দৰঙৰ ছাত্ৰ মৃত্যুৰ ঘটনাঃ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীৰ দৰমহা অনিৰ্দিষ্টকাললৈ বন্ধ…
Darrang: , ২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ। এই ঘটনাৰ পাছতেই এজনক ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক আটক কৰিছিল আৰক্ষীয়ে।
দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ সকলো শিক্ষক- কৰ্মচাৰীৰ দৰমহা বন্ধৰ নিৰ্দেশ দৰং বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ৰ। জ্যেষ্ঠ ছাত্ৰ প্ৰহাৰত কনিষ্ঠ ছাত্ৰগৰাকীৰ মৃত্যু হোৱাৰ পাছতেই বুধবাৰে বিদ্যালয়খনত উপস্থিত হৈছিল দৰঙৰ বিদ্যালয়ৰ পৰিদৰ্শক চেমিনা ইয়াছমিন আৰা ৰহমান। তাৰ পাছতেই পৰিদৰ্শক কাৰ্যালয়ৰ পৰা এক জাননী জাৰি কৰি সকলো শিক্ষক- কৰ্মচাৰীৰ দৰমহা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰখাৰ নিৰ্দেশ জাৰি কৰে।
ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি কৰে বিভাগীয় কৰ্তৃপক্ষই। এই সন্দৰ্ভত এক্সযোগে শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে কয় যে, যোৱা ২৩/০৯/২০২৪ তাৰিখে দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলত এজন ছাত্ৰই কৰুণভাৱে প্ৰাণ হেৰুওৱা কৰুণ ঘটনাৰ প্ৰতি সঁহাৰি জনাই ভাৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি ১২ জন কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি কৰা হৈছে। পদুমপুখুৰী হাইস্কুলৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুৰিনগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক। ইয়াৰোপৰি এই বিষয়টোত আৰক্ষীৰ লগতে শিক্ষা বিভাগেও তদন্ত কৰা বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
In response to the tragic incident on 23/09/2024 at Padumpukhuri High School in Darrang district, where a student tragically lost his life, 12 staff members, including the in-charge Principal, have been transferred to other schools due to their negligence. The Principal of… pic.twitter.com/cuh8Zog6O6
— Ranoj Pegu (@ranojpeguassam) September 25, 2024
উল্লেখ্য যে, ২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ। এই ঘটনাৰ পাছতেই এজনক ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ জনক আটক কৰিছিল আৰক্ষীয়ে। অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষৰ অনুশাসনহীনতাৰ বাবে এনে ঘটনা সংঘটিত হবলৈ পালে।
ভৱেশৰ পিতৃয়ে জনাইছিল যে, ২২ ছেপ্টেম্বৰত ৪ ছাত্ৰই ভৱেশক এটা পুখুৰীলৈ মানি নি ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰিছিল। তাৰ পিছদিনা ভৱেশ স্কুললৈ যাওঁতে ৪ ছাত্ৰই তেওঁ এটা শ্ৰেণী কোঠালৈ মাতি নি মাৰপিট কৰিছিল। ৪ ছাত্ৰই নিৰ্মমভাৱে ঘুচিওৱাৰ ফলত ভৱেশ মাটিত ঢলি পৰিছিল। পৰৱৰ্তী সময়ত বিদ্যালয় কৰ্তৃপক্ষই ভৱেশক হাস্পাতাললৈ লৈ গৈছিল যদিও তেতিয়ালৈকে প্ৰাণ হেৰুৱাইছিল ছাত্ৰজনে। অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষই পলমকৈ ভৱেশত হাস্পাতাললৈ লৈ গৈছিল।
এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া তদন্ত চলি আছে। একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ- মাতৃ, ভগ্নী। জি এম চি এইচত ভৱেশৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই মৃতদেহ স্ব গৃহলৈ আনি শেষকৃত কৰা হয়। কিন্তু ভৱেশৰ মৃতদেহ আহি পোৱাৰ লগে লগে অসুস্থ হৈ পৰে পিতৃ- মাতৃ আৰু ভগ্নী। পুত্ৰ, ভাতৃক হেৰুওৱা দুখ সহিব নোৱাৰি কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। এই সমগ্ৰ ঘটনাটোতে এতিয়া কঠোৰ স্থিতি প্ৰকাশ কৰিছে শিক্ষা বিভাগে।