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই থাকিল বিভিন্নজন। ঘটনাৰ ইমান বছৰ বাগৰি যোৱাৰ পাছতো আজি পৰ্যন্ত নিৰুদ্দেশ হোৱা লোকসকলৰ কোনো সন্ধান নোলাল।। বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে সেই অভিশপ্ত দুৰ্ঘটনাত নিহত হোৱা লোকৰ পৰিয়ালৰ লোক।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ সিমান্তৱৰ্তী তথা ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ মেদৰটাৰীবাসীৰ বাবে  আজি এক অভিশপ্ত দিন । ২০১২ চনৰ আজিৰ দিনটোতে মেদৰটাৰীত সংঘঠিত হৈছিল অভিশপ্ত ফেৰী দুৰ্ঘটনা। সেই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল। তথ্য অনুসৰি সেই ঘটনাত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছিল যদিও আজি পৰ্যন্ত সন্ধান নোলাল বহু লোকৰ।

প্ৰতি বছৰে ৩০ এপ্ৰিলৰ দিনটো আহিলে আজিও বুকু কঁপি উঠে মেদৰটাৰীবাসীৰ । বুকুত একুৰা জুই লৈ আজিও জীয়াই আছে সেই অভিশপ্ত দুৰ্ঘটনাত নিহত হোৱাসকলৰ পৰিয়ালৰ লোক । পিতৃ-মাতৃ অথবা পৰিয়ালৰ লোক হেৰুওৱাৰ বেদনাত আজিও জৰ্জৰিত মেদৰটাৰীবাসী ।

কিন্তু সেই অভিশপ্ত দিনটোৰ কথা যেন মনত নপৰে চৰকাৰৰ । কাৰণ ঠাইডোখৰত আজিও এক নিমাওমাও পৰিবেশ । নাই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে কোনো স্মৃতিসৌধ।  তেতিয়াৰ কংগ্ৰেছৰ চৰকাৰে মেদৰটাৰী অঞ্চলৰ ৰাস্তাঘাট,স্কুল,  চিকিৎসালয় সকলো ধৰণৰ উন্নয়ন হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আছিল ফুটুকাৰ ফেন।

এ আই ইউ ডি এফ প্ৰধান তথা তেতিয়াৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ঠাইডোখৰলৈ দিব বিচাৰিছিল ১৮ জন বিধায়কৰ দৰমহা। কিন্তু সেয়াও ফুটুকাৰ ফেনত পৰিণত হ’ল। সকলোৱে যেন পাহৰি গ’ল সেই অভিশপ্ত দিনটো । কেৱল পাহৰিব পৰা নাই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালৰ লোকে। এই দিনটো উপলক্ষে আজি মৃত ব্যক্তি সকলৰ পৰিয়াল আৰু স্থানীয় ৰাইজে মৃত লোকসকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে সৰ্বধৰ্ম প্ৰাথনা কৰে । লগতে মৃত আত্মাৰ চিৰ শান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।