শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সম্পূৰ্ণ বেদখলমুক্ত নোহোৱালৈ চলিব উচ্ছেদ: সোণাপুৰৰ উচ্ছেদস্থলীত DGP জি পি সিং

ডিজিপিয়ে কয় যে,"সম্পূৰ্ণ বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলিব উচ্ছেদ ৷ ইতিমধ্যে বেদখলমুক্ত হৈছে ২৪৮ বিঘা ভূমি,উচ্ছেদ কৰা হৈছে ১৫১টা পৰিয়ালৰ ৩০০টা বাসগৃহ ৷ বেদখলকাৰী সকল বাংলাদেশী বুলি সন্দেহ কৰা হৈছে,কিয়নো আগষ্ট মাহত ট্ৰেক্টৰেৰে বয়-বস্তু লৈ আহিছিল কচুতলীলৈ ৷"

সম্পূৰ্ণ বেদখলমুক্ত নোহোৱালৈ চলিব উচ্ছেদ: সোণাপুৰৰ উচ্ছেদস্থলীত DGP জি পি সিং
সোণাপুৰৰ উচ্ছেদস্থলীত DGP জি পি সিং
trishna-kalita
Trishna Kalita | Updated On: 13 Sep 2024 15:55 PM

সোণাপুৰৰ কচুতলীত উপস্থিত DGP জি পি সিং৷ উচ্ছেদৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল সন্দেহজনক লোকে৷ সমগ্ৰ ঘটনাত ষড়যন্ত্ৰৰ গোন্ধ পাইছে বুলি ক’লে জি পি সিঙে৷ বৃহস্পতিবাৰে উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল ৰাইজে৷ আক্ৰমণৰ পাছতেই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল৷ আৰক্ষীৰ গুলীত নিহত হৈছিল ২জন আক্ৰমণকাৰী৷ সোণাপুৰ জিলা চিকিৎসালয়ত আৰক্ষীৰ গুলীত মৃত্যু হোৱা দুই বেদখলকাৰীক হাইদৰ আলী আৰু জুৱাহিদ আলী বুলি চিনাক্ত কৰা হৈছে।

আজি কচুতলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে। ঘটনাস্থলীত উপস্থিত হৈ কালিৰ আক্ৰমণৰ ঘটনাত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ কৰিছে ডিজিপিয়ে।
তেওঁ কয়, “তৃতীয় শক্তি নহ’লে হঠাৎ এনে ঘটনা নহয়। মহানগৰ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে, আৰক্ষীয়ে আটক কৰিছে কেইবাজনকো। কালি ৰে’লৱে’ৰ সম্পত্তি ধ্বংস কৰাৰো লক্ষ্য আছিল বুলি তথ্য পোৱা গৈছে।” আক্ৰমণকাৰীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হ’ব বুলিও ঘোষণা কৰে ডিজিপিয়ে। ডিজিপিগৰাকীয়ে লগতে কয়, “কচুতলিত উচ্ছেদ হোৱা মানুহখিনি বাংলাদেশৰ পৰা অহা বুলি সন্দেহ কৰা হৈছিল।”

ডিজিপি গৰাকীয়ে আৰু কয় যে,”সম্পূৰ্ণ বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলিব উচ্ছেদ ৷ ইতিমধ্যে বেদখলমুক্ত হৈছে ২৪৮ বিঘা ভূমি,উচ্ছেদ কৰা হৈছে ১৫১টা পৰিয়ালৰ ৩০০টা বাসগৃহ ৷ বেদখলকাৰী সকল বাংলাদেশী বুলি সন্দেহ কৰা হৈছে,কিয়নো আগষ্ট মাহত ট্ৰেক্টৰেৰে বয়-বস্তু লৈ আহিছিল কচুতলীলৈ ৷”

উল্লেখ্য যে, সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোমৰীয়া, কচুতলী আদি অঞ্চলৰ ট্ৰাইবেল বেল্টৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰা সন্দেহযুক্ত লোকক উচ্ছেদ চলোৱাৰ মাজতে বৃহস্পতিবাৰে সংঘটিত হয় হিংসাত্মক পৰিস্থিতি। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযান প্ৰথম পৰ্যায়ত শান্তি পূৰ্ণভাৱেই চলি আছিল যদিও হঠাৎ ১২ ছেপ্টেম্বৰ, শুকুৰবাৰে কেনেকৈ হিংসাত্মক পৰিস্থিতি সংঘটিত হ’বলৈ পালে তাক লৈ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

সোণাপুৰৰ কচুতলিত আজিও অব্যাহত আছে উত্তেজনা। বৃহস্পতিবাৰে আৰক্ষীক আক্ৰমণৰ ঘটনাৰে জড়িত ৬ জনক গ্ৰেপ্তাৰ কৰা হয়৷ নিশা ১৭ জনক সোধা-পোছাৰ বাবে আটক কৰিছিল আৰক্ষীয়ে৷ মহিৰ আলী, আইনাল হক, খবৰ আলী, আলামীন আলী, ছাদেকুল ইছলাম, মইনুদ্দিন আলীক গ্ৰেপ্তাৰ সোণাপুৰ আৰক্ষীৰ।

ইয়াৰ পাছতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । ইতিমধ্যে কচুতলি পথছোৱা সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ সম্ভাব্য পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী বাহিনী। একেদৰে আৰক্ষীয়ে বাহৰ বেৰিকেড স্থাপন কৰা হৈছে।