শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জনপ্ৰিয় অভিনেত্ৰী-এংকৰৰ ফটো ব্যৱহাৰ কৰি টকা সৰকোৱাৰ নতুন কৌশল, আৰক্ষীৰ জালত নুনমাটিৰ হেমেন বৰ্মন!

তথ্য অনুসৰি, চেলিব্ৰেটি এংকৰ, অভিনেত্ৰীৰ মৰ্ফ কৰা ফটো ব্যৱহাৰ কৰি টকা লুণ্ঠনৰ অভিপ্ৰায়ত নামিছে চাইবাৰ অপৰাধী। ছ’চিয়েল মিডিয়াত ডেটিং এপ খুলি চেলিব্ৰেটি এংকৰ, অভিনেত্ৰীৰ মৰ্ফ কৰা ফটোৰ পোষ্ট কৰি জাল পেলাই অপৰাধী চক্ৰই। টেলিভিচনত দেখি থকা এংকৰ অথবা ধাৰাবাহিক-চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে নৈশ উদযাপনৰ অফাৰ দিয়ে এইসকল অপৰাধীয়ে। কোনোবাই যদি তেওঁলোকে দিয়া অফাৰ প্ৰতি আগ্ৰহী হৈ পৰে লোকে হৈ পৰে টাৰ্গেট।

জনপ্ৰিয় অভিনেত্ৰী-এংকৰৰ ফটো ব্যৱহাৰ কৰি টকা সৰকোৱাৰ নতুন কৌশল, আৰক্ষীৰ জালত নুনমাটিৰ হেমেন বৰ্মন!
চাইবাৰ ক্ৰাইম
trishna-kalita
Trishna Kalita | Updated On: 08 Dec 2024 17:18 PM

 

সাৱধান!ফেচবুকত পেজত জনপ্ৰিয় অভিনেত্ৰী আৰু এংকৰৰ ফটো দেখি ভোল নাযাব। যাব বাবে সকলো হেৰুৱাব লগা হ’ব পাৰে আপুনি। প্ৰশাসন যিমানে কঠোৰ হৈছে সিমানে ন-ন কৌশল অৱলম্বন কৰিছে অপৰাধীয়ে অভিনেত্ৰী আৰু সংবাদমাধ্যমৰ এংকৰৰ মৰ্ফ কৰা ফটোৰে ফেচবুকত পেজ খুলি যৌনতাৰ বেহা চলাইছে অসমৰ চাইবাৰ অপৰাধীৰ। য’ত এংকৰ, অভিনেত্ৰী আৰু সুন্দৰীৰ সম্পাদিক ফটো পোষ্ট কৰি ফাইভ ষ্টাৰ হোটেলত নৈশ যাপনৰ প্ৰস্তাৱেৰে অপৰাধীয়ে লুটিছে কোটি কোটি টকা।

তথ্য অনুসৰি, চেলিব্ৰেটি এংকৰ, অভিনেত্ৰীৰ মৰ্ফ কৰা ফটো ব্যৱহাৰ কৰি টকা লুণ্ঠনৰ অভিপ্ৰায়ত নামিছে চাইবাৰ অপৰাধী। ছ’চিয়েল মিডিয়াত ডেটিং এপ খুলি চেলিব্ৰেটি এংকৰ, অভিনেত্ৰীৰ মৰ্ফ কৰা ফটোৰ পোষ্ট কৰি জাল পেলাই অপৰাধী চক্ৰই। টেলিভিচনত দেখি থকা এংকৰ অথবা ধাৰাবাহিক-চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে নৈশ উদযাপনৰ অফাৰ দিয়ে এইসকল অপৰাধীয়ে।কোনোবাই যদি তেওঁলোকে দিয়া অফাৰ প্ৰতি আগ্ৰহী হৈ পৰে লোকে হৈ পৰে টাৰ্গেট। তাৰ পাছত আৰম্ভ হৈ পৰে আচল খেলখন। আগ্ৰহ দেখুওৱাজনৰ সৈতে অপৰাধী চক্ৰই আৰম্ভ কৰে বাৰ্তালাপ।তাৰ পাছত আৰম্ভ হয় ধনৰ লেন-দেনৰ কথা। এটা নিশাৰ বাবদ ১০হাজাৰৰ পৰা ২০হাজাৰলৈ দৰ তোলে অপৰাধী চক্ৰই। এই সকলোবোৰ হয় অনলাইন প্ৰক্ৰিয়াৰ যোগেদি

