জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়া কঁপালে হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় প্ৰতিবাদকাৰীয়ে
বুধবাৰে তিনিচুকীয়া চহৰত হাজাৰ হাজাৰ চাহ জনজাতি শ্ৰমিকে প্ৰতিবাদী সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি, ভূমি পট্টা প্ৰদান আৰু দৈনিক মজুৰি বৃদ্ধিৰ আহ্বান জনাই প্লেকাৰ্ড আৰু বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আৰু “আৰ্থ-সামাজিক বিষয়ৰ”ৰ ওপৰত গুৰুত্ব আৰোপ কৰি বুধবাৰে তিনিচুকীয়া চহৰত হাজাৰ হাজাৰ চাহ জনজাতি শ্ৰমিকে প্ৰতিবাদী সমদল বাহিৰ কৰে। অসম চাহ মজদুৰ সংঘ (এচিএমএছ), অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, বিভিন্ন মহিলা গোটকে ধৰি কেইবাটাও সংগঠনৰ সমন্বয়ত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
বৰ্তমান তিনিচুকীয়া জিলা ভ্ৰমণত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী তিনিচুকীয়াত থকাৰ সময়তেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চাহ শ্ৰমিকসকলে। কালি তিনিচুকীয়াত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।
এচিএমএছৰ সম্পাদক (পানীতোলা শাখা) তথা প্ৰাক্তন বিধায়ক ৰাজু সাহুৱে কয় যে চৰকাৰে আমাৰ অনুসূচিত জনজাতিৰ মৰ্যাদা, আৰু দৈনিক মজুৰি বৃদ্ধিৰ সৈতে জড়িত অৰ্থনৈতিক অৱস্থা উন্নীতকৰণৰ দাবী পূৰণ কৰাত ব্যৰ্থ হ’লে আন্দোলন অব্যাহত থাকিব আৰু তীব্ৰতৰ হ’ব।
তেওঁ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে এক দশকৰো অধিক পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, মজুৰি বৃদ্ধি কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰা আদিও আছিল। কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই।
সাহুৱে শ্ৰমিকসকলে সন্মুখীন হোৱা ব্যাপক প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰে। কেইবাখনো বাগিচা বিক্ৰী, কৰ্মচাৰীৰ অভাৱত চাহ বাগিচাৰ বিদ্যালয় আৰু অপৰ্যাপ্ত স্বাস্থ্য সুবিধা আদি বিষয়সমূহ তেওঁ উত্থাপন কৰে।
তেওঁ কয়, “বৰ্ধিত মূল্যই অধিকাংশ শ্ৰমিকৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ অসাধ্য কৰি তুলিছে, যাৰ ফলত বহুতৰে ওজন কম হৈছে। চৰকাৰে এই সমস্যাসমূহ জৰুৰীভাৱে সমাধান কৰিব লাগিব।”
সমগ্ৰ তিনিচুকীয়া চহৰৰ একাধিক স্থানৰ পৰা আৰম্ভ হোৱা এই সমদল থানা চাৰিআলিত একত্ৰিত হয়। প্ৰতিবাদকাৰীসকলে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি, ভূমি পট্টা প্ৰদান আৰু দৈনিক মজুৰি বৃদ্ধিৰ আহ্বান জনাই প্লেকাৰ্ড আৰু বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
আয়োজকসকলে কয় যে এই প্ৰতিবাদ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক, যাৰ লক্ষ্য হৈছে “দশক দশক ধৰি চলি অহা অৱহেলা”ৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা আৰু চাহ বাগিচাৰ শ্ৰমিকৰ আৰ্থ-সামাজিক অধিকাৰ সুৰক্ষিত কৰা।