উচ্চ ন্যায়ালয় অসম চৰকাৰৰ মতে নচলে: সংবাদমেলত দেৱজিৎ শইকীয়া…
তেওঁ কয়, "২০২২ চনত অক্টোবৰ নৱেম্বৰ মাহত বৰাগাঁৱলৈ CJM আদালতৰ স্থানান্তৰ কৰা চেষ্টা চলোৱা হৈছিল। ২৫ নৱেম্বৰ ২০২২ চনত সিদ্ধান্ত লোৱা হৈছিল তেতিয়ালৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কোনো কথাই অহা নাছিল। বাৰ কাউন্সিলে কেৱল এখন কৰ্ট লৈ গ'লে অসুবিধা হোৱাৰ কথা কৈছিল।"
ৰংমহলত উচ্চ ন্যায়ালয়ৰ শিলান্যাসৰ সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। সংবাদমেলত দেৱজিৎ শইকীয়াই কয়, “৩-৪ বছৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত এটা বিতৰ্ক চলি আছে । স্থানান্তৰ প্ৰক্ৰিয়াত কোনোবাই সমৰ্থন কৰিছে কোনোবাই বিৰোধ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা থকাৰ সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।”
তেওঁ কয়, “২০২২ চনত অক্টোবৰ নৱেম্বৰ মাহত বৰাগাঁৱলৈ CJM আদালতৰ স্থানান্তৰ কৰা চেষ্টা চলোৱা হৈছিল। ২৫ নৱেম্বৰ ২০২২ চনত সিদ্ধান্ত লোৱা হৈছিল তেতিয়ালৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ কোনো কথাই অহা নাছিল। বাৰ কাউন্সিলে কেৱল এখন কৰ্ট লৈ গ’লে অসুবিধা হোৱাৰ কথা কৈছিল। আটাইকেইখন কৰ্ট একেটা স্থানলৈ লৈ গ’লে তাত কোনো আপত্তি নাথাকিব বুলি কৈছিল।”
ন্যায়াধীশৰসকলৰ নিৰাপত্তা সন্দৰ্ভত তেওঁ লগতে কয়, ‘পূৰ্বে ১৯ জন ন্যায়াধীশৰ পৰিৱৰ্তে বৰ্তমান ৩০ জনলৈ বৃদ্ধি হ’ল। ন্যায়াধীশৰসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উঠে ৷ বৰ্তমান তেওঁলোক এতিয়া ফ্লেটত থাকে । আজিৰ তাৰিখত বৰ্তমান কেৱল ৭টা কোৱাটাৰহে আছে। মহিলাসকলৰ বহাৰ উপৰিও থকা-খোৱাৰ বাবে সু-ব্যৱস্থা নাই। মুখ্যমন্ত্ৰীয়ে ২০০১ চনলৈ প্ৰেকটিচ কৰি থকা সময়তো এই অসুবিধা পোৱা বুলি স্পষ্ট কৰিছে। পাৰ্কিঙৰ বাবে কোনো ব্যৱস্থা নাই । প্ৰায় ১ হাজাৰ প্ৰেকটিচ কৰা অধিবক্তা আছে । সকলোৱে গাড়ী লৈ আহে তেওঁলোকৰ গাড়ীতে চেম্বাৰ খুলি ল’ব লগা হৈছে। কেণ্টিনৰ ব্যৱস্থা বেয়া, প্ৰেক্ষাগৃহ নাই। পূৰ্বে আপত্তি কৰাসকলে এতিয়াও আপত্তি কৰি আছে।
শইকীয়াই পুনৰ কয়,মুখ্য ন্যায়াধীশৰ কোৱাটাৰটো হেৰিটেজ বিল্ডিং কৰি থোৱা হৈছে। অসম চৰকাৰে হেৰিটেজ ঘোষণা কৰি থৈছে। ২০২৩ চনত সন্দীপ মেহতাই অনুৰোধ কৰিছিল । স্থানান্তৰ প্ৰক্ৰিয়াটো অসম চৰকাৰে একপক্ষীয়ভাৱে লোৱা নাই । এইটো এটা ভুল ব্যাখা দিয়া হৈছে। উচ্চ ন্যায়ালয়খন ক’ত বহিব কেনেকুৱা হ’ব এই সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব আছে মুখ্য ন্যাধীশৰ। হাইক’ৰ্ট অসম চৰকাৰৰ মতে নচলে , অসম চৰকাৰৰ ভুলবোৰ দেখুৱাই দিয়ে হাইকৰ্টে।
ইফালে গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটী ৰংমহললৈ স্থানান্তৰ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কয়, “হাই কৰ্ট বাৰ এচ’ছিয়েচনৰ অৱস্থান ধৰ্মঘটৰ কোনো যুক্তি নাই। গুৱাহাটীৰ পৰা ৰংমহললৈ আহিবলৈ ৪০০- ৫০০ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই । ফেব্ৰুৱাৰীত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলং মুকলি হোৱাৰ লগে লগেই নিমিষতে আহি হাইক’ৰ্ট পাব।”
তেওঁ কয়, “মই যদি মুখ্যমন্ত্ৰী হৈ থাকো অহা ১০ বছৰত ৰিং ৰডৰ কাষে কাষে মেট্ৰ’ ট্ৰেইনৰো ব্যবস্থা কৰিম । যিসকলে এই কাৰ্য বিৰোধ কৰিছে তেওঁলোকে নিৰাশা দেখে, মই আশাৰে দেখো। উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰা সিদ্ধান্ত মোৰ নহয়, এয়া ন্যায়াধীশসকলৰ সিদ্ধান্ত । প্ৰথম পৰ্যায়ত ৫০০ কোটি টকাৰে আৰম্ভ কৰি পৰৱৰ্তী সময়ত আৰু ১২০০ কোটি টকা খৰচ কৰি এখন পূৰ্ণাংগ “Judicial City” তৈয়াৰ কৰা হ’ব।”