5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উদণ্ড ছাত্ৰৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যু: দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্রীসহ সকলো শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি!

দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ আটাইকেইজন শিক্ষক, শিক্ষয়ত্ৰী, কৰ্মচাৰীক শাস্তিমূলক বদলি। ৰাজ্য কপাই যোৱা ছাত্ৰ মৃত্যু ঘটনাৰ প্ৰায় ৫২ ঘন্টা পিছত বুধবাৰে বিদ্যালয়খনত উপস্থিত হৈ দৰঙৰ বিদ্যালয়ৰ পৰিদৰ্শক চেমিনা ইয়াছমিন আৰা ৰহমানে গ্ৰহণ কৰে এই সিদ্ধান্ত। বিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশ।

উদণ্ড ছাত্ৰৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যু: দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্রীসহ সকলো শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি!
উদণ্ড ছাত্ৰৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যু
trishna-kalita
Trishna Kalita | Updated On: 26 Sep 2024 10:05 AM

দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ আটাইকেইজন শিক্ষক, শিক্ষয়ত্ৰী, কৰ্মচাৰীক শাস্তিমূলক বদলি। ৰাজ্য কপাই যোৱা ছাত্ৰ মৃত্যু ঘটনাৰ প্ৰায় ৫২ ঘন্টা পিছত বুধবাৰে বিদ্যালয়খনত উপস্থিত হৈ দৰঙৰ বিদ্যালয়ৰ পৰিদৰ্শক চেমিনা ইয়াছমিন আৰা ৰহমানে গ্ৰহণ কৰে এই সিদ্ধান্ত। বিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশ। দায়িত্ব আৰু কৰ্তব্যত গাফিলতিৰ অভিযোগত এই নিৰ্দেশ দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্রীসহ ১২জনক বদলি কৰা হৈছে। প্রধান শিক্ষয়িত্রী জানকী ডেকাক শাস্তিমূলক বদলি। এক্সযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

 

In response to the tragic incident on 23/09/2024 at Padumpukhuri High School in Darrang district, where a student tragically lost his life, 12 staff members, including the in-charge Principal, have been transferred to other schools due to their negligence. The Principal of… pic.twitter.com/cuh8Zog6O6

— Ranoj Pegu (@ranojpeguassam) September 25, 2024

প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে ছিৰাজুল হক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। হিন্দী বিভাগৰ শিক্ষক বসন্ত কলিতাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে বৰুৱাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। সহকাৰী শিক্ষক প্ৰসন্ন কুমাৰ ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে শিয়ালমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। বিজ্ঞানৰ শিক্ষক দীপিকা দেৱী শাস্তিমূলকভাৱে বদলি কৰা হৈছে দীননাথ হাইস্কুললৈ। সহকাৰী শিক্ষক আব্দুল জলিলক শাস্তিমূলকভাৱে বদলি কৰা হৈছে চেনীবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। সহকাৰী শিক্ষক চুনু বৰুৱাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। সহকাৰী শিক্ষক কল্যানী ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে কুঁৱৰীপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। ICT INSTRUCTOR হিমা ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে নগৰবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। কনিষ্ঠ সহায়ক বেদান্ত বৰুৱাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ।

লগতে বিদ্যালয়খনৰ তিনিগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো শাস্তিমূলকভাৱে বদলি কৰা হৈছে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী খৰ্গেশ্বৰী কলিতাক বদলি কৰা হৈছে বালিপতা হাইস্কুললৈ, পৱন চন্দ্ৰ ডেকাক বদলি কৰা হৈছে মহম্মদ আলী হাইস্কুললৈ আৰু সত্য ৰঞ্জন চহৰীয়াক বদলি কৰা হৈছে শংকৰদেৱ হাইস্কুললৈ। মঙলদৈ শিক্ষা বিভাগে জাৰি কৰে বদলি জাননী। আটাইৰে বিৰুদ্ধে শিক্ষা বিভাগৰ ফালৰ পৰা কৰা হ’ব বিভাগীয় তদন্ত।

উল্লেখ্য যে, ২৩ ছেপ্টেম্বৰ সোমবাৰে দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। শ্ৰেণী কোঠাৰ ভিতৰতেই দশম শ্ৰেণীৰ ৪ ছাত্ৰই প্ৰহাৰ কৰে ভৱেশ ডেকাক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভৱেশ ডেকাক মঙলদৈৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। দৰঙৰ পদুম পুখুৰী হাইস্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰা একাংশ ছাত্ৰই নৱম শ্ৰেণীত অধ্যয়ন কৰা এজন ছাত্ৰক আক্ৰমণ কৰে। এই ঘটনাৰ ফলত মৃত্যু হয় ভৱেশ ডেকাৰ। দেওবাৰৰ পৰাই তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

এই ঘটনাই উদঙাই দিছে ছাত্ৰ- ছাত্ৰীৰ নিৰাপত্তাৰ দিশ । শিক্ষক- শিক্ষয়িত্ৰী থকাৰ পাছতো এখন বিদ্যালয়ৰ শ্ৰেণী কোঠাত কেনেদৰে এই নৃশংস ঘটনা সংঘটিত হ’বলৈ পালে সেয়া এক ডাঙৰ প্ৰশ্ন। কি পৰ্যায়ত কিশোৰ- কিশোৰীসকলৰ অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে সেয়াও এক ডাঙৰ বিষয়।

Latest News