মেজেজতে কথা পাতি দাম-দৰ মিলাৰ পাছত অনলাইনত ধন সৰকাই লয় অপৰাধী চক্ৰই। এটা নিশাৰ বাবদ ধন আগতীয়াকৈ লোৱাৰ পাছত ছ’চিয়েল মিডিয়াৰ একাউণ্টৰ লগতে ডিএক্টিভ কৰি দিয়ে WhattsApp। ধন আদায় দিয়াৰ পাছত ডিএক্টিভ হৈ যোৱা ছ’চিয়েল মিডিয়া আৰু WhatsApp ৰ একাউণ্ট দেখি মুৰে কঁপালে হাত দিব লগা হয় ভুক্তভোগীয়ে। তাৰ পাছত উপলব্ধি কৰে প্ৰৱঞ্চনাৰ কথা।এতিয়া এই কৌশল অৱলম্বন কৰি নিশাৰ ভিতৰতে বহু জনৰ পৰা লাখ লাখ টকা সৰকাইছে অপৰাধী চক্ৰই।

কিন্তু লাজ-ভয়ত আৰক্ষীৰ কাষ নাচাপে এনে ভুক্তভোগী লোকসকলে। ইয়াৰ মাজতে এইদৰে ফটো মৰ্ফ কৰি বিভিন্ন লোকৰ পৰা ধন লুটা চক্ৰটোৰ বিৰুদ্ধে CID ত গোচৰ তৰিছে এগৰাকী যুৱতীয়ে।তাৰ পাছতে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ফেচবুকত পেজ খুলি অভিনেত্ৰী আৰু এংকৰৰ ফটো ব্যৱহাৰ কৰি যৌনতাৰ বেহা চলোৱা চক্ৰটোৰ বিৰুদ্ধে তৎকালীন অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইয়াৰ মাজতে ডিজিটেল এৰেষ্টেৰে বহু কোটি টকা সৰকোৱা হেমেন বৰ্মনক বিচাৰি গুৱাহাটীত উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰ আৰক্ষী। ভয় ভাবুকিৰে নুনমাটিৰ ভৱানীপুৰৰ হেমেন বৰ্মনে দেশজুৰি চলাই আছিল লুটপাত। কিন্তু ডিজিটেল এৰেষ্টেৰে উত্তৰ প্ৰদেশৰ এগৰাকী যুৱতীৰ পৰা বুজন পৰিমানৰ ধন সৰকোৱাৰ পাছত ঘৰ এৰি পলাব লগা হ’ল হেমেন বৰ্মন। মুজাফৰনগৰৰ চাইবাৰ থানাত ভুক্তভোগী যুৱতীয়ে দাখিল কৰা এজাহাৰৰ আঁত ধৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে পোহৰলৈ আনে হেমেন বৰ্মনৰ চক্ৰান্ত।

এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটীৰ তিনিটা বেংক একাউণ্টৰ গৰাকীক আটক কৰিছে মুজাফৰনগৰ আৰক্ষীয়ে। ইফালে আৰক্ষীৰ জেৰাত মাহেকীয়া ভাড়াত হেমেন বৰ্মনক বেংক একাউণ্ট ব্যৱহাৰ কৰিবলৈ দিয়াৰ কথা স্বীকাৰ কৰিছে ধৃত জোস্না বেগম, মঞ্জুমা বেগম আৰু মইনুল হকে । এই ৩গৰাকী লোকক জেৰা চলাই থকাৰ মাজতে আৰক্ষীৰ জালত পৰিল হেমেন বৰ্মন। হেমেন বৰ্মনক লৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে মুজাফৰনগৰ আৰক্ষী। হেমেন বৰ্মনৰ পাছত উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব লাগিব বেংক একাউণ্ট ভাড়া দিয়া জোস্না বেগম, মঞ্জুমা বেগম আৰু মইনুল হক।