হিন্দু আৰু মুছলমানৰ মাজৰ জনগাঁথনিগত পৰিৱৰ্তনক লৈ বিতৰ্কৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
বিশেষ জিলাসমূহৰ জনগাঁথনি পৰিৱৰ্তনৰ সন্দৰ্ভত এক প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই আজি বিধানসভাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, হিন্দু-মুছলমান বিষয়টো আজি ৰাজ্যখনৰ আটাইতকৈ জ্বলন্ত বিষয় । মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে, ‘মিঞা’ মুছলমান লোকসকল সংখ্যাগৰিষ্ঠ হৈ পৰা অঞ্চলৰ পৰা হিন্দুসকলে আঁতৰি আহিবলৈ বাধ্য হৈছে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই মঙলবাৰে ৰাজ্যৰ হিন্দু আৰু মুছলমানৰ জনগাঁথনিগত পৰিৱৰ্তন সন্দৰ্ভত বিতৰ্কৰ আহ্বান জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, নামনি অসমৰ কিছুমান অঞ্চলত যিধৰণে জনগাঁথনিগত পৰিৱৰ্তন ঘটিছে ইয়াৰ ফলত এক নজীৰবিহীন মানৱ দুৰ্যোগৰ সৃষ্টি হ’ব পাৰে। মুখ্যমন্ত্ৰী শৰ্মাই এই বিষয়ত আলোকপাত কৰি কয় যে, হিন্দু-মুছলমান বিষয়টো ৰাজ্যখনৰ আটাইতকৈ জৰুৰী বিষয় আৰু ইয়াৰ ওপৰত বিতৰ্ক আৰু সমাধানৰ প্ৰয়োজন।
বিশেষ জিলাসমূহৰ জনগাঁথনি পৰিৱৰ্তনৰ সন্দৰ্ভত এক প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই আজি বিধানসভাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, হিন্দু-মুছলমান বিষয়টো আজি ৰাজ্যখনৰ আটাইতকৈ জ্বলন্ত বিষয় । মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে, ‘মিঞা’ মুছলমান লোকসকল সংখ্যাগৰিষ্ঠ হৈ পৰা অঞ্চলৰ পৰা হিন্দুসকলে আঁতৰি আহিবলৈ বাধ্য হৈছে ।
ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে, নামনি অসমত জনগাঁথনিগত পৰিৱৰ্তন ইমান দ্ৰুত গতিত ঘটি আছে যে, ইয়াৰ ফলত এক নজীৰবিহীন মানৱ দুৰ্যোগৰ সৃষ্টি হৈছে। এই পৰিৱৰ্তনৰ ফলত হিন্দুসকলে নিজৰ মাটি আৰু অধিকাৰ হেৰুৱাইছে। “হিন্দু নাম থকা গাঁওবোৰত এতিয়া হিন্দু বাসিন্দা নাই।”এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও উল্লেখ কৰে যে, এখন নথি প্ৰস্তুত কৰা হৈছে, য’ত ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি জনগাঁথনিগত পৰিৱৰ্তনৰ সবিশেষ থাকিব । লগতে তেওঁৰ চৰকাৰে এপ্ৰিল মাহত এনে এখন আইন আনিব যিয়ে বিবাহ “মৰ্যাদাপূৰ্ণভাৱে” হোৱাটো নিশ্চিত কৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । “এটা সুস্থিৰ পৰিয়ালৰ বাবে এটা মৰ্যাদাপূৰ্ণ বিবাহ আৱশ্যক। আমি এপ্ৰিল মাহত এই সন্দৰ্ভত আইন আনিম।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